KakoLi BhaRali   (© .... অৰণ্যানী 🦋)
212 Followers · 118 Following

নকওঁ বুলি ৰাখি থোৱা কথাৰ নৈখন কলমে নিগৰে ...

সহস্ৰ কথানদী ইয়াতে বৈ থাকে ...
🌸🌸💚💚
Joined 28 October 2018


নকওঁ বুলি ৰাখি থোৱা কথাৰ নৈখন কলমে নিগৰে ...

সহস্ৰ কথানদী ইয়াতে বৈ থাকে ...
🌸🌸💚💚
Joined 28 October 2018
26 AUG 2024 AT 21:33

যি শ্ৰী কৃষ্ণই এক আঙুলিৰে পৃথিৱী তল ওপৰ কৰিব পাৰিছিল , সেই শ্ৰী কৃষ্ণই শিশুপালৰ এশ ভুল ক্ষমা কৰিছিল |
যি শ্ৰী কৃষ্ণই গোটেই পৃথিৱীৰ ভৰ বহন কৰিছিল সেই শ্ৰীকৃষ্ণই নিজকে দূৰ্যোধনৰ হাতত বন্দী হ'বলৈ দিছিল |
যি শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰই সূৰ্য্য ঢাকিব পাৰিছিল সেই শ্ৰীকৃষ্ণই কালীয়াৱন অসুৰৰ পৰা পলাই গৈ গুহাত প্ৰৱেশ কৰি লুকাই আছিল |
অৰ্থাৎ অহংকাৰীৰ অহংকাৰৰ জয় হ'বলৈ দিয়াটোৱেই তেওঁলোকৰ প্ৰথম পৰাজয় |
কেতিয়াবা আমি চকুৰে দেখা ঘটনাবোৰো সত্য নহয় , আৰু কেতিয়াবা আনক জয়ী হ'বলৈ দিয়াটোও সময়ত আমাৰ ডাঙৰ জয়ৰ কাৰণ হ'ব পাৰে | প্ৰতিটো প্ৰতিক্ৰিয়া কৰাৰ আগত মনত ৰখা উচিত ঈশ্বৰেই সত্য আৰু সময়তকৈ শক্তিশালী কোনো নাই |

-


26 JUL 2024 AT 18:42

যিয়ে আপোনাৰ ভাবনাক বুজি পোৱাৰ পিছতো কষ্ট দিয়ে , তেনে ব্যক্তি কেতিয়াওঁ আপোনাৰ আপোন হ'বই নোৱাৰে |

-


25 APR 2024 AT 11:22

ভুল একোটা লগত লৈ মানুহে যেতিয়া উপলব্ধি নকৰি অহংকাৰত ওলোটাই আনক দূৰ্ব্যৱহাৰ কৰে , থাকিম বুলি জেদত লগ দি থকা মানুহো আৰু ৰৈ থাকিব নিবিচাৰে | অনাদৰ - অচিনাকীতকৈ গধুৰ |
উশাহ ল'বলৈ মুক্ত হৈ ওলাই অহাটো দৰকাৰী | নতুন বাট এটাৰে .......

-


22 MAR 2024 AT 19:18

মোৰ হৈ থাকা বুলি কলেই মানুহ থাকি যাব নোৱাৰে , যত্ন কৰি ৰাখিব পাৰিব লাগিব | যত্ন কৰি নোথোৱাৰ ফলত ভাল কিতাপ এখনো হাবিত পৰি ৰয় |

-


22 MAR 2024 AT 19:16

দ্বিতীয় বাৰ বিশ্বাস কৰিবলৈ বেয়া পোৱা নাযায় | ভয় কৰা যায় |

-


22 MAR 2024 AT 19:13

এখন নতুন চহৰত

দিনতোৰ শেষত ভাগৰুৱা মই
মনুহৰ ভিৰৰ মাজত
দিঙি মেলি সেই এজন ব্যক্তিক বিচাৰি
চকুহাল আঁতৰাই তলমুৰ কৰি আঁতৰি আহিলো

মানুহ জন হয়টো মুকলিত নাই
যন্ত্ৰৰ মাজত স্বচিত্ৰত
মোবাইলৰ অলিয়ে গলিয়ে
বগাই ফুৰিছে |
চহৰৰ সৰু সৰু কথা
মই যি ভাবিম সেইয়া মোৰ অজ্ঞান
মিছাৰ বুকুচাত খেলি ফুৰা জ্ঞানীৰ যে ভিৰ |

আচলতে সেইখন চহৰ
মুকলিত নাই
মিছা বোৰৰ মনত আছে |

-


23 DEC 2023 AT 21:40

মৰণ যন্ত্ৰণা

গধূলীতে সংসাৰৰ দুখ- সুখ বোৰ বুকুত সামৰি দিগম্বৰ শুই পৰিল | অৱশ হৈ শুই যোৱা মনুহটো লাহে লাহে নিথৰ হৈ পৰিল |
পুৱতি শুৱাপাটি এৰি উঠি অহাৰ নামগোন্ধ নলৈ শৰীৰটো পৰি থাকিল বিচনাতে | সি আৰু নুঠে |
কোনো দিনে কাৰো ভাল মাত এষাৰ শুনি নোপোৱা দিগম্বৰৰ ঘৰৰখন সেইদিনা তাক ভাল পোৱা মানুহেৰে ভৰি পৰিল |

-


3 JUN 2023 AT 11:02

আনৰ আগত মানুহজন ভাল বুলি ক'ব পৰাতকৈ
মানুহজনৰ লগত তুমি ভালে থকা টো বেছি দৰকাৰী

-


28 DEC 2022 AT 21:03

এদিন এনেকৈয়ে নতুন দিনৰ আৰম্ভ হ'ব ,
এই যে ফাগুন ....
শুকান , লঠঙা অথচ ৰঙীন ,
তাতকৈ আৰু কিছু ভাল হ'ব |

বুকুত দগমগাই থকা তেওঁৰ অস্তিত্ববোৰ
লাহে লাহে ম্লান পৰিব ,
নতুন পুৱাৰ কোমৰ পৰশত বুকু শিয়ৰি ,
প্ৰেম জানো আকৌ নহ'ব ?

এনেকৈয়ে নতুন দিনৰ আৰম্ভ হ'ব ,
তেওঁ নোহোৱা হ'ব ,
আৰু ....
মই মোৰ হ'ম ||

-


8 NOV 2022 AT 23:46

যিদিনা খন তুমি বুজিবা তোমাক কোনোবাই নিজতৈও ভালপাইছিল ,
সেই দিনাখনলৈ তেওঁ তোমাক ভাল পোৱা দিবলৈ পাহৰি পেলাব ...

-


Fetching KakoLi BhaRali Quotes