উখল মাখল ৰভাতলী!নাতিনীয়েকৰ বিয়াত, বিহুয়ে সংক্ৰান্তিয়েও এপাক ফুৰিবলৈ সময় নথকা মিতিৰ সকলক দেখি ৮০ বছৰীয়া চকুৰে নমনা, কাণেৰেও কমকৈ শুনা আইতাকৰ চকুত সুখৰ চকুপানী আজি বিৰিঙিছে! কিয়নো নিবিৰিঙব, নাতিনীয়েকৰ বিয়াত আইতাই যে নিজৰ জীৱনৰ ৮০ টা বছৰৰ সম্বন্ধ একেখন ৰভাতলীত দেখিছে!
-
Aspiring to be An anchor
পল অনুপল কৰি পুৰনি 365 টা দিনক স-সন্মানেৰে বিদায় দি আকৌ এটা নতুন বছৰৰ আগমন! আকৌ সেই 31 ডিচেম্বৰৰ নিশাৰ পৰা আৰম্ভ হ'ব ইজনে সিজনক দুদিনীয়া আন্তৰিকতাৰে ভৰা শুভেচ্ছা! তাৰ পাছত আকৌ একে দিন, একে সময়! মাথো দিন বাগৰিব! সময় বাগৰিব! কিন্তু মানুহৰ দৈনন্দিন জীৱনৰ প্ৰতিটো খোজ একেটা গতিৰে গৈ থাকিব! কিছুমান সুখৰ বাট বুটলি যাব আৰু কিছুমানে সেই একে বিষাদভৰা, দুখ-হতাশাৰ জীৱনৰ নেওতাখন পাঠদান কৰি যাব!! এইয়াটো জীৱন! কোনোবা সুখী, কোনোবা কাৰোবাৰ সুখত সুখী আৰু কোনোবা অতন্ত্য দুখী, কিন্তু তেওঁৰ দুখৰ সমভাগী হ'বলৈ কোনো নাই! থাকিবনো ক'ত? এই দুনীয়া মায়াৰ দুনীয়া!মানুহৰ অভাৱে স্বভাৱ নিৰ্ণয় কৰে!!
কোনোবাই যদি সুধে যে নতুন বছৰ তথা 2022 ৰ পৰিক্ল্পনা কি বুলি, হয়টো প্ৰশ্নবোধক সহাঁৰি এটা দিয়াৰ বাহিৰে মোৰ হাতত একো উত্তৰেই নাথাকিব! বিশেষ একো নিবিচাৰো এই বৰ্ষটোৰ পৰা! মাথো এমুঠিমান আকাশ আৰু সদায় মুখখনত এমুকুৰা হাঁহি মাৰি থাকিব বিছাৰো, যি হাঁহি হওঁক প্ৰশান্তিৰ,আৰু স্বপ্নীল আকাশৰ এমুঠিমান জোনাক! বৃত্তি হিচাপত সৰুকৈ কিবা এটা কৰিব পাৰিলেই হ'ল!! যিহেতু টকাত শুবলৈ মন নাই, গতিকে এগালমান টকাৰ প্ৰয়োজনো নাই! মাথো নিগাজীকৈ জীৱনটোক এটা গতি দিব পাৰিলেই হ'ল!! এনেও মোৰ নিচিনা মানুহৰ ভাগ্যত সুখৰ ঠিকনা লিখাই নাই, গতিকে সুখৰ ঠিকনা বিছাৰি ফুৰাটো কিবা অবান্তৰ, আৰু অনৰ্থকৰ বাহিৰে আন একো ন'হব!!
এয়াই মোৰ 2022 ৰ পৰিকল্পনা!-
সূদীৰ্ঘ ৫ টা বছৰৰ পিছত কালিৰ পৰা টি-২০ ক্ৰিকেটৰ মহাৰণ WT-20 UAE ত আৰম্ভ হৈছে! উদ্ধোধনী খেলত অষ্ট্ৰেলীয়াই দক্ষিণ আফ্ৰিকাক পৰাভূত কৰাৰ পাছত লীগ পৰ্যায়ৰ দ্বিতীয়খন খেলত ডিফেণ্ডিং চেম্পিয়ন ৱেষ্ট ইণ্ডিছক শোচনীয়ভাৱে পৰাভূত কৰে ইংলেণ্ডে!! যি কি নহওঁক, সেয়া আছিল ট্ৰেইলাৰস্বৰুপ!! প্ৰকৃত ছবি আজি দেখিবলৈ পোৱা যাব!!
ক্ৰিকেট ইতিহাসৰ দুই চিৰ প্ৰতিদন্ধী ভাৰত আৰু পাকিস্তান মাজত আজি ডুবাইত গ্ৰুপ B ৰ প্ৰথম খন খেল খেলুওৱা হ'ব!! এইখন খেলৰ দ্ধাৰাই উভয় দলে এই বিশ্বকাপৰ নিজৰ প্ৰথমখন খেলিব!!
