নিলাক্ষী চাংমাই   (📝Nilakshi Changmai)
1.0k Followers · 44 Following

read more
Joined 10 May 2018


read more
Joined 10 May 2018

সকলো মুহূৰ্ততে মোৰ দুহাত খামুচি তুমিয়ে আছা
মন বেয়া লাগিলেও হাঁহি এটি হৈ সমুখত ধৰা দিয়া
আজি ইটো নাই বুলি ক'বহে পালোঁ
ভাৰে-ভেটিয়ে টোপোলা এটি আনি হাতত গুজি দিয়া,সমাজে নকয় কি
সমাজৰ চকুত হেয় হ'বলৈতো সুখী হৈ দেখালেই
যথেষ্ট,সমালোচকৰ কুটিল চকুত পৰিবাই পৰিবা...
এনে সমাজ নালাগে যি আনৰ সুখ দেখি ঈৰ্ষাৰ দাবানলত দহে
তুমি আছা
দুখন ঘৰ আছে
আমাৰ বাবে আশিস লৈ
আৰু কি লাগিছে
জীৱনৰ অমিয় সুধা পান কৰিবলৈ !
তুমি আছা মোৰ সৰু পৃথিৱীখনক জীপাল কৰিবলৈ
কথা দিলোঁ তোমাক
সদায় থাকিম কাষত জনম-জনমলৈ ।

-



জীৱনে আমাক বিচৰা খিনি কেতিয়াও সহজে নিদিয়ে।
অভিলাষ পূৰণৰ বাট নিজেই কাটিব লাগে...
সহজ নহয় এই পথ
তথাপি যাত্ৰাপথত নোপোৱাক পোৱাৰ অন্বেষণৰ
এক সুকীয়া আমেজ আছে ।

-



দিন মাহ বাগৰি বছৰ বাগৰিল । আঙুলিৰ ফাঁকেৰে সৰি পৰিল সময় । এটা বৰ্ষই মাগিলে মেলানি । ইংৰাজী নৱবৰ্ষই সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ-শান্তি, সমৃদ্ধিৰ বতৰা । নতুনৰ ভেটিত ন সপোনৰ ডিঙা,
বৰণীয়া হৃদয়ত আশাৰ পালতৰা নাও মেলি সকলোৰে জীৱন মধুময় হৈ পৰে যেন ।শুভ নৱবৰ্ষ ২০২৩

-



হাজাৰটা ভুল কৰিছা বুলি জনাৰ পিছতো তোমাৰ লগত ... মাথোঁ তোমাৰ দুচকুত ফুটি উঠা
একাঁজলি নিৰ্ভেজাল ভালপোৱাৰ বাবে।

-



মানুহে যে মানুহক নুবুজাকৈ বেয়া পায় বৰ দুখ লাগে প্ৰথম। নিজৰ ক্ষেত্ৰত এই পৰিস্থিতিৰ মুখামুখি হৈছোঁ বাবেই অনুভৱ কৰিব পাৰোঁ। প্ৰথমে দুখ লাগে এইটোৱে ভাবোঁ সিঁহতে মোৰ বিষয়ে বেয়া ধাৰণা এটা কৰি ল'বই কাৰণ তেওঁলোকৰটো বিবেচনা শক্তি নাইয়ে সেই সময়ত কি পৰিস্থিতিত পৰি আছোঁ।

-



টোপনিবোৰ দেখোন হেৰাল...

সপোনত ভূত দেখি উচপ খাই উঠি
আইতাক সাৱটি শুই যোৱাৰ বয়স
নাই দেখোন এতিয়া...
পঢ়াৰ টেবুলত বহি কিতাপত মুখ গুজি
সপোন খেদি ফুৰাৰো দিনবোৰ হেৰাল..
অৱশ্যে
সময়ে কোবাই যোৱা কালৰ সোঁতত
নিজকে হেৰুৱাই পেলোৱাৰ আশংকাতো টোপনি নোহোৱা হয়..
ভৰি তলৰ মাটিখিনি ধৰি ৰখাৰ আপাহতো
টোপনি নোহোৱা হয় ।
দূৰণিৰ পথাৰত বাট হেৰুৱাই ঘৰমুৱা হোৱাজনৰ
চৌকাত কেতিয়াবা এঙাৰ সৰি নপৰে
ৰাতি এপৰলৈ মাকৰ সৈতে পোনা দুটিও উজাগৰে থাকে,
যেতিয়ালৈ ঘৰখন ঘৰ হৈ থাকে ।
উজাগৰে সপোন খেদি ফুৰাৰো
অন্য এক আমেজ আছে,
বাৰ্ধক্যই কোঙা কৰক বা নকৰক
আমাৰো দেখোন চকুৰ পতাত দুপৰ নিশা
টোপনিয়ে ভুমুকি নামাৰে ..!

