✿✿মধুলগন✿✿
(১)
উন্মনা ফাগুনৰ আঁচলত ধৰি নামি আহিছিলি তই
খৰাং বুকু জীপাল কৰা এজাক চিকুণ বৰষা হৈ
বৰষাৰ পৰশে গোপনে গোলাপ ফুলাইছিল মোৰ চহৰত।
তোৰ মোৰ উশাহৰ বাটত এতিয়া
কেৱল সেন্দুৰীয়া গোলাপৰ সৌৰভ।।
(২)
তোৰ চকুৰ উপত্যকাত সপোনৰ স'চ সিঁচি থাকোঁতে
মোৰ চকুৰ পতাত লহপহকৈ গজি উঠিল এখনি অৰণ্য
তই আজি আকৌ ন-সাজে অহাৰ কথা কওঁতে
জাকপাতি উৰিছে সাঁচতীয়া স্মৃতিৰ আদ্ৰাঙী পখিলা।
এটা প্ৰাৰ্থনাৰ দৰেকৈ আমি বিলীন হৈ যাওঁ ব'ল
তোৰ মোৰ মধুলগনৰ এই মায়াসনা বেলা।।-
২০০২ চনৰ শাৰদী কোমল এটি দিনত ভূমিস্থ🌼
পোহৰমুখী সপোন কলঙ্কিত কৰিবলৈয়েই
ঠেঁটুৱৈ-ধৰা জাৰৰ আন্ধাৰত চোপ্ লৈ ৰৈ থাকে
বিফলতাৰ ছাই সনা কুন্ধচ মুখবোৰ।
জাৰৰ কোঙা ৰাতি একোটাক গলাব নোৱাৰাকৈ
মোৰ দেশৰ সূৰ্যও জানো ইমান সেঙেটা?-
✯বিদায়ী সূৰৰ গধূলি-গোপাল✯
বিদায়নো কি? এটা শব্দহে মাথোন!
কলিজাৰ কোঁহবোৰ ৰেপি থৈ যোৱা,
হাঁহিবোৰ নিজানত উবুৰি খাই পৰা,
আৰু ৰাতিৰ আন্ধাৰত দুগাল জিকা!
দুখে ধৰা দিলেও ৰাতিয়েই ভাল জানা!
বুকু পাতল কৰা উষ্ম চকুলোৰ নদী
বাধাহীনভাৱে বোৱাই দিব পাৰি...!
দিনত কষ্টৰ বোজাটো বৰ গধুৰ হয় অ'
অপ্ৰশিক্ষণপ্ৰাপ্ত অভিনয়বোৰ কৰাত!!
পাৰা যদি ৰাতিটো আৰু এমাইল বঢ়াই দিয়া,
আৰু কিছু পল নিজৰ সৈতে থাকিব দিয়া!
বিদায়ৰ অন্তিম ক্ষণত এয়াই কাতৰ প্ৰাৰ্থনা।।
জানাইতো, অদূৰত মোৰ বিদায় সমাগত!
বিদায়ৰ বাবে ক'ত যে কিমান যো-জা...
অথচ আদৰিবলৈ একোৱেই নাই!(?)
তথাপিও যেন কিবা এক আকাঙ্ক্ষা...
সূৰৰ বিদায়ত গধূলি-গোপাল ফুলাৰ নিচিনা!-
তেওঁ ক'লে- মই কবিতা ভাল নাপাওঁ।
মই ক'লো- তেন্তে?
তেওঁ ক'লে- কবিতা ভালপোৱা মানুহ।
মই ক'লো- আৰু?
তেওঁ ক'লে- নীৰৱতা।
মই ক'লো- মৌন ওঁঠৰ আলাপবোৰ ভাল লাগে মোৰো।
তেওঁ ক'লে- না! ওঁঠে সঁচা নকয়। চকুতহে ভিজি থাকে সমস্ত আবেগ।
মই তেওঁৰ চকুলৈ চালোঁ__চুৰকৈ__অ'তদিনৰ পিছত। হাতৰ মুঠিত আবেলিটো কুঁচি-মুচি সোমাল। গুলপীয়া আকাশত জাকৰুৱা চৰাই। কলিজা কঁপাই নিয়াকৈ বুকুত এছাতি মলয়া। চৌপাশে শেৱালিৰ সুবাস।-
❛বিভীষিকা❛
হেৰাওঁ বুলিয়েই হঠাৎ হেৰাই গ'ল
আইতাই চোতালত সাধু কোৱা দিনৰ
পাতল নীলা আকাশ এখন।
এতিয়া চাদৰ ওপৰে ওপৰে মাথোঁ
কেইবাচপৰাও ওন্দোলা কলীয়া ডাৱৰ।
বাৰিষাবোৰত বৰষুণ অহাৰ কথা আছিল।
দুপৰীয়াৰ সূৰুযটো সৌ তাত জিৰোৱাৰ কথা আছিল-
নৈৰ বুকত, পাহাৰৰ কোলাত কিম্বা গছৰ ডালত।
মানুহে বিলাসিতাৰ ধামখুমীয়াত পাহৰি পেলালে সেই কথা!
