তুমি, মোৰ হোৱা কাম্য নহয়..
তুমি, তোমাৰ দৰে থাকা,সেয়াই কামনা মনৰ।
ফুলপাহ গছতেই দেখি অধিক শুৱনি,
হিমশীতল কুলকুল বাঢ়ে নিজৰাৰ ধ্বনি,
সূৰুযৰ আভাত প্ৰকৃতি নিতৌ ধুনীয়া দেখি,
সেয়া জানো কেমেৰাত কৰিব পাৰে বন্দী,
তুমি, তুমি হৈ ৰোৱা...
নিতৌ বাঢ়িব মোৰ উৎকণ্ঠা...
হেজাৰ ধুমুহাই বিক্ষত নকৰাকৈ
তুমি, তুমি হৈ ৰোৱা....
গতিশীল জীৱনৰ আজন্ম সংগী হৈ...-
সময়
সময়বোৰ নিৰিবিলি
বৈ যায় নিৰবধি,
জীৱনৰ প্ৰথম প্ৰহৰৰ পৰা
হয় লগৰী,
থমকি ৰ'ব খোজা ক্ষণত শিক্ষয়িত্ৰী,
উজুটি খাব খোজা পলত সংগী,
সুখ -দুখত জীৱনৰ সাক্ষী।
অথচ
পাহৰি পেলাওঁ আমি
সময়ৰ প্ৰবাহমান গতি।
যিয়ে সাৱটি ৰাখে আমাক
ডাংকোলা কৰি,
হে সময়....
আগুৱাই নিয়া আমাক কৰি জীৱনমুখী।
হেৰুৱা সