সন্ধিয়াৰ আঁত ধৰি নাহে এতিয়া
সেই সুৰ হাঁহি বিয়পাই চৌপাশ ৰজনজনাই...
পথে পথে খোজে খোজে
সময় হেৰাই, বিলীন হয়
মোৰ প্ৰতিটো খোজ...
ঠিকনা সলনিৰ আক্ষেপত
থমকি ৰয় জীৱনৰ প্ৰথম খোজৰ পথ....
ন-ঠিকনাৰ পথে নিচিনে মোৰ খোজ,
নৰয় মোৰ খোজৰ অপেক্ষাত.........
এতিয়াৰ সন্ধিয়াবোৰ
মোৰ তেনেই অচিনাকী....,
পাৰ হয় অথচ মোৰ অধৰ নকঁপে
এটি সন্তুষ্টিৰ হাঁহিত...-
আশা মাথোঁ এটিয়ে
নিৰৰ্থক নহয় যেন
কেতিয়াও কাৰো জীৱন.
ব্যস্ত মানুহৰ মাজত
হেৰাই নায... read more
চখ নাথাকে
প্ৰখৰ ৰ'দত খোজ কাঢ়োতে,
চখ নাথাকে
স্ব-ইচ্ছাই তিতিব নিবিচাৰিলেও ছাতি এটিৰ অভাৱত বৰষুণজাকত তিতোতে..
চখবোৰ হেৰাই থাকে
জীৱনৰ কোনোবাখিনিত,
দায়িত্বৰ ভাৰখিনি
যেতিয়াই কান্ধত থাকিবলৈ লয়
আউজি আউজি.......................-
কোনো নিতাল ৰাতিৰ বুকুত হেৰাই
হেজাৰ হাবিয়াস কবৰ দিয়া খবৰ....
হিচাপহীন হৈ ৰয় মনৰ বতৰা
প্ৰাধান্যতাৰ শীৰ্ষত যিবোৰৰ দখল থাকিছিল কেতিয়াবা...-
লুকাবলৈ একোৱেই নাই, যি থাকে লুকাবলৈ দুখ-সুখ তাকো প্ৰকাশ পাই দুচকুৰ অভিব্যক্তিত।
-
बदलाव के नाम पर
सब कुछ बदल जाता है,
कभी मनुष्य
तो कभी
यह समय खुद ही ....-
সেউজ চোৱাৰ হেঁপাহত...
যান-জট এৰি গাঁৱৰ সৰু-সৰু আলিৰ মাজেৰেই পাৰ হোৱাৰ এই সুমধুৰ ক্ষণত,
অস্থিৰ আজি এই মন....
-
रखो हरपल
उदासी भी एक दिन दूर हो जाएगी जब एक मुस्कान देखेगा हरकदम...-
भाग कर चले आते..
आपके पास रहकर मिले जो खुशी हमे
बस एक बार समझ जाओ क्या हाल हें हमारे दिल का
आपके भावनाओ में...
-