QUOTES ON #নৱবৰ্ষ

#নৱবৰ্ষ quotes

Trending | Latest

২০২০ বৰ্ষৰ সময়বোৰ ভাল-বেয়াৰ মাজেৰে পাৰ হৈ গ'ল |সমগ্ৰ বিশ্বৰ বাবে চাব গ'লে এটি অভিশপ্ত বছৰ পাৰ হ'ল কৰোণা মহামাৰীৰ মাজেৰে |কেতিয়াও কোনোদিন আমি ভাবিব নোৱাৰা অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ'লোঁ |বছৰটো লকডাউনৰ মাজতো পাৰ হৈ গ'ল |সময় বাগৰি গ'ল সুখ-দুখ,হাঁহি-কান্দোনৰ সংমিশ্ৰণৰ মাজেৰে |আশা কৰোঁ নতুন বৰ্ষটিয়ে আমাৰ মাজলৈ ন উদ্যম আশাৰ বতৰা কঢ়িয়াই আনিব |সকলোলৈকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ |শুভ নৱবৰ্ষ ২০২১ 😊

-


1 JAN 2019 AT 0:42

❤কোনোবা অচিনাকীবোৰ আপোন হ'ল ❤
কোনোবা চিনাকিবোৰ আঁতৰি গ'ল
জীৱন জানো থমকি ৰ'ব !!
❤সময়ৰ সোঁতত অভিজ্ঞতাবোৰ বাঢ়িল❤
শিকিলোঁ , বুজিলোঁ
কিছু দিলে , কিছু নিলে
❤ নতুন সময়ৰ নতুন সুযোগ ❤
এনেকৈয়ে গৈ থাকক জীৱন
❤ "জীৱন জিন্দাবাদ" ❤

-



হয়তো ভবা নাছিলোঁ
মোৰো জীৱনলৈ কোনোবা
ইমান কাষ চাপি আহিব ,
ভালপোৱাৰ তাড়নাই মোক
তেওঁৰ কৰি তুলিব..
নজনাকৈয়ে হৃদয়খন সঁপি দিলোঁ
তেওঁ স্নেহময় হৃদয়ত
দুয়োৰে ভালপোৱা আৰু বিশ্বাসৰ
সোঁতত বাংময় আজি
পুৱাৰ প্ৰথম কিৰণ ৰ'দ !!
জীৱনে আমাৰ যেন
সুখবোৰ বুটলি হাঁহিময়
কৰি তোলক সকলোৰে জীৱন...
ভালপোৱাবোৰেও জিৰণি লৈ
প্ৰতিজন ব্যক্তিক হৃদয়ৱান কৰক,
আজিৰ এই নিয়ৰসনা পুৱাৰ
নতুন সপোনে
সকলোৰে জীৱন আলোকিত কৰক
🌷শুভ নৱবৰ্ষ ২০১৯🌷|



-


1 JAN 2019 AT 10:18

যোৱাবোৰ গ'ল গৈ..
থকাবোৰ থাকিবই..
আৰু নতুনবোৰ আহিবই..
তেন্তে অভিযোগ কিহৰ !!
হে নতুন সময়..
কৰি তোলা প্ৰতি পল মধুময় !!!

-


31 DEC 2019 AT 16:06

দু্চকু ভৰি উঠাত ওপৰফালে মূৰ দাঙি তাই এৰা হুমুনিয়াহ একোটি সাৱতি ল'ব পৰাকৈ এখনি আকাশ,
নিজক লুকুৱাই ভাগৰি পৰা তাই জিৰাবলৈ এখনি কোলা..
বাচ!
এয়াই হয়তো বহুত তাইৰ বাবে..সেইখিনিয়ে তাইৰ নিজৰ হৈ ৰওঁক!
বাকী..জীয়াই থাকক সকলোৰে সপোনবোৰ..জীয়াই থাকক "জীয়া" হাঁহিবোৰ।
শুভকামনা🌸

-


31 DEC 2020 AT 10:56

~ স্বাগতম নৱবৰ্ষ ~

স্বাগতম নৱবৰ্ষ.....
দুচকুত সপোন , হৃদয়ত অজুত ভালপোৱা ,
দুহাতত হাজাৰ শুভকামনা
এটি নতুন বছৰক আদৰিবলৈ ।
২০২০ৰ এই ঘটনা বহুল বৰ্ষটিক বিদায় দি
এটি নতুন বছৰক আকোঁৱালি ল'বলৈ ,
আমি সকলো অপেক্ষাৰত ।

স্বাগতম নৱবৰ্ষ ২০২১
তুমি শৰৎতৰ শেৱালী হৈ ,
জোনাকৰ দলিচাত সুবাস বিলোৱা ।
ফাগুনৰ পছোৱা হৈ কঢ়িয়াই আনা আশাৰ বতৰা ....
নৱবৰ্ষ তুমি আহা আমাৰ জীৱনলৈ ,
শান্তি বাৰ্তা লৈ ।

