QUOTES ON #ভুলনুবুজিবা

#ভুলনুবুজিবা quotes

Trending | Latest
9 DEC 2018 AT 18:52

ভুল নুবুজিবা।
অব্দৰ আঁৰত বেলিটি লুকুৱাৰ দৰে শব্দবোৰো যেন ক'ৰবাত হেৰাই গল। সেয়েহে কথাবোৰ কব পৰা নগ'ল।তোমাৰ জীৱন জোনাকত জিৰাব পৰা নগ'ল।অস্তমিত বেলি গৈ দিগন্তৰ সিটো পাৰে থকা অন্য এখন দেশ পোহৰোৱাৰ দৰে মোৰ হেৰাই যাবলৈ ধৰা শব্দবোৰেও অন্য এটি তৰাৰ ফালে আকৰ্ষিত হ'ল ।কিন্তু তৰাৰ পোহৰ যে সঁচা নহয় অনুধাৱন কৰাত বহু পলম হ'ল,যাৰ বাবে তাতো উজুটি খাবলগীয়া হ'ল।মাথোঁ মনত ৰাখিবা,জিৰণি লোৱাৰ সৌভাগ্য নহলেও জোনাক মোৰ সদায়েই প্রিয়।

-



তুমি জানোঁ অপেক্ষা কৰিব নোৱাৰা
আমাৰ বন্ধুত্বৰ খাতিৰত ..
তুমি ভবাৰ দৰে ইমানো বেয়া হৈ
জন্মা নাছিলোঁ চাগে মই..
যি কৰিছে মই কৰা নাই ই মাথোঁ
মই কৰা বুলি অজুহাত হে আনৰ..

-



কথা দিব নোৱাৰো বুলিয়ে
ভুল নুবুজিবা ,
মোৰ প্ৰতি তোমাৰ
অহেতুক অনুৰাগ
অনুভৱ কৰিব পাৰোঁ মই
অন্তৰৰ নিভৃতৰ পৰাই |
কিন্তু মই নিৰুপায়,
হৃদয়খন যে মোৰ
কাৰোবাৰ মৰমৰ অধীন
সঁপি দিলোঁ আন কাৰোবাক !

-


6 DEC 2018 AT 14:29

তোমাৰ বাবে
আজি পাচঁটা বছৰ অপেক্ষা কৰা
অন্ততঃ
আজিৰ দিনত বহুত ডাঙৰ কথা .....
মই তোমাক একমাত্ৰ ভালপোৱাৰ
বাবেই তোমাৰ বাবে সকলো ত্যাগ কৰিলোঁ ।
মই কোনো ভুল কৰা নাছিলোঁ ...
তোমাৰ দেউতাই তোমাক মোৰ পৰা
আতৰাবলৈ এই এনে কৰিছে .....
এবাৰো বিশ্বাস নহয় তোমাৰ মোলৈ ....?

-


7 DEC 2018 AT 0:32

তোমাৰ প্রেমত বাউলি হৈ কবিতা ময়ো লিখিব খোজো,
কিন্তু যেতিয়াই প্রকৃতিৰ অকপট সৌন্দৰ্য্যৰ
পৰা চকুযুৰি আঁতৰি যায়,
তেতিয়া বাস্তৱ পৃথিৱীৰ ভয়ানক ৰূপ দেখি
সুন্দৰ প্রেমৰ অনুভূতিৰ ইচ্ছাখিনি
যেন ক'ৰবাত হেৰাই যায়!

-


6 DEC 2018 AT 14:30

তোমাৰ প্ৰতিটো প্ৰস্তাৱ গ্ৰহণ কৰিব মই নোৱাৰিম।
তুমাৰ সুখৰ কাৰণে মা দেউতাক কষ্ট দিব নোৱাৰি,
তুমি ভূল বুজিছা মই তোমাৰ কথা নাভাবো বুলি কিন্তু মই যে মানুহজনীয়ে এনেকুৱা,,, 😢😢 কাৰো আগতে মনৰভাব প্ৰকাশ কৰিব নোৱাৰো। জানো এইয়া মোৰে ভূল। তাৰ মানেই জানো মই তোমাক ভাল নাপাওঁ???

-


6 DEC 2018 AT 15:16

তোমাক যে ভালপাওঁ
কিয় জানো বাৰে বাৰে কবলৈ মন যায়..
ভুল হ'লে নুবুজিবা..

-


6 DEC 2018 AT 16:12

আজিও তুমি
মোৰ বুকুতে আছা
আছে একেদৰেই
তোমাৰ সকলো স্মৃতি
মাথো সলনি হ'ল সময়
সলনি হ'ল আমাৰ জীৱন
বাঢ়ি আছে
জীৱনৰ হেপাঁহ আৰু সপোন
ঠাই ল'লে আন বহুতো কথাই
আমাৰ প্ৰয়োজনীয়তাত ।।

-


6 DEC 2018 AT 14:56

ভুল নুবুজিবা তোমাৰ আব্দাৰ বন্দী তোমাৰ মুনপ্রিয়া জনী, তুমি প্ৰতিটো কথাতে কোৱা তোমাৰ পাগলী জনী এতিয়া আৰু তোমাৰ হৈ থকা নাই।

কিয়? তুমি আজিও ভাল দৰে জানা। ভুল নুবুজিবা তুমি, মই কেতিয়াও তোমাৰ হবগৈয়ে নোৱাৰিলো ।😢😢😢

-


6 DEC 2018 AT 22:57

তুমি মোক ভুল নুবুজিবা ,
আজিয়ো বহুত ভাল পাওঁ তোমাক,
খংতে বহুত গালি দিলোঁ
বেয়াকে কিবা কিবি কৈওঁ দিলোঁ
জানা একোৱে কব খোজা নাছিলো,
কিন্তু নাজানো কিয় এনেকৈ কৈ দিলোঁ
বহুত বেয়া লাগে ওঁ যেতিয়া
তোমাৰ ফোনত বেলেগৰ নাম্বাৰ দেখিবলৈ পাওঁ
খং কৰিলোঁ কাৰণে
তুমি মোক ব্লক কৰিয়ে দিলা
এনেকৈ কোৱাৰ কাৰণে
মোক ক্ষমা কৰিবা ভুল নুবুজিবা প্লিজ 😐😐

-