এই যে ভালপোৱা ছাতি এটা তুমি ধৰি আছা কিন্তু ছাতিটোৰ তলত আমি দুয়োটাই সোমাই আছোঁ। এই ছাতিটো আমাৰ দুয়োজনৰ বাবেই সীমিত হৈ থাকক। ছাতিটোৰ পৰা ওলাই আহিলেই বৰষুণ বা ৰ'দৰ স্পৰ্শত বেমাৰ হ'ব পাৰে। ছাতিটোৰ ভিতৰতে আমি সুৰক্ষিত হৈ থাকো। ছাতিটো আমাৰ তুমিয়েই ধৰি ৰাখিছা। যদি এজনেও নধৰো এদিন ছাতিটো উৰি যাব পাৰে। কেতিয়াবা মই কেতিয়াবা তুমি এই মৰমৰ ছাতিটো ধৰি আমি এদিন বহুত আগলৈ যাম প্ৰিয়তমা।
-
read more
দূৰত্ব! জানো মনৰ হয়?
আছোঁ দূৰত বহুতো, আমি দুয়ো
নালাগে চোন যে দূৰত আছোঁ
চকুকেইটা বন্ধ কৰিলে
আজিও প্ৰথম তোমাকে দেখো।
দূৰত্ব মাথোঁ ঠাইৰ হয়
দূৰত্ব হয় ব্যৱধানৰ।
প্ৰেমৰ স্থান সকলোতে
প্ৰেমেই সকলো সমাধান।।
-
কবিতা লিখিবলৈ পাহৰিছো
ছন্দ মিলাবলৈ পাহৰিছো।
পাহৰিছো শব্দৰ জ্ঞান
পাহৰিছো চিন্তাৰ ধ্যান ।।
মাথোঁ পাহৰা নাই মৰম
যদিও দেখুওৱাব পৰা নাই ।
ভালপোৱা আগৰ দৰে
এতিয়াও আছা তুমি মোৰ মনত ৰাণীৰ দৰে।।-
তোমাক দূৰ কৰিব নোৱাৰোঁ
তোমাক ভাল পাওঁ বাবেই
তোমাক দূৰ কৰিব নোৱাৰোঁ
তোমাৰ সেই স্পৰ্শৰ মাদকতা
এতিয়া মই পাহৰিব নোৱাৰোঁ
তোমাক দূৰ কৰিলে যে
মই আধৰুৱা হৈ পৰিম
মই নোৱাৰোঁ, মোৰ লগতে
তোমাকো আধৰুৱা কৰিবলৈ
তোমাক মোৰ প্ৰেমৰ পৰা
বঞ্চিত হ'বলৈ মই নিদিওঁ
এতিয়া যে মই তোমাক
দূৰ হ'বলৈ দিব নোৱাৰোঁ
সদায় তোমাৰ কাষতেই
থাকিব বিচাৰোঁ
তোমাৰ ছাঁটো হৈ।
-
বহুত অপেক্ষাৰ অন্তত
প্ৰেম কৰিব লৈছোঁ
জীৱনৰ প্ৰেমত, প্ৰকৃতিৰ প্ৰেমত
তোমাৰ প্ৰেমত পৰিছো
হাজাৰ স্বপ্ন তোমাৰ নামতি
নতুনকৈ লিখিবলৈ লৈছোঁ
জীৱনত প্ৰথমবাৰ এনেকৈ
প্ৰেম কৰিব লৈছোঁ
-
এহাজাৰ সপোন প্ৰিয়তমা
বহুত মৰম প্ৰিয়তমা
তুমি এবাৰ সদায়ৰ বাবে মোৰ হোৱা
মই যে তোমাৰ বাবেই জন্ম
তুমি উমান পাবা প্ৰিয়তমা ।-
এখন কিতাপৰ এটি কাহিনী হ'ব বিচাৰোঁ
এই কাহিনীত মই তোমাৰ হ'ব বিচাৰোঁ
তোমাৰ চৰিত্ৰটি ৰঙীন হোৱা বিচাৰোঁ
তোমাৰ ৰঙতেই মই বিলীন হ'ব বিচাৰোঁ
আমাৰ স্মৃতিবোৰ ৰৈ যোৱাটো বিচাৰোঁ
আমাৰ কাহিনী মনত ৰোৱাটো বিচাৰোঁ
বিচাৰোঁ ,লওক তোমাৰ মোৰ নাম
তোমাৰ নামতেই পাম মই নাম
হাজাৰ কাহিনীৰ দৰেই আমাৰ কাহিনীয়ো
অমৰ হোৱাটো বিচাৰোঁ
এই কাহিনীত মই তোমাৰ হ'ব বিচাৰোঁ
-
তুমি দুৰত নাযাবাছোন মোৰ পৰা
তুমি মোৰ অভ্যাস হৈ পৰিছা ।
অভ্যাসটো সলনি নহয় এতিয়া
তুমি মোৰ জীৱনৰ অংশ হৈ পৰিছা ।।
তুমি লগত নাথাকিলে অনুভৱ হয়
তুমি থকাৰ মহিমা, তুমিবিহীন নিসংগতা ।
সমস্যা সমাধানৰ লক্ষৰে এখোজ দিয়া
এজন ভাল মানুহৰ ৰূপতেই মোক পাবা ।।
খং ৰাগ বেলেগ নহয় এটা নিৰাপত্তাহীনতা
মাথোঁ বিচাৰোঁ নিৰাপত্তাহীনতাক তুমি সুৰক্ষা দিয়া
পিছত ভালবোৰেই দেখিবা...-
অনুভৱ কৰোঁ তোমাৰ
কলিজাৰ আকুল আৰ্তনাদ
অনুভৱ কৰোঁ তোমাৰ
সমীম সপোনৰ ব্যাকুল কাকলি
অনুভৱ কৰোঁ তোমাৰ
মোৰ বাবে থকা ভালপোৱা
দেখিছানে কেতিয়াবা
মোৰ দৃষ্টিৰ আকুলতা
কোনেও নেদেখা, কোনেও নুবুজা
অভিমানী মোৰ কথা
তুমি মোৰ চকুত চোৱা
অনুভৱ কৰিছাঁ?
অনুভৱ কৰোঁ মই
তোমাৰ চহৰৰ নিজানতা
তোমাৰ গানৰ সুৰত
মই পুৱা সাৰ পোৱা
তুমি যে সদায় মোৰ নামেৰে
গান গোৱা প্ৰিয়তমা
তোমাৰ চহৰৰ এটা ঠিকনা দিয়া
যতেই মোক লগ ধৰা।
-
কলেজত পোৱা আটাইতকৈ ডাঙৰ উপহাৰটোয়েই তুমি
মনৰ পৰা কবিতাৰ শব্দবোৰলৈ সদায়েই প্ৰিয় তুমি
তুমি কাষত থাকিলে এনে লাগে যেন সকলো পালোঁ
হাজাৰ মানুহেৰে ভৰা কলেজৰ সুবিশাল কেমপাচটো
তোমাৰ অবিহনে যেন আজি সম্পূৰ্ণ উকা হৈ পৰে
নিজতকৈ বেছি আজি তোমাৰ ডিপাটমেন্টটোয়েই প্ৰিয়
নিজতকৈ বেছি আজি মোৰ তুমিয়েই প্ৰিয় ( সদায় 💗 )
-