QUOTES ON #ফাগুনৰ

#ফাগুনৰ quotes

Trending | Latest
3 MAR 2020 AT 13:11


(৪)
ফাঁকুৰ ৰঙেৰে ৰাঙলী কৰা
শৈশৱৰ সুমধুৰ স্মৃতিৰ কথা....!
(৫)
আৱেগৰ স্মৃতিক ধুসৰিত কৰা
অতীতৰ পুৰণি স্মৃতিৰ কথা....!

-Juri Baruah

-


28 FEB 2021 AT 23:38

কথাবোৰ তোমাৰ বা মোৰ নাছিল
সেই কথাবোৰ আমাৰ আছিল।
কিন্তু তুমি কেৱল তোমাৰ বুলি ভাবি থাকোতেই,
মই আমাৰ পৰা নিজক মচি দিছিলোঁ।
উচিত অনুচিতৰ বিচাৰ মই বিচৰা নাছিলোঁ
কাৰণ মনটোৱে নিজক শুদ্ধ বুলি মানি লবলৈ কৈছিল।
মোৰ কাষেৰে যোৱা ফাগুনী পছোৱাৰ কোবত
ৰঙা ৰঙা শিমলুবোৰ সৰি পৰিছিল,
কিন্তু মোক চুই যোৱাৰ সাহসকণ
তাৰ একেবাৰেই নাছিল।

-


24 FEB 2021 AT 10:31

ফাগুন

এই ফাগুনৰ মায়াজালত পৰি
মইয়ো প্ৰেমত পৰিছিলো ।
সৰা পাত খিলাত
মইয়ো তাইৰ নাম লিখিছিলোঁ।

আজি সেই ফাগুনেই
মোৰ বাবে হৈ পৰিল
অৰ্থহীন,

তোমাৰ কথাকে ভাবি
তোমাৰ ৰঙেৰে
ৰাঙলী হয়
সন্ধিয়াৰ বিস্তৃত পৰিধি ।

সেই শিমলু জোপাৰ তলত
মলয়া বতাহৰ মাজত
সৰা পাতবোৰ যেন বৰষুণ পৰিছেগৈ
অপেক্ষা কৰিছিলোঁ ।
মাথোঁ তোমালৈ ,

আজি সেই ফাগুনেই হৈ পৰিল
মোৰ বাবে অৰ্থহীন।
কোনে শুনিব মোৰ হৃদয়ৰ
সেই মধূৰ স্পন্দন।

এই ফাগুন গ'লে
আহাবাৰ আকৌ আহিব।
তোমাৰ কথাকে ক'ব
আকৌ কান্দিম।

-


12 APR 2020 AT 22:22

ফাগুনৰ কবিতা এটি উজাই আহিছে বুকুৰে
বিষাদে হঠাৎ আৱৰিলে মনৰ আকাশ
বুকুৰ পৰা গোটেই দেহতে বিয়পি পৰিল সেই বিষাদ
বহু পুৰণি বিষাদ!! ঘুণে ধৰা বিষাদ
শুকান ফাগুনৰ শুকান স্মৃতি
আলমাৰীত আৱদ্ধ ধূলিৰে ধূসৰিত অতীত জীৱনৰ আত্মকথা

-


11 APR 2020 AT 11:08

শীতৰ শেষৰ ৰাতিপুৱা
এদিন তেওঁ আহিছিল
ভালপোৱাৰ ভাঁজত কঢ়িয়াই আনিছিল
একাঁজলি পলাশৰঙী মৰম

বসন্তৰ অপৰাহ্নত তেওঁ গ'লগৈ
কিন্তু মোৰ চাৰিওফালে
সিঁচি থৈ গ'ল
এমুঠি হেঙুলী আশাৰ কণা

-


29 FEB 2020 AT 9:42

ফাগুন
ফাগুন তুমি যোৱাগৈ
তোমাৰ পচোৱা বতাহৰ কোবত
উৰুৱাই নিয়া লেতেৰাবোৰ,
পৰিস্কাৰ কৰি দিয়া সকলো।
গছৰ ডালত পেলোৱা কুহি পাতৰ গজালি।

-


10 JUN 2021 AT 23:09

ঠিকনা বিহীন এটা ধূৱাবৰনীয়া আকাশমাৰ্গ '
ফাগুনৰ বতাহজাকে উৰুৱাই নিব খোজে
সপোন সপোন লগা সময়ৰ শিকলিক ।।

-


2 NOV 2019 AT 19:27

ফাগুনৰ সৰাপাত হৈ
মোৰ এই উদং চোতালখনিত
    মাথো এবাৰ আহি
    স্পৰ্শ কৰি চুমি যাবানে ?
      প্ৰাণ পাই উঠিব
      মোৰ এই শুকান
                মনৰ চোতালখনে ,
    আৰু সোৱৰাই দিব মোক
          এই সৰাপাতবোৰে;
    মাথো প্ৰেমৰ
            কবিতা ৰচিবলে।
✒এম কে

-


13 MAR 2018 AT 9:21

মোৰ ৰন্ধ্ৰে ৰন্ধ্ৰে
আজি ফাগুনৰ গান,
উতনুৱা হয়,
উন্মনা হয়
পলাশী আভাৰ
তেজাল স্পৰ্শত ।

-


19 FEB 2019 AT 18:19

ফাগুন! আস: কিবা যেন পোৱা নোপোৱাৰ এটি হেঁপাহ! য'ত শুকান ধূলিৰ মাজতে স্থিতি লয় কাৰোবাৰ অবিশ্বাস্য এক প্ৰতিশ্ৰুতি! পাহৰণিৰ গৰ্ভত থকা কিছুমান কষ্টকৰ স্মৃতিয়েও যেন কাৰোবাৰ হৃদয়ত পুনৰ বীজ অংকুৰিত হয় এই ফাগুনতেই! আৰু আন কাৰোবাৰ হৃদয়ত ঠাই লয় শুকান সৰাপাতৰ ওপৰত কাৰোবাৰ দুভৰিৰ গছকৰ ফলশ্ৰুতিত সৰাপাতে পোৱা কিছু তিক্ততাপূ্ৰ্ণ বিষাদ! যেন অবুজ বেদনাৰ শিহৰণে কাৰোবাৰ জীৱনত আবিৰ সানি দিয়ে!

-