-



জীৱনলৈ অহা মানুহবোৰক চিনি পোৱাটো খুবেই প্ৰয়োজন। সঠিক মানুহৰ সংগই জীৱন গঢ় দি তুলিব পাৰে আৰু এজন ভুল মানুহৰ সংগই জীৱনটো ধ্বংসৰ মুখলৈও ঠেলি দিব পাৰে।

-



চাকৰি জীৱনৰ এক স্মৰণীয় দিন আজিৰ দিনটো । এবছৰ সম্পূৰ্ণ হ'ল আজিৰ দিনটোতে কৰ্মজীৱনৰ পাতনি মেলাৰ । জীৱনত এইটো দিনৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছিলোঁ । নিজৰ লগতে মা-দেউতাৰো সপোন বোৰ পূৰ্ণতা পাইছিল আজিৰ দিনটোতে ❤️।

-



নিজৰ মনটোক নিজৰ বাহিৰে আন কোনোৱে বুজিব পৰা ক্ষমতা নাথাকে । কাষত যিমানে আপোনজন নাথাকক কিয় কোনো মানুহৰ এনে সাধ্য নাই যিয়ে আপোনাৰ বুকুৰ আৰ্তনাদ নোকোৱাকৈ বুজি উঠিব । হাঁহিৰ আঁৰৰ চকুলোবোৰ আপুনি নিজেই মচিব লাগিব, জীৱনলৈ অহা ধুমুহা বোৰতো কাতৰ নহৈ পুনৰ জী উঠিব লাগিব ।চৌপাশৰ পৃথিৱীখন ইমানেই জটিল, দুখৰ আঁৰ কাপোৰ উদঙাই দিলেই দুখবোৰ শেষ হৈ নাযায় ।

-



এজন ব্যস্ত পুৰুষৰ আত্মগাঁথা ..

ব্যস্ততাৰ সোঁতত নিজক উটুৱাই দিব
নোৱাৰো বাবেই দিনটোৰ দুখ-ভাগৰৰ পিছতো
তোমাৰ এষাৰি মাত বিচাৰোঁ,
হাজাৰ মূহূৰ্ত দুচিন্তাত পাৰ হৈ গ'লেও
তোমাৰ ওচৰত এটি শিশু হৈ পৰোঁ,
তোমাৰ অলপ মৰমে যেন দিনটোৰ অৱসাদ আঁতৰাই
এচলু শান্তিৰ নিজৰা বোৱাই মনত..
তুমিতো একেই আছিলা
অথচ মই হে শিশু হৈ ৰ'লোঁ তোমাৰ ওচৰত
তোমাৰ মৰম আকলুৱা দেৱশিশুটি হৈ..
চোৱা ইয়াতো যেন জী উঠিছে ভালপোৱাবোৰ
মই অভিমানী হৈ আবদাৰ জুৰিছো তোমাক
মোক অলপ মৰম দিয়া ,মোক অলপ ভালপোৱা দিয়া...হাজাৰ ব্যস্ততাইও দূৰত্ব আনিব নোৱাৰাৰ বাবেই দিনটোৰ শেষত তুমিয়ে মোৰ শেষ আশ্ৰয়...ইয়াৰ পিছতো কওঁ তুমি অভিমানী নহ'বা,
আমিবোৰ পুৰুষ বাবেই সময় দিব নোৱাৰো কৰ্তব্যৰ খাতিৰত ,তথাপি কঢ়িয়াই লৈ ফুৰোঁ হৃদয়ত তোমালোকৰ মৰম অভিমানভৰা একাঁজলি প্ৰেৰণা..!

-


Fetching নিলাক্ষী চাংমাই Quotes