তুমি শেষ কৰিব লাগিব সমাজৰ পৰা
হিংসা , সন্ত্ৰাস , ধৰ্ষণ আৰু মহামাৰী কৰণা সন্ত্ৰাস ।
সেই নৱবৰ্ষ তুমি আহা সুখ শান্তি বাৰ্তা লৈ ,
তোমাৰ ৰঙীণ কিৰণে কঢ়িয়াই আনক আশা বাৰ্তা ।

-



কিছুমান মানুহক চিনি পাবলৈ সময় লাগিব পাৰে কিন্তু চিনি পোৱাত হয়তো ভুল নহয়। এই বছৰটোৱে বহুতো মুখা পিন্ধা আপোন মানুহক চিনাকি কৰাত সহায় কৰিলে, যি সন্মুখত আপোনত্বৰ নিচান উৰুৱাই পিছফালৰ পৰা প্ৰতাৰণা কৰি থাকে। এইবছৰটোৰ লগতে তেওঁলোকৰ এনেকুৱা মামৰে ধৰা মানসিকতাবোৰ নিপাত যাওঁক আৰু নতুন বছৰটোৰ পৰা যেন তেওঁলোকৰ মানসিকতা বোৰো ধনাত্মক হওঁক তাৰেই কামনা কৰিলো।
বাকী নতুন বছৰটো ৰঙীন হওঁক, উলাহৰ হওঁক সকলোৰে বাবে।।
ধন্যবাদ😊

-


31 DEC 2021 AT 21:18

নতুন প্ৰভাত নতুন সূৰুজৰ আগমনত মন উল্লসিত,
সময়ৰ পাখিত উৰি নৱবৰ্ষ আদৰাৰ সময় সমাগত।
পোৱা নোপোৱা হিচাপ নিকাচত পাৰ হৈ গ'ল এটা বছৰ,
হৈ যোৱাবোৰ অভিজ্ঞতা আৰু আহি থকাবোৰ একোটা সুযোগ জীৱনৰ।
সফলতাই দিলে জীৱনক নতুন মাত্রা,
বিফলতাই দিলে ভূলৰ শুধৰণিৰ শিক্ষা।
ন ন প্ৰতিশ্ৰুতিৰে ভৰা নৱবৰ্ষই কঢ়িয়াই আনিব আনন্দৰ মেলা,
সম্ভৱনাৰে পূৰ্ণ সপোনবোৰ বাস্তৱিক কৰাৰ আশা।
জীৱনৰ আমানিশাবোৰ আঁতৰ হ'ব,
বিষাদৰ ছায়া আঁতৰি যাব।

হৃদয়ত জীৱনমুখী এজাক সপোনৰ কোলাহল,
হাঁহি বিৰিঙি উঠা দুচকুত মেৰিয়াই হেঁপাহৰ আঁচল ।
এজাক ফাগুনৰ পছোৱা হৈ কঢ়িয়াই আনিব শান্তিৰ বতৰা,
নিয়ৰসনা পুৱাৰ কিৰণে আলোকিত কৰিব ধৰা।
হেঁপাহৰে ভৰা জীৱনটো অপ্ৰাপ্তিৰপৰা প্ৰাপ্তিলৈ ৰূপান্তৰিত হ'ব,
ন সুৰুযৰ ৰাঙলী আভাই সকলোৰে জীৱনত ৰং ছটিয়াব।
জীৱন জিন্দাবাদ।।
স্বাগতম নৱবৰ্ষ ২০২২।।
(সকলোলৈকে নৱবৰ্ষৰ অলেখ শুভকামনাৰে)
✍🏻ইন্দ্ৰানী

-



নৱবৰ্ষৰ
এই নতুন দিনবোৰলৈ
আপোনাক স্বাগতম জনালোঁ..

-


22 DEC 2023 AT 10:26

নৱবৰ্ষ

সম্ভাৱনাৰ শৰাই সজাই
এটি বৰ্ষ আহে আৰু যায়।
একেই প্ৰস্তুতি,আদৰাৰ...
একেই বিষাদ, বিদায়ৰ......
দি থৈ যায় বিপুল আৰ্শীবাদ,
শিক্ষা জীৱনবোধৰ,
কাৰোবাৰ বাবে বেদনা,
নতুবা চূৰ্ণ বিচূৰ্ণ বালিঘৰ,,
ধুমুহাই থান বান কৰি গলেও
জীয়াই থকাৰ,জী উঠাৰ হাবিয়াস, উদ্যমতা
দুগুণে বাঢ়ে;
সম্ভাৱনাৰ টোপোলা ভৰাই আকৌ এটি নৱবৰ্ষ।
ছটিয়াই হৰ্ষ, সজাই সপোন, শ্যামলী ধৰণী...
স্বাগতম পুনৰাই, স্বাগতম পুনৰাই....🙏🙏🙏

-