মোৰ পৰা মোলৈ ফোন এটা কৰিব পৰা হ'লে,
মই মোক সাৱটি ধৰি কান্দিব পৰা হ'লে,
মই মোক কপালত চুমা এটা খাই ক'ব পৰা হ'লে,
"চিন্তা নকৰিবা, মই আছোঁ নহয় কিবা হ'লে"
যিদৰে সামৰি থাকোঁ আনক
তেনেকৈ মই মোকো সামৰিব পৰা হ'লে..
মই বেলেগ এটা মানুহ হৈ মোৰ লগত থাকিব পৰা হ'লে..
মোক আৱৰিব পৰা যে কাকোৱেই নাপাওঁ,
মোৰ বাহিৰে..
মোৰ পৰা মোলৈ ফোন এটা কৰিব পৰা হ'লে সুধিলোহেঁতেন,
"হেল্ল', অলপ কান্দিব পাৰো নে?"-
তাতো মই থাকোঁ পুৱাৰ প্ৰথম ৰ'দৰ দৰে !!
মোৰ পৰা মোলৈ ফোন এটা কৰিব পৰা হ'লে,
মই মোক সাৱটি ধৰি পৰা হ'লে,
মই মোক কপালত চুমা এটা খাই ক'ব পৰা হ'লে,
"চিন্তা নকৰিবা, মই আছোঁ নহয় কিবা হ'লে"
যিদৰে সামৰি থাকোঁ আনক
তেনেকৈ মই মোকো সামৰিব পৰা হ'লে..
মই বেলেগ এটা মানুহ হৈ মোৰ লগত থাকিব পৰা হ'লে..
মোক আৱৰিব পৰা যে কাকোৱেই নাপাওঁ,
মোৰ বাহিৰে..
মোৰ পৰা মোলৈ ফোন এটা কৰিব পৰা হ'লে সুধিলোহেঁতেন,
"হেল্ল', অলপ কান্দিব পাৰো নে?"-
আজি বহুদিনেই হ'ল,
কান্দিবলৈ এটুকুৰা ঠাই বিচাৰি ফুৰিছোঁ
ওহোঁ, কোনোবা দুদিনীয়া আলহীৰ বুকু নালাগে
নালাগে কোনোবা দুদিনৰ কমফ'ৰ্ট জ'নৰ ৰুম
নিজান জোনাক নালাগে,
নালাগে নৈ পৰীয়া আবেলি বা বৰষুণ
মোক শব্দও নালাগে, নালাগে চিয়াঁহী
মোক এটুকুৰা নিজাকৈ ঠাই লাগে
মোৰ বুলিব পৰাকৈ
মই ভালে নথকাৰ খবৰ দিব পৰাকৈ
উজাৰি কান্দিব পৰাকৈ
য'ত পোহৰ নাথাকে
য'ত কোনো প্ৰশ্ন নাথাকে
য'ত কোনো দায়িত্ব নাথাকে
মোক মই কৰিব পৰাকৈ,
মোক মোৰ দৰে বুজিব পৰাকৈ,
মাত্ৰ এটুকুৰা ঠাই,
নিজক উজাৰি য'ত কান্দিব পৰা যায়..
✍️কৌশিক-
তেওঁৰ মাজত সকলোৱে ঈশ্বৰ বিচাৰি পাই,
ৰাজনীতি বিচাৰি পাই,
সুদর্শনৰ ভৰত মোৰ মুৰুলীধৰ কানাই
বাৰে বাৰে হেৰাই,
বাৰে বাৰে হেৰায়।-
যোৱা ৰাতি এজাক বৰষুণ আহিছিল
মোৰ বাগিছাৰ গোলাপজোপা ছিঙি ভাঙি গ'ল
আজি পুৱা মেঘ এটুকুৰাই ক'লে,
ভাঙি থৈ নগ'লে সেয়া প্ৰেম কেনেকৈ হ'ল !-
অনুভূতিৰ কফিনটোত শেষ গজালটো বৰ নিৰ্মম ভাৱে মাৰিলা তুমি। প্ৰতিশ্ৰুতিৰ মৰিশালিখনত এতিয়াৰ পৰা নীৰৱে শুই থাকিব তোমাৰ নামত থকা প্রতিটো হেঁপাহ। অভিমানেৰে আমনি আৰু নোপোৱা কাহানি। আমাৰ কাহিনী শুনোৱা জোনাকত এতিয়া আউসী, সময়বোৰো উদাস উদাস।
-
ভেলেণ্টাইন ডে' লৈ নহয়, ফাগুণলৈ হে ৰৈ আছোঁ । ৰ'জ, চকলেট নাইবা টেডি লৈ নহয়, পলাশ আৰু শিমলুলৈ ৰৈ আছোঁ । হাগ ডে কিছ ডে নালাগে, পাৰিলে আহিবা চোন ফাগুণতে, পছোৱাই সৰোৱা সৰাপাতৰ বৰষুণত দুষাৰ কথা পাতিবলৈ ৰৈ আছোঁ ।
-