আপোনাৰ বাবে লিখা প্ৰতিটো শব্দই এদিন বৈধ হ'ব ।
সিদিনা বৈধ হ'ব সমস্বৰে খিলখিলাই উঠা হাঁহিবোৰ,
একেলগে দেখা সপোনবোৰ,
হাতে হাত ধৰি পেলোৱা নিঃশব্দ খোজবোৰ ।
সিদিনা প্ৰতিটো উশাহ বৈধ হ'ব,
লগতে বৈধ হ'ব প্ৰতিটো প্ৰতিশ্ৰুতি
যিদিনা বৈধ হ'ব আপোনাৰ মোৰ মিলন;
সিদিনা সমস্ত জগতৰ দৃষ্টি বৈধ হ'ব...-
Love to dream, write, smile and live the life to the fullest.
এজাক সপোন,
এসাগৰ মৰম,
আকাশ সম বিশ্বাস
আৰু এচিকুট অভিমান....
সুখী হ'বলৈ আৰু কিনো লাগে !?-
Allow me to enter into the depth of your thought,
Let me shine your outside ♥️♥️♥️-
এজাক সপোনৰ সেউজীয়া চহৰখনৰ উশাহ হৈ ৰোৱা । ক'লীয়া মেঘ আঁতৰি সেই চহৰৰ বুকুলৈ এদিন বসন্ত নামিব আৰু সিদিনা উপভোগ কৰিম সেই আবেলিটো, তোমাৰ হাতত হাত ধৰি ।
-
মৌনতাই যদি কঢ়িয়াই
ওঁঠৰ ভাষা
শেঁতা পৰা দুচকুত যদি অঁকা
হৃদয়ৰ কথা
দূৰত্বই পাৰে জানো লিখিব
বিষাদৰ মালিতা...!!!
-
#দাবানল
"আজকী সবছে বৰি খবৰ । আগ মে ঝুলঝা বেৰুইট চেহেৰ । আগ নে লি কই লোগো কি জান........" মবাইলত চলি থকা ৰাষ্ট্ৰীয় নিউজ চেনেলৰ এংকৰগৰাকীয়ে একেটা কথাকে পেঘেনিয়াই থাকিল কেবাবাৰলৈ ।
কেম্পত বহি থাকিয়েই সি বাহিৰৰ আকাশখনলৈ চালে । ক'লা ধোঁৱাই তেতিয়াও আকাশখন নিজৰ কবলৰ পৰা মুক্ত কৰি দিয়া নাছিল ।-
#সন্দিহান
বায়েকে নতুনকৈ চিলোৱা চাদৰ-মেখেলাযোৰ পিন্ধি সি ড্ৰেছিং আইনাখনৰ সন্মুখত থিয় দিলে । দীপ কাট ব্লাউজ আৰু কনট্ৰাষ্টৰঙী সাজযোৰে যেন তাৰ ৰূপ ফুটাই তুলিছে, তাৰ তেনে যেন লাগিল । মুখত হাঁহি এটা জিলিকাই সি কপালত ফোঁটটো লগাবলৈ সাজু হ'ল । সেই সময়ত আইনাখনত দুটা প্ৰতিচ্ছবি দেখিবলৈ পোৱা গ'ল । আইনাৰ সন্মুখত থিয় হৈ হাঁহিৰে উজ্জ্বল হৈ থকা তাৰ চেহেৰাৰ বিপৰীতে দেখা গ'ল দুৱাৰমুখত থিয় হৈ থকা মাকৰ বিৰক্তিত কোচ খোৱা মুখখন । কাৰণ সন্দিহান...!!!
-
धुंदली सी ख्वाबों के दरमियाँ
उलझ गयी थी जिंदगी
एक तेरे आ जाने से
फिर से सवर गयी है जिंदगी-
বৈপৰীত্যৰ মাজতেই জীৱনটোৱে
সহাৱস্থান কৰিছিল,
উশাহ ঘন চুটি চুটি
নিশ্বাসবোৰৰ সৈতে
জীয়াই থকাৰ সংগ্ৰাম কৰিছিল,
শেষ হৈ যোৱা নাছিল জীৱন
কিম্বা জীয়াই থকাৰ গান,
নতুন উচাহত জীৱনে
মোৰ সলাইছিল,
তথাপিতো...
থমকি ৰোৱা নাছিলোঁ
কিয়নো আমি যে
জীৱন পথৰ
অক্লান্ত পথিক ।-
ৰ'দৰ বাটেৰে উভতিম এদিন,
বুটলিবলৈ
আউসীৰ জোনাক,
তৰাফুলে গুণগুণাব,
গাব আমাৰ মিলনৰ গান!!!-