-
Juri Baruah
6.9k Followers 0 Following
অসমীয়া❤🌻
24Nov🎂
From:Assam
जहाँ आदर ना हो वहा कभी जाना मत
जो सुनता नहीं उसे कभी समझाना मत
जो ... read more
24Nov🎂
From:Assam
जहाँ आदर ना हो वहा कभी जाना मत
जो सुनता नहीं उसे कभी समझाना मत
जो ... read more
Joined 21 July 2019
25 APR 2022 AT 15:52
শূন্যতা
===
শূন্যতাৰ আঁত ধৰিয়েই
মই আগুৱাই আছোঁ।
শব্দৰ মায়াজালত মই বন্দী হৈছোঁ।
ওলাবলৈ নিবিচাৰোঁ,
ভাল লাগে এই বন্দীত্ব।
একাকিত্ব সময়বোৰত
শব্দৰাজিয়ে মোক লৈ যায়
অনুভৱৰ সুগন্ধিময় উপবনত।
বিষন্নতাই যেতিয়া কোলাহল কৰে,
নিস্তেজ কায়াৰূপী জীৱনটো
যেতিয়া আগুৱাই যাব বিচাৰে
শূন্যতাৰ আঁত ধৰিয়েই মই
প্ৰাৰম্ভণি কৰোঁ,
জীৱন জীয়াৰ কাহিনী।
- জুৰি বৰুৱা-
22 FEB 2022 AT 21:10
//প্ৰস্তুতি চলিছে//
প্ৰস্তুতি চলিছে
কিহৰ?
দুখবোৰ লুকুৱাৰ প্ৰস্তুতি চলিছে ।
নদীখনক সুধি চালোঁ
দুখবোৰ বৈ দিব পাৰিম নেকি?
শূন্যতাক আকোঁৱালি লোৱা হওঁক
তাৰ পিছত আকৌ
জীৱন জীয়াৰ নতুন গান
আৰম্ভণি কৰা হওঁক।
মৰীচিকা খেদি পাৰ কৰা সময়বোৰৰ
আকৌ পুনৰাবৃত্তি নহওঁক,
শূন্যতাৰ পৰাই যেনিবা আৰম্ভণি হওঁক,
অাশ্বানিতভাৱে আকৌ
জী থকাৰ নতুন পৰিকল্পনা।
🖋জুৰি বৰুৱা-