।।সন্ধ্যাটোৰ দৰেই।।
আপুনি এজাক শান্ত বতাহ,
অনামী!
ৰঙা আকাশৰ বুকু কিয়
চুব খুজিলেই ঘন হয় মোৰ উশাহ!
আপোনাৰো জানো এনে নহয়?
এটি সন্ধিয়াত আপুনি আহিব
নতুনৰ সংজ্ঞা হৈ,
অলপ আকুলতা বুকুত লৈ।
মোৰ প্ৰাৰ্থনাৰ এক অবিশ্ৰান্ত স্ৰোত হৈ।।-
👩⚕Proffesional
Self obsessed😌
অলপ আছুতীয়াকৈ সেকি লোৱা এই ডিচেম্বৰ!
জোনাকে চকুত সোণ সিচি যোৱা এই ডিচেম্বৰ।
কিছু শিহৰণ বুকুত বান্ধি
এয়া পুনৰ, ডিচেম্বৰৰ উভতনি যাত্ৰা।
মন যায়,
সেই ঠেকা খাই দ'ম হোৱা কথাবোৰ
বুটলি আপোনাক ক'বলৈ;
হায়, সময়!
ৰাত্ৰিৰ বুকুত আৰ্তনাদ!
কিমান উপেক্ষাৰে উপেক্ষিত এই ডিচেম্বৰ?
আপুনি জানো সুধে?
আপুনি সুবিধাবাদী:
আকৌ থুপ খাই শব্দবোৰ!
বুকুত কৰ্ফাল খাই পৰি ৰয়
জোনে সিচাঁ এই ডিচেম্বৰৰ প্ৰিয় স্বৰগম;
অসহ্য!
অসহ্য বিষত ডিচেম্বৰ যায়গৈ,
নিলাম হোৱা নদীৰ সোঁতত উটি...-
ৰাত্ৰিৰ কোলাত ৰাগী লাগে আপোনাৰ!
আপোনাৰ অনুপস্থিতিত মোৰ বুকুৰে বৈ যায়
আকুলতাৰ এজাক ৰঙা ফাগুন;
... তেজত কৈয়ো ৰঙা।
শীতৰ শেষত
জীৱনৰ ইমান জট্!
আকৌ ফাগুন আহে।
আপোনাৰ অবৰ্তমানত পুনঃ বাৰ
"প্ৰতিশ্ৰুতি: জীৱন জীয়াৰ"।।
-
এটি শীতৰ কবিতাত
তেওঁ বিলিন,
...
ভালপোৱাবোৰ ওলমি ৰয়
সেই বিশেষ বিন্দুত।
নিৰ্জনতাৰ নিচাত
ৰ'দে হেৰুৱায় নিজৰ ৰং;
আপোন মানুহৰ সংজ্ঞা হেৰাই।।
শুকান নদীও বৰফ হয়!
ক্ৰমশঃ ...
-
অৰণ্য
দিনটোৰ শেষত
এখন অৰণ্যৰ বুকুত শেষ হয় শূন্যতা।
বাস্তৱে চপোৱা
হেজাৰ নিসংগতাক
এটি বিন্দুৱে জোখে,
"সেই ঠাই মোৰ নহয়!"
আপুনি মোৰ জিৰণি,
আত্মাৰ শান্তি।।
-
খৰাং
হৃদয়ত গোপনে
জ্বলি আছে একুৰা জুই,
ৰিব ৰিৱ বতাহে ফুৱাই
উজ্বলে পকা অঙ্গঠা।
আশাবোৰ আজিও আছে
হৃদয়ত সংগোপনে।
কিজানি দুনয়নে অশ্ৰুক মাতিব..
যা, উত্তপ্ত অঙ্গঠা বিলাক ছাঁই কৰি আহ।
জীৱন ৰঙৰ বিভীষিকা বিলাক ধাকিবলৈ
হয়তো আজি মুখত হাঁহিৰ প্ৰয়োজন!