২০১৯ চনৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ পাছত দুয়োটা দলে প্ৰথম বাৰৰ কাৰনে মুখামুখী হ'ব!! বিশ্বকাপৰ ইতিহাসত ভাৰত পাকিস্তানৰ এতিয়ালৈকে সৰ্বমুঠ ১২ বাৰ আৰু টি-২০ বিশ্বকাপত ৫ বাৰ মুখামুখী হৈছে! আৰু আটাইকেইবাৰ ভাৰতে জয়লাভ কৰিছে! অৰ্থাত বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ ৰেকৰ্ড শূণ্য!! সেই দপদপনি অক্ষুণ্ণ ৰখাৰ মানসেৰে ভাৰতে আজি এই মহাৰণত নামিব! পাকিস্তানেও ভাৰতৰ এই অপৰাজিত গতিক ৰোধৰ বাবে নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ চেষ্টা কৰিব!! আমিও আশাবাদী, গোটেই ক্ৰিকেট দৰ্শক আশাবাদী দুয়োটা দলৰ মাজত আজি এখন হাইভল্টেজ তথা ৰোমান্সকৰ খেল উপভোগ কৰিবলৈ!!
All the Best Indian Cricket Team ❤💐-
সময় হেনো নদীৰ সোতঁৰ দৰে! চাওঁতে চাওঁতে আৰু এটা শৰত অতিক্ৰম!! আন্তৰিকতাৰে ধন্যবাদ সকলোলৈকে!! আপোনালোকৰ শুভেচ্ছা আৰু মৰমবোৰে দিনটো বিশেষ কৰি তুলিলে❤
Honestly, your messages have touched
me beyond words. In short, you have all
just simply made my day! Thank you all again!❤-
I am not Zubeen Garg, But প্ৰীতিৰ সুৱাসে ধুৱাই দিলেহি ,মোৰেই উদাসী মন❤
-
I am not Zubeen Garg, But প্ৰীতিৰ সুৱাসে ধুৱাই দিলেহি ,মোৰেই উদাসী মন❤
-
I am not Zubeen Garg, But প্ৰীতিৰ সুৱাসে ধুৱাই দিলেহি ,মোৰেই উদাসী মন❤
-
:এগছি বন্ধুত্বৰ চাকি:
মোৰ দৃষ্টিত তুমি এগছি বন্ধুত্বৰ চাকি।
যি আজিও জ্বলি আছে আমাৰ এই বন্ধুত্বৰ পৃথিৱীত।।
দুনয়নত অযুত সপোনৰ ৰং লৈ তুমি আগবাঢ়ি গৈছা
বাস্তৱতাৰ পন খেদি খেদি।
ইতিমধ্যে তুমি জীৱন যুদ্ধত নামি পৰিছা
য'ত তোমাৰ উদ্যম আৰু মেধা হৈছে তোমাৰ যুদ্ধৰ আহিলা।
জীৱন যুদ্ধত তুমি হয়তো সুখৰ দুৱাৰৰ চাবি কাঠি বিছাৰি হাবাথুৰি খাইছা।
কিন্তু তুমি কেতিয়াও পিছ হুহকি অহা নাই আৰু নাহিবাও।
তুমি দুহাত মেলি ৰৈ আছা কাৰোবাৰ বাবে,,
স্বপ্নবিভোৰ হৈ আছা কাৰোবাৰ বাবে
হয়তো তোমাৰ হৃদয়ত বিষাদৰ হেন্দোলনিয়ে বহুবাৰ দুলা দি গৈছে
আৰু তাকেই তুমি জীৱন বুলি আখ্যা দি মনত সান্ত্বনা লভিছা I
দুটা মন মিল হ'লে যদি প্ৰেম হয়
দুটা আত্মাৰ মিলন হ'লে সেৱা বন্ধুত্বও হয়।
আমি যেন এই যান্ত্ৰিক আকাশৰ দুটি মুকলিমুৰিয়া পখী
আমি উৰি ফুৰিছোঁ সুখৰ সংজ্ঞা বিছাৰি।
নাজানোঁ পাৰিম নে নোৱাৰিম আজি আমি সাঁতুৰি যাবলৈ এই জীৱন নৈ;
কিন্তু অযুত বাধা বিঘিনিৰ মাজতো যাতে চিৰ প্ৰবাহিত হৈ থাকিব আমাৰ এই বন্ধুত্বৰ নৈ।
-
জীৱন- বিশ্বাসৰ এটি নাম বন্ধুত্ব.
চিৰযুগমীয়া এই সম্বন্ধক কৰি ৰাখিছো আমি পবিত্ৰ !
অহংকাৰ, স্বাৰ্থপৰতাৰ পৰা আমাৰ এই বন্ধুত্ব মুক্ত !
আন্তৰিকতা আৰু সহযোগীতাই আমাৰ বন্ধুত্বৰ মূল মন্ত্ৰ!
ইয়াৰ জৰিয়তে বিকশিত হয় আমাৰ বন্ধুত্বৰ মহত্ব!
হাঁহি-ধেমালিৰ সংমিশ্ৰণৰে গঢ়ো আমি একোটো একোটা মূল্যৱান মহুুৰ্ত !
আৰু এই মহুৰ্তবোৰেই প্ৰমাণ কৰে আমাৰ এই চিৰযুগমীয়া বন্ধুত্ব !
বন্ধুত্ব দিৱসৰ শুভেচ্ছা সকলোলৈকে🙏-
আজিৰ বাণী= বিপদত মানুহক সদায় সহায় কৰিব লাগে!👇
(কেমেৰাটো ঘৰতে থৈ যাবচোন দেই)-