ছােৱালীৰ জীৱন
🙏🙏🙏🙏🙏
ছােৱালী হৈ জন্ম লােৱাটো
সঁচাকৈয়ে পাপ নেকি ?
সকলাে সময়তে তাচ্ছিল্য অপমানিত
হ'ব লাগিব নেকি আনৰ পৰা ?
ছােৱালী বুলিয়েই কি সকলাে সময়তে
অন্যায় অত্যাচাৰ সহ্য কৰিব লাগিব ?
কু - প্ৰভাৱ , কু - প্রথা , কু - কথা
সদায়ে শুনি থাকিব লাগিব নেকি
আনৰ পৰা নে সন্মান পােৱা যাব কেতিয়াবা ?
ছােৱালী বুলিয়েই সকলাে সময়তে
ভয়াতুৰ হৈ জীৱন কটাব লাগিব নেকি
আনৰ পৰা নত হৈ ,
নে কেতিয়াবা মাথা উঠাই
দিয়া যাব প্রত্যুত্তৰ ,
কাকো খাতিৰ নকৰাকৈ
নিশ্চিত ভাৱে চকু মুদি ,
নিজৰ ওপৰতে ভৰসা ৰাখি ।
ছােৱালী হৈ জন্ম লােৱাটো ভুল নেকি
যে নিজৰ কোনাে দুখ কষ্ট যন্ত্রণা
স্পষ্ট হৈ থাকিব নােৱাৰিব ?
সকলাে লুকুৱাই ৰাখিব লাগিব নেকি
আনৰ পৰা আনে নজনাকৈ
ছােৱালী কাৰণে কি তাইৰ কষ্টবােৰৰ
কোনাে গুৰুত্ব নাথাকিব নে ?
ছােৱালীবােৰৰ প্ৰতি কি কাৰাে কোনাে
দায়িত্ব থাকিব নােৱাৰে নেকি ?-
মোৰ জীৱনৰ সকলো কেইটা দিনে এতিয়া bla... read more
মাজে মাজে নিজকে বৰ অকলশৰীয়া অনুভৱ কৰোঁ তেতিয়াই কিবা নহয় কিবি লিখোঁ দিওঁ নিজকে সান্তনা দিবলৈ।
-
বোৱাৰী আনিব গৈ আছা ভাল কথা ইয়াত আকৌ মাক কিয় কৈ যোৱা "তোমাৰ কাৰণে চাকৰাণী আনিব গৈ আছোঁ" এনে হ'লে ৰাস্তাই ঘাটে বহুত আছে কাৰোবাৰ ঘৰত নহয়।
এনেকুৱা ঘটনা এতিয়াৰ সমাজত বহুত হোৱা পৰিলক্ষিত হয়। প্ৰথম প্ৰথম সকলো ঠিকেই পাছত হে আচল ৰূপ ওলাই পৰে। বোৱাৰীক বোৱাৰীৰ দৰেই আচৰণ কৰা কাম কৰা মানুহৰ দৰে নহয়।🙏-
যেতিয়া নিজৰ মানুহজনেই বুজি নাপায়,
তেতিয়া আনে কি ঘেণ্টাটো বুজি পাব।-
যিসকলে তোমাৰ সামান্য বিষাদপূৰ্ণ সময়ত সুখী হয়,
বিশ্বাস কৰা সেইসকলেই তোমাৰ মৃত্যুত সকলোতকৈ বেছি ধন্য হ'ব।💔-
এগৰাকী বোৱাৰীৰ ভাৱেৰে
✨✨✨✨💞✨✨✨
এতিয়া তোমালোকৰ কথা
বহুত মনত পৰে অ' মা আব্বা
আব্বা জানানে আগত যে মই অলপ
কাহিলেই তুমি ঔষধেৰে ভৰাই দিছিলা
আজি আৰু সেইদিন নাই আব্বা
এতিয়া কিবা হ'লে
নিজেই বিচাৰি ফুৰিব লাগে সেইবোৰ
সুস্থ থাকিবলৈ।
আগতে যে তোমালোকে
বৰষুণত তিতিলে গালি পাৰি
জ্বৰ কাহ হোৱাৰ ভয় দেখুৱাইছিলা নহয়
এতিয়া সেইদিনবোৰ স্মৃতি হৈ গ'ল অ' মা ।
এতিয়া আগৰ দৰে মোক কোনেও নকয়
জ্বৰ হ'ব বৰষুণ পৰি আছে
বাহিৰত নাযাবা!
আগতে অসুস্থ হোৱাৰ ভয়ত
বৰষুণত তিতিবলৈ দিয়া নাছিলা
আৰু আজি চোৱা অসুস্থ হৈয়ো
বৰষুণৰ মাজত অনাই বনাই ফুৰিবলগীয়া হৈছোঁ।
আগতে অলপ কিবা বনাই খুৱালে
ভাল নহ'লেও যে কৈছিলা ভাল হোৱা বুলি
আজি মোৰ আৰু সেইদিন নাই অ' মা আব্বা।
তথাপিও সকলোৰে মুখত এটাই জপ
" কি কৰিছাঁ গোটেটো দিন"💞-
যেতিয়া মানুহ এজন সকলোৰে ওচৰত অপছন্দৰ হৈ পৰে, তেতিয়া তাৰ ভাল লগা কথাতো দোষ বিচাৰি উলিয়ায়।
-
বৰষুণ
মৰমৰ বৰষুণজাক আজি
বৰকৈ আমনি কৰে
আগৰ দৰে ভন্টিহঁতৰ লগত
আনন্দ উপভোগ কৰিবই
যে নোৱাৰোঁ ।
বৰষুণ জাকৰ লগত
খেলিব হাঁহিবৰ বৰ মন যায়
উভতিবৰ বৰ মন আগৰ স্থানলৈ
কিন্তু সকলো যেন থমকি গ'ল
এক শূণ্য স্থানত।-