QUOTES ON #ভালপোৱাৰকবিতা

#ভালপোৱাৰকবিতা quotes

Trending | Latest
8 AUG 2020 AT 23:18

আজি নিশা বিষাদ উদযাপন কৰিম
তোমাৰ স্মৃতিবোৰৰ সৈতে
সাক্ষী হৈ ৰ'ব তোমাৰ নামৰ প্ৰতিটোপাল চকুলো
বুকুত বাজি উঠিব মেঘমল্লাৰ ৰাগ--
" তোমাকেই ভাল পাই ৰম আজীৱন.. "

-


25 OCT 2020 AT 9:08

মই জীৱন ভালপাওঁ

মই আকাশ ভালপাওঁ
মই বতাহ ভালপাওঁ
ভালপাওঁ ৰ'দসনা ৰাতিপুৱাবোৰ,
ৰ'দঘাই দুপৰীয়াবোৰ
আৰু দিনৰ শেষৰ চিকিমিকি সন্ধিয়াবোৰ|
শৰতৰ স্নিগ্ধতাই মোক প্ৰশান্তি দিয়ে,
হেমন্তৰ তাগিদাত সৰিপৰা পাতবোৰে
জীৱনৰ প্ৰকৃত সত্যক উপলব্ধি কৰোৱায়|
শীতৰ আগমনিৰ বতৰা দিয়া বৰষুণজাকৰ
বালিচন্দাসদৃশ টোপালবোৰে জীপাল কৰে মোৰ হৃদয়ৰ নিভৃত কোণ |
বসন্তৰ ফুলবোৰে মোক উদ্ বাউল কৰে
আৰু সেউজীয়াবোৰে শীতে লঠঙা কৰা মনটোক পুনৰাই প্ৰাণোচ্ছল কৰি তোলে |
ইমানবোৰ ভালপোৱাৰ বিনিময়ত
মই কোন সতে কওঁ
মৃত্যু সহজ বুলি !
মৃত্যু সহজ নহয় মোৰ বাবে |
বৰঞ্চ জীৱন ধুনীয়া
এই পৃথিৱীখন ধুনীয়া |
পৃথিৱীৰ প্ৰাণবোৰ ধুনীয়া |
মই প্ৰেমত পৰো মোৰ জীৱনৰ স'তে - প্ৰতিমূহুৰ্তে |

-


17 AUG 2020 AT 22:11

**মোৰ হেঁপাহৰ পৰিধি তোতেই ব্যাপৃত**
তোৰ চুলিৰ আগত উলমি থাকক
মোৰ অফুৰন্ত হেঁপাহৰ শ শ পখিলা;
কাণৰ কাষত গুণগুণাই থাকক
শৰতৰ শেৱালীজাকৰ মাজৰ
এটি নজহা শুকুলা কবিতা;
মণিবন্ধত সৰ্বদা খেলি থাকক
আমাৰ দুটি অভিমান হালধীয়া।।
কেতিয়াও জোৰ নকৰাবি লিখিবলৈ
মোক হৃদয় ভঙাৰ গল্প দুপৰ নিশা(!)
হিয়াজালীটো গচ্ছিত ৰাখি
ৰিক্ত বুকুৰে জী থকাটোতো
হ'ব নোৱাৰে সঁচা ভালপোৱা!!
আজৰি পৰত কাঞ্চনজুপিৰ তলত
মেলি দিম দুয়ো অনুৰাগৰ চিলা,
পৰিশ্ৰান্ত কায়াই মুকলিকৈ পাতিবলৈ
জোনাকীৰ পথাৰত সুখ-দুখৰ মেলা।।

-


17 AUG 2021 AT 22:11

#কক্ষপথ

অচিনাকী এই ঠাই!
নৈৰ বুকুত মেলি দিছোঁ,
ৰ‌ঙা চিয়াঁহীৰে বিষাক্ত; এটি কবিতা।
"আপুনি কেনে আছে?"
নুসুধিব মোক !!

মাজৰাতি সাৰ পাই
কোনোবাই কান্দে!
টাপলি মৰা শব্দবোৰ ঘূৰি ফুৰে,নিৰৱে..
ভালপোৱাৰ কক্ষপথত।।

-



আপুনি প্ৰিয় আছিল...
কিন্তু,
এতিয়া নহয়!!
স্মৃতিবোৰ সদায়েই প্ৰিয়,
আপুনিটো কোন কাহানিবাই
দিনলিপি লিখিবলৈ এৰি দিছে,,
কিন্তু,
মই কেনেকৈ এৰো,
দিনলিপিটো মই আগতেঁও লিখিছিলো..
এতিয়াও লিখো,
মাথো পাৰ্থক্য ইমানেই...
আগতে সপোনবোৰ লিখিছিলো,
আৰু এতিয়া স্মৃতিবোৰ!!

-



প্ৰেৰণাৰ অন্য এক নাম
তেওঁৰ ভালপোৱা...
জীৱনক নতুনকৈ বুজি উঠাৰ
অন্য এক হেপাঁহ
তেওঁৰ ভালপোৱা..
মৰি মৰি জী উঠি
জীয়াই থকাৰ হাবিয়াসক জগাই তোলা
আঁৰৰ মানুহজন,
মোৰ হেৰুৱা সপোনক জগাই তোলাৰ
অন্য এক নাম
তেওঁৰ ভালপোৱা..
হৃদয়খন মোৰ হাতত অালফুলে গুজি
প্ৰশান্তিৰে মোৰ স'তে সেউজীয়া সপোন
ৰচা মনৰ মানুহজন তেওঁ..
দেউতাৰ দৰেই মোক
অহৰ্নিশ আৱৰি সাহস দিয়া
প্ৰেৰণা যোগোৱা আপোনজন তেওঁ
তেওঁৰ বাবেই মোৰ হৃদয়ত
সস্নেহ আকুলতা
ভালপোৱাৰ বাৰিষা !
@nilakshi changmai

-



অনুভৱতেই যাৰ প্ৰেমৰ অস্তিত্ব,
গভীৰ প্ৰেমৰ অনুভৱৰ শব্দৰে সজোৱা
হৃদয় জুৰোৱা স্নিগ্ধ কবিতাতেই
প্ৰকাশিত হয় তেওঁৰ ব্যক্তিত্ব।

-


28 APR 2020 AT 22:24

জোনাকবোৰ সাৱটিব শিককচোন,
তেতিয়া সপোন দেখিব জোনাকী সুৰৰ...
যি সুৰৰ মূৰ্চ্ছনাত শত শত ৰাগে পোহাৰ মেলিব
আপোনাৰ দুচকুত...
মন তুলিকাৰে অংকিত হ'ব হেজাৰ হেজাৰ ছবি,
য'ত আপোনাৰ হেঁপাহবোৰে হৃদয় বিয়পি থাকিব...

-


11 MAR 2020 AT 20:43

অপেক্ষা কৰিবানে
ভাললগাবোৰ ভালপোৱা হোৱালে..
কথাবোৰ কাণত বাজি নৰৈ
হিয়াত সুৰ হৈ বাজি ৰোৱালৈ..
ৰ'বা নে কিছু বেলি আৰু
মৰম গধুৰ হোৱালে....

-


23 FEB 2020 AT 20:01

সপোন প্ৰেমি মই জনীয়ে যেন
কেতিয়াবা বাস্তবতাৰ সৈতে
মুখামুখি হব, খুবেই ভয় কৰো অ' ।
( বাস্তবতা সচায় অসহনীয় )

-