মানুহ আৰু প্ৰকৃতিৰ মাজৰ এই অপ্ৰেমত
বিৰহৰ দাৱানলত জ্বলি উঠিব এদিন পৃথিৱী_
ধোৱাই ছানি ধৰিব চকু, তাপত উতলিব বুকু!
খোজেপতি পৰি ৰ'ব আপোনৰ অৰ্ধগলিত দেহা!
পিঠিত অক্সিজেনৰ বোজা বান্ধি
বৃক্ষৰোপণ কাৰ্যসূচীৰে সেইদিনা আমি
বিশ্ব পৰিৱেশ দিৱস উদ্যাপন কৰিম।
থাকা, থাকা, সকলো সাজু থাকা(!!)-
✷অভিমান✷
পদূলিত মোৰ বিষাদে গুণগুণ কৰে
কোনে আহি বুকুত নিচুকনি গীত জুৰে?
অনুৰাগৰ শীতল কোলাত উম লৈ থাকোঁতে
কথাৰ লেছেৰি বুটলি হেৰাই যাওঁ আমি,
কথাৰ মাজৰ কথাবোৰত ঠেহ লাগি
ওফন্দি উঠে দুই একোটা অভিমান।
প্ৰিয় তই, সেয়ে প্ৰিয় তোৰ অভিমান__
মৰমৰ ফাঁকেৰে নিগৰা এটি যেন সুশ্ৰাব্য গান।।-
নৈয়ে কৈছিল: তুমি ইমান গহীন, ইমান জয়াল, ইমান গয়াল!
মাউৰা অৰণ্যখনে ঈষৎ হাঁহিটোৰে জবাব দিছিল: তোমাৰ অন্তৰৰ গভীৰ ব্যথাবোৰ সামৰি লোৱাৰ দৰে মোক সামৰি ল'বলৈ এখন উদাৰ বুকু ক'তো ৰৈ থকা নাই বাবেই কৰালবন্ধা কথাৰ ভাণ্ডাৰটোৰে সৈতে মই ঘোপ-মৰা(!!)-
◉বুকুত বজ্ৰপাত◉
বিষাদৰ ৰ'দে চেলেকা শুষ্ক চহৰত
আজিও প্ৰণয়ী বৰ্ষাই ঝুমুৰ নাচিব খোজে।
সোঁৱৰণিৰ জুনুকা বাজি উঠিলেই
চপৰা চপৰে মোৰ বুকুত বজ্ৰপাত চমকে!
কাক ক'লে কোনে কাণপাতি শুনিব?
তোৰ নামৰ ডুখৰি ডুখৰি কল্পনাই
সদায় যে মাজনিশাৰ ঘুমটি হৰে!!-
✿সুখ যেনি তেনি✿
বিষণ্ণ মনৰ নিষ্প্ৰাণ দিনৰে কথা সেয়া___
বেদনাৰ চৰায়ে বুকু খুঁটিয়াই আছিল তেতিয়া,
লঠঙা নিশাৰ পকা আলিত ৰৈ ৰিঙিয়াইছিল কোনোবাই
"আহাচোন হালধীয়া পাখিৰ চৰাই
হাতৰ তলুৱাত গোম-ধান থৈছোঁ
উদৰ পূৰাই লৈ মোৰ দুবাহুতে জিৰাবাহি"
চৰাই উৰিল গোমধান বিচাৰি
দুচটাকৈ শিলত গজি উঠিল দোৰোণ ফুল দুজুপি।-
●●মৌনতা অসহজ●●
বাৰে বাৰে ফিচিকি যোৱা কলিজাটো
সীয়নি দিব লগা হ'লে বুজিলিহেঁতেন
আন্ধাৰৰ সন্ধান কিয় কৰা হয়!!
বুকুত এজাক জিলী পুহি,
ওঁঠৰ ভাঁজত সহস্ৰ কথা সাঁচি
মৌন হোৱাৰ যাতনা বুজে কোনে?
তই কথা ক'লেই কবিতা;
কিবা এক সুখৰ মালিতা।
মন যায় কথাৰ এখন সাগৰ বোৱাবলৈ,
সাগৰ তলিৰ মুকুতা বিচাৰিবলৈ,
আৰু মন যায় কেতিয়াবা কৈ পেলাবলৈ__
"তোৰ ব্যস্ত সময়ত নষ্ট হয়
মোৰ সাঁচতীয়া সহস্ৰ কথা!"-