জীৱনে আমাক সুযোগ দিয়ে,
বিভিন্ন ক্ষেত্ৰত দিয়ে
বিভিন্ন ধৰণে দিয়ে,
ভুল আমাৰ যে আমি গ্ৰহণ কৰিব নাজানো ।-
Follow me in Instagram too as
rupalimsarma24
কোনোবাই যদি সৰু সৰু
কথাতে সুখ বিচাৰি পায়,
কাৰো অনিষ্ট নোহোৱাকৈ
সেই সুখ খিনি তেওঁক ল'বলৈ দিয়াতনো
কিয় কৰিব লাগে আপত্তি ☺️
সুখ-শান্তি-আনন্দ বিয়পাওক,
ঈৰ্ষা-হিংসা এইবোৰ দুদিনীয়া জীৱনটোত
বৰ ক্ষন্তেকীয়া বস্তু ।।-
কোনোবাই যদি সৰু সৰু
কথাতে সুখ বিচাৰি পায়,
কাৰো অনিষ্ট নোহোৱাকৈ
সেই সুখ খিনি তেওঁক ল'বলৈ দিয়াতনো
কিয় কৰিব লাগে আপত্তি ☺️
সুখ-শান্তি-আনন্দ বিয়পাওক,
ঈৰ্ষা-হিংসা এইবোৰ দুদিনীয়া জীৱনটোত
বৰ ক্ষন্তেকীয়া বস্তু ।।-
শত্ৰুতা কৰিবলেও মানুহৰ যোগ্যতা থাকিব লাগে!
নীচ মানুহৰ লগত শত্ৰুতাও কৰা নাযায়🤮
ইমান আচৰিত ধৰণে নিলাজ, খকুৱা, ভদ্ৰতা-সভ্যতাৰ জ্ঞান নথকা, আনকি নিজৰেই কথাৰ মূল্য নোহোৱা মানুহৰ কথাত লাগি নিজৰেই সন্মান হানি কৰা যেন হৈ আছে🫣
নিজৰ জীৱনটো এতিয়াৰ পৰা এইধৰণৰ মানুহৰ কোনোপ্ৰকাৰৰ ছায়াও নপৰাকৈ ৰাখিম💚
কাৰো কথাই আমনি দিব নোৱাৰাকৈ নিজক শক্তিশালী কৰিম,কেৱল নিজৰ কৰ্তব্য, কৰ্মৰ মাজেৰে নিজক বিচাৰিম❤️
ভগৱান আছে সেই নৰৰূপী পিশাচ বোৰক উচিত সময়ত উচিত শাস্তি দিবলৈ 🙏🙏🙏-
আমি বুজি পোৱালে বহুত পলম হৈ যায়,
কিন্তু কিছুমান মানুহ সন্মান-ভালপোৱা,
ভাল ব্যৱহাৰৰ যোগ্যয়ে নাথাকে,
তেওঁলোকৰ সংস্পৰ্শত থাকি
নিজৰ ভাল অনুভূতিবোৰক
কষ্ট দিয়াটো আচলতে নিজৰহে মূৰ্খামি !
সম্পৰ্ক-মৰম-ভালপোৱা-শ্ৰদ্ধা-সন্মানৰ
তেওঁলোকৰ ওচৰত কোনো মূল্য নাথাকে,
মানুহৰ মনত বিষবাষ্প বিয়পাই
পৰিৱেশ দূষিত কৰাতেই তেওঁলোকৰ শান্তি,
এখন ভাল শান্তিময় সমাজৰ চেষ্টা
তেওঁলোকৰ চিন্তাই বহুদূৰ
ঢুকি নোপোৱাকৈ উৰ্ধত!
সকলো কথা, সকলো মানুহ
ক্ষমাৰ যোগ্য আচলতে নহয়,
মানুহক বয়স,পদ অনুসৰি নহয়,
তেওঁলোকৰ স্বভাৱ অনুসৰি
ব্যৱহাৰ কৰিব লাগে ।।
যেনে শিয়াল তেনেই ডাঙৰ টাঙোন
ব্যৱহাৰ কৰিব লগা সময় এয়া !!-
বিষাক্ত কথা কোৱা
কম কথা কোৱা মানুহতকৈ,
মৌবৰষা কথা কোৱা
বেছি কথকী মানুহেই ভাল ।।
মানুহৰ আগত ভালৰি বুলাই মানুহৰ পিছত
আনৰ কাণত ফুচফুচাই থকা
সমাজৰ আগত
কম কথা কোৱা অভিনয়ৰ মানুহতকৈ,
বেছি কথা কৈ প্ৰতিটো শব্দত
সমাজত ভাল বাৰ্তা পঠাব বিচৰা
মানুহবোৰেই শ্ৰেয় ।।
মানুহ হৈ জন্ম হৈছা মানুহৰ লক্ষণ লোৱা,
সাপৰ দৰে বিষবাষ্প কিয় বিয়পোৱা ?!?
-
কথাবোৰ আকৌ এবাৰ
ভবাটো ভাল...।
শেষ কৰি দিবলৈ যে
সকলো সহজ !
কষ্ট হয় এটি নতুন আৰম্ভণিৰ বাবে,
কষ্ট হয় আগবঢ়াই নিবলৈ.....
-
উচ্চাকাংক্ষা অথবা সপোনৰ
কোনোৱে নিৰ্ধাৰণ কৰি
দিব পৰাকৈ কোনো সীমা নাথাকে,
যদিওবা বিচাৰিব জানিলে
সৰু সৰু ভাললগা বোৰত প্ৰাপ্তি বেছি....
এই কথাবোৰকে অলপ বেলেগ ধৰণে ক'লে,
মানুহে যেতিয়া জীৱনৰ
সকলো ভাললগা হেৰাই পেলাই,
তেতিয়া তেওঁ প্ৰতিটো সৰু সৰু
ভাললগাকে আলফুলে সামৰি ল'ব বিচাৰে 💚-
"তাৰপিছত?"
" তাৰপিছত কি! একো নাই, ডা ইন্দ....খটম লাভ ষ্টোৰি....."
" সচাকৈনে? আৰু যদি সি তোমাৰ লাইফত ঘূৰি আহে?"
" আকৌ উভটি যাব"
"কিয়? তুমিও চোন তাক ভালপোৱা!"
" ভালপাওঁ, গোটেই জীৱন সি মোৰ প্ৰাৰ্থনাত থাকিব, পপীয়া তৰা দেখিলে এতিয়াও তাৰ কথাকে কও,সি ভালে থাকক। মাজৰাতি আকাশখন চাবলে এতিয়াও ওলাই যাও, সি কোৱা কথাষাৰ মনত কৰি এটি হাঁহি মাৰি আকৌ আহি শান্তিত টোপনি যাও, এতিয়াও যে আমি একেখন আকাশৰ তলতে আছোঁ..."
" তেতিয়াহ'লে?"
" সকলো কথাৰ কাৰণ নাথাকে, মই এতিয়া একেশাৰী কথাকে আওৰাও আৰু এনেকৈয়ে আমাৰ ভালপোৱাক সীমাৰ ভিতৰত আৱদ্ধ কৰি ৰাখি থৈ দিলোঁ, এটি আধৰুৱা অথচ বহুত ভাললগা প্ৰেম কাহিনী !"
" কোৱাছোন কি সেইশাৰী?"
" যাক তুমি ভালপাবা তেওঁৰ লগত বিয়াত নবহিবা.....
তেওঁৰ বাবে ৰুই ল'বা বুকুত এজোপা গছ, ছায়া দিয়া গছ...."
.…...-
তোমাক পাবলে আকাংক্ষা কৰা নাই,
কিন্তু তোমাৰ হৃদয়ত "মই" সদায় "মই" হৈ থাকিব বিচাৰো ❤️-