Niharika Devi   (✍{নিহাৰিকা দেৱী})
120 Followers · 65 Following

read more
Joined 28 February 2020


read more
Joined 28 February 2020
19 JUL 2022 AT 9:09

এতিয়া ভাল লগা বেয়া লগা বুলি একো নাই,
মাত্র নিজকে এতিয়া সময়, পৰিস্থিতিৰ সৈতে Adjust কৰিব শিকিছোঁ। এটা সময়লৈকে অভিমানবোৰে প্ৰতিবাদ কৰিছিল আৰু এতিয়া হাঁহিটিয়ে সকলো অভিমান আৱৰি ৰাখে। মোৰ আমনি লগা কথাবোৰে এদিন তোমাক আমনি কৰিব ক'ত হেৰাই গ'ল বুলি।

-


25 SEP 2021 AT 7:17

বহুদিনৰ ব্যস্ততাৰ অন্তত কলমটো তুলি বহিলো খিৰিকিৰ কাষতে....
সৌৱা শেৱালি ফুলৰ আমোলমোল গোন্ধ। এপাহ-দুপাহ কৈ সৰি পৰিছে তলত, এইয়াই নেকি বিচ্ছেদ? কলিৰ পৰা ফুলপাহি গাভৰু হোৱালৈ ফেৰেঙণিৰ ডালে-ডালে পাতৰ আৰে-আৰে লুকা-ভাকু খেলা শেৱালি পাহি সৰি পৰিল এৰা কিমান ওজনৰ যে শিল লৈ আঁতৰি আহে আপোনৰ পৰা।
আজিকালি সকলোৱে প্ৰিয়জনকলৈ প্ৰেমৰ কবিতা লিখিছে, প্ৰেমৰ কবি মোৰ বন্ধু! মই পিছে নিলিখো প্ৰিয়জনৰ নামেৰে প্ৰেমৰ সংজ্ঞা মোৰ এতিয়া লিখিব মন শৰৎ নিশাৰ কবিতা। 😊

-


3 SEP 2021 AT 23:12

কোনোবাখিনিত হয়তো মইয়ে আধৰুৱা হৈ ৰ'লো,
মোৰ সীমাহীন মৰম-ভালপোবোৰ আপোনাৰ বাবে বোজা হৈ ৰ'ল,
চিনাকিজন আজি অচিনাকি হ'ল
হয়তো এয়াই সময়
ধৰি ৰখাটো বৰ জটিল,
আপুনি দিয়া সুখৰ সময়খিনি সাৱটি
মই ভাবিছিলোঁ
এইকণ সুখৰ বিনিময়ত
আৰু কিমানটা উজাগৰি নিশা কটাব লাগিব
বিষাক্ত অশ্ৰুক লগৰী কৰি।।

-


26 AUG 2021 AT 21:09

কবিতা ভালপোৱা ছোৱালীজনী আজি এটি নিজে জীয়া আধালিখা কবিতা হৈ ৰ'ল।

-


19 AUG 2021 AT 10:43

এই যে ইমান সুখৰ সাগৰত বিলীন কৰিছা মোক
তাৰ বিনিময়ত আৰু কিমানটা নিশা উজাগৰে পাৰ কৰিব লাগিব?
কিমানটা ধুমুহাৰ সৈতে যুঁজি যুঁজি মিছা হাঁহিৰ মালা পিন্ধিব লাগিব?

-


5 AUG 2021 AT 22:33

আজিকালি আপোনাৰ অভিমান বোৰ বাঢ়িব ধৰিছে
সৰু সৰু কথাতেই চোন আপুনি বৰ অভিমানী হৈ পৰে,
আগতে এনে টো নাছিল কাহানিও..কিন্তু এতিয়া কিয় ?
কেতিয়াবা আপোনাৰ এই অভিমানলৈ মোৰ বৰ ভয় লাগে..জানেনে?
আপোনাক দূৰলৈ কাঢ়ি নিয়ে বুলি..!
আমাৰ অভিমানৰ আনে সুযোগ লোৱাটো নিবিচাৰোঁ
সজতনে ৰাখিম আমাৰ মৰমবোৰ আজীৱনলৈ ।

-


4 JUL 2021 AT 8:43

" ইমান অলপতে বিচলিত হ'লে তোমাৰ বাৰু কেনেকৈ চলে?
শিলুৱা এন্ধাৰে মোক এইবুলি ক'লে " ।
হীৰুদা ।
প্ৰিয়,
সুগন্ধি পখিলাৰ কবি হীৰুদাৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছো ।

-


29 JUN 2021 AT 8:10

प्यार में भरोसा हौना सा चाहिए

Niharika Devi

-


27 JUN 2021 AT 14:23

অনুগল্প
" বিশ্বাস "
দুভাগ ৰাতি সাৰ পাই আকৌ ভাৱিলো ! ভুলটো ক'ত কৰিলোঁ তোমাৰ ওচৰত সচাঁ কথা কয় নে একো কথা লুকুৱাব নোৱাৰি । বিশ্বাস খিনি ৰখা হ'লে মোৰ ওপৰত কষ্টৰ হুমুনিয়াহ কাঢ়িবলগা ন'হ'লহেতেন মই। আপোনজনৰ অভিমান কেতিয়াবা বৰ বিষাদৰ হৈ পৰে। এতিয়া চোন ভয় লাগিছে কেতিয়াবা বিপদ পৰিলেও কেনেকৈ কম হিয়া উজাৰি মোৰ জীৱন আউসীৰ কাহিনী।

-


31 MAY 2021 AT 18:48

তেওঁ কৈছিল.. তোমাৰ ভাষাবোৰ মই বুজিয়ে নাপাওঁ
বৰ জটিল! কবিতাৰ ভাষাৰে কিয় কোৱা কষ্ট হয় বুজিব
ভুলটো তেওঁৰ তাতেই কৰিছিল মোক হৃদয়ৰ পৰা নহয় বিবেকৰ পৰা বিচাৰিছিল সেয়ে কথাবোৰ সাঁথৰ হৈয়ে ৰ'ল!!

-


Fetching Niharika Devi Quotes