ঠিক তেনকৈয়ে পকা আঙ্গঠা বিলাক
ছাঁই কৰি পেলাবলৈ অশ্ৰু ভৰা দুনয়নৰ আৱশ্যক।
দুৰ্ভাগ্যবশতঃ..দুনয়ন আজি খৰাং,
ঠিক তেনেকৈয়ে হৃদয়ো।।
- বৰ্ণালী গগৈ-
বকুলৰ বুকু ভেদি
ঘূৰি ফুৰে হাজাৰ নক্ষত্ৰ।
চুব যে নোৱাৰি ৰাতিৰ জোন!
কোনে জানে বকুলৰ বেথা?
দূৰণিৰ এচলু জোনাক সাৱটি
এতিয়াও বকুল সৰে,
নীৰৱে; মুক্তিৰ হকে..
আকৌ আৰম্ভ কৰে জীৱনৰ তান।
সুকীয়াকৈ, প্ৰশান্তিৰ সতে।।-
প্রিয় তুমি,
তোমাতেই আৰম্ভ হোৱা এটি আবেলিক সাক্ষী কৰি তোমাৰ কুশল বার্তা সুধাৰ মৰসাহসেৰে তোমালৈ এয়া মোৰ অন্তিমখন চিঠি। শাওনৰ মেঘমুক্ত নীলাকাশ আৰু কেঁচা মাটিৰ গোন্ধৰ বিপৰীতে মোৰ বুকুত জ্বলি থকা তোমাৰ চিতাৰ ৰঙা জুইকুৰাৰ উত্তাপে বনজুই জ্বলাই।
তোমাক কি বুলি দোষ দিম, ভাগ্যৰে বিড়ম্বনা! পাহৰি যোৱাৰ অপ্ৰাণ চেষ্টাৰে আজি পুনৰ ক্ষন্তেক সময় তোমাৰ সতে...
চিঠিৰ আৰম্ভণিতে যদি উনুকিয়াব লাগে বকুলৰ কথা; তুমি পাৰিবা জানো আকৌ এবাৰ ক'ব ভালপোৱাৰ কথা? মোৰ বকুল সেইদিনাই বৰফ হৈছিল, যিদিনা জীৱনক দুনাই সুযোগ নিদিয়াকৈ তুমি গুচি গৈছিলা বকুলৰ দেশত; মোক হেজাৰটা অভিশাপত ডুবাই !! আৰু মই,: মই কাহানিও সুধা নহ'ল তোমাৰ কুশলবাৰ্তা।
শেষত, মোৰ ওপৰত জাপি দিয়া চৰম অভিশাপৰ বিপক্ষত কওঁ "মোৰ বুকুত এতিয়াও সজীৱ হৈ ফুলি আছে সেই বকুলৰ গান": প্রতিশ্রুতি দিছো, তোমাক জীয়াই ৰাখিম আজন্ম।
বকুলৰ দেশত কুশলে থাকা।।
প্রান্তত তোমাৰ-
সমস্তখিনি কঢ়িয়াই ফুৰিব পৰাকৈ
মায়া আছে.. জীৱনৰ।
মায়াৰ ৰাগীত:
উশাহ আছে, অথচ জীৱন নাই।।
ক্ৰমশঃ
মেঘ নামি বুকুৱে ঋণ কঢ়িয়াই;
প্ৰত্যেক ৰাতি উদযাপন হয়,
নতুনকৈ.."মৃত্যুৰ বাবে জীৱন।"
ইমান বিশৃংখল মুক্তিৰ পথ!
অৰণ্য ক'ত?
-
এই বিভিষিকাক কি নাম দিওঁ?
শোকৰ চন্দুক কিমান মৌন:
কোনে দেখিছে?
ৰাতি হ'ল বহুপৰ।
তথাপি চোৱা,
আক্ষেপ আঁজুৰি
ওলমি থাকে জোন; ৰঙা...
বুকুখন হঠাৎ মোচৰ খাই যায়!
প্ৰশ্ন কিয় কৰা?
মৃত্যু অনিবাৰ্য ।।
-