Sagarika Rajbongshi   (সাগৰিকা ৰাজবংশী)
235 Followers · 92 Following

read more
Joined 22 March 2020


read more
Joined 22 March 2020
27 APR 2020 AT 8:32

ওপজা দিনৰ বহুত বহুত শুভেচ্ছা জনালো ভনি বা😘😘....তোমাৰ অনাগত দিনবোৰ সুখেৰে পাৰ হওঁক 😍😍...সদায় হাঁহি থাকিবা ... দুখবোৰক ওচৰলৈ আহিবলৈ নিদিবা ...জীৱনত যুদ্ধত সাহস অটুট ৰাখিবা সদায়েই👼...

-


23 OCT 2021 AT 21:57

ভাৱনাৰ শিপাডাল বহু দীঘল ,
বাঢ়ি গৈয়ে থাকে ক্ষণে - ক্ষণে
ওৰ নাই কেতিয়াও ...

সাগৰসম আকাংক্ষাই
পোখাব পৰাকৈ ,
অনাগত সময়বোৰলৈ
আৱাহণী উপচাৰ ...

-


9 JUN 2021 AT 20:20

এজাৰৰ বিষাদ সামৰিব পৰাকৈ
যদিহে বিশাল হ'লহেতেন ,
তোমাৰ আকাশ সামৰি এজোপা সোণাৰু
তেন্তে , এজাৰ জুপি সোণাৰুৰ ছাঁতে ৰাখিলোহেতেন
চিৰকাল ...

-


1 MAR 2021 AT 1:03

#ফাগুন #

চপলা বতাহচাটিৰ গাতেই ভেজা দি ফাগুন আহিছিল ,
ভদীয়া কাইয়ে সোণগুটি ঘৰলৈ নিয়া আলিবাটটিত
ধূলিবোৰ যেনি - তেনি উৰিব লৈছিল ...
হিমকণাৰ পৰশেও সজীৱ কৰিব পৰা নাছিল
তৰুৰ সেউজক , নিৰস হৈ সৰি পৰিছিল !
তথাপিও কাঁইটীয়া শিমলুজোপা নিৰস হোৱা নাছিল ,
ফাগুনে যেন অবৰ্ণনীয় ৰস সানিছিল শিমলুজোপাত
আৰু প্ৰতিটো ঠেঙুলিয়ে সৃষ্টি কৰিছিল
চঞ্চলা ৰক্তৰঙী ফুলকেইপাহি ...
ফাগুনে বেদনা কঢ়িয়ালে বুলিয়েই
ফাগুনক জানো বেয়া পাব পাৰি !!
ফাগুন ৰঙীন , ফাগুন উজ্জ্বল , ফাগুন এক অনাবিল সুখ ...

-


12 FEB 2021 AT 0:18

//সুৰুযমুখী মই //

শুদ্ধতাৰ পাৰত মই তেতিয়ালৈ ৰৈ থাকিম
যেতিয়ালৈ আপুনি সুখৰ মালাধাৰিৰে
মোক আৱৰি নধৰে !!
সুৰুযমুখী সেইদিনা ৰঙীন হ'ব ;
নিসিদ্ধতাৰ সিপাৰ উসৱমুখৰ হৈ পৰিব ,
ভালপোৱাৰ ভিন্নৰঙে পোহাৰ মেলি বহিব ...
মই জানো ,
সেইদিনাই আপুনি মোক আপোনাৰ কৰি আদৰিব ...

-


4 DEC 2020 AT 23:24

আৰম্ভনি : জীৱনৰ প্ৰতি পৃষ্ঠাৰ

দিনটোৰ আৰম্ভনিতেই যদিহে গহীন মাতটিৰে
" সুপ্ৰভাত " শব্দটি কৰ্ণকুহৰত গুঞ্জৰিত হৈ ৰয় ,
বিলাসী মনটিৰ বাবে সেইয়াই যথেষ্ট হৈ পৰে ...

-


4 DEC 2020 AT 22:17

প্ৰশান্তি আলাপ

ব্যস্ততাময়ী দিনটোৰ অন্তত এষাৰি বাক্য ,
" কেনে গ'ল দিনটো " ... এক অব্যক্ত প্ৰশান্তি ...
উত্তৰৰ শেষত ওঁঠত হাঁহিটি সানি লোৱা দেখিলেই ,
অৱসাদিত মনে এক অনন্য শান্তিৰ নীৰৱতাত ডুবি পৰে ...

-


13 NOV 2020 AT 23:42

নীৰৱতা ,
স্মৃতিৰ বলুকাত
ভাগৰি পৰা সময়খিনি
জুকিয়াই চাইছো পুনৰাই...
তুমিতো গুছিয়েই গৈছে
মাথো ৰৈ গৈছে
তোমাৰ অশৰীৰি অস্তিত্ব !!
অনুভৱবোৰ পিছে একেই থাকিল
মোৰ পৰা তোমালৈ
কিন্তু তোমাৰ পৰা মোলৈ
যেন এক অব্যক্ত বেদনা ...!
তৰাৱলীত তোমাক বিচাৰি পাওঁ
যামিনীপ্ৰেমী মই সেইবাবেই ,
এইয়াই একান্ত সময় মোৰ
তোমাৰ অনুভৱত বিলীন হোৱাৰ ...

-


12 OCT 2020 AT 9:11

ওপজা দিনৰ অগণন শুভাশা যাচিলো ককাইটি ...সুখৰ বৰ্ণীৰে যেন উপচি পৰক আপোনাৰ চৌপাশ আৰু সপোনবোৰ পূৰণ কৰি যাওঁক বাঞ্চামতে ... সুস্থ হৈ থাকক ... ধুনীয়া ধুনীয়া কবিতা , কবিতাৰ নৱ সৃষ্টি আৰু ব্যংগ কবিতাবোৰ লিখি যাওঁক অনুভৱী জগতত ... অন্ততঃ এবুকু মৰম পঠিয়ালো মৰমৰ ককাইটিলৈ ...

-


11 OCT 2020 AT 22:53

// শৰতৰ বতৰা //

শিশিৰকণা সৰা নিশাবোৰ ক্ৰমান্বয়ে স্নিগ্ধতাৰ আৱেশত বুৰ যায়
জোনটিয়ে শুভ্ৰতাৰ আঁচল চৌদিশে বিয়পাই নৈখনৰ যুঁৱলিত অৱগাহন কৰে
নৈখনৰ থিয় গৰাটোৰ পৰা ভাঁহি অহা নাৱৰীয়াৰ বাঁহীৰ
মায়াময় সুৰত কহুঁৱানিডৰাই প্ৰাণভৰি নাচি উঠে
শীতল সমীৰণ এছাটিয়ে জোলোঙাত শেৱালী ফুলৰ
মতলীয়া সুৱাস কঢ়িয়াই আনি চৌপাশ বিয়পাই তুলিছে
মতলীয়া সমীৰণৰ বা লাগি মাজনিশা অম্বৰৰ পৰা সৰি পৰিছে শিশিৰকণাবোৰ
আৰু দূবৰি বনত নিজক সমৰ্পিত কৰিছে
শিশিৰকণাক সংগ দিবলৈ শেৱালী ফুল কেইপাহো সৰি পৰিছে দূবৰি দলিছাত
পুৱতি নিশা দূবৰিৰ সেউজ দলিছাত শিশিৰকণা আৰু শেৱালী ফুলৰ গোপন অভিসাৰ ...

নৈখনৰ পাৰৰ পৰা এজাক ৰাজহাঁহ উৰি গ'ল পাখি জোকাৰি
পানী যুঁৱলিত পৰি ৰ'ল শুভ্ৰতাৰ পাখি ,
যিয়ে আনিব শুভ দিনৰ শুভ বাৰ্তা ...

-


Fetching Sagarika Rajbongshi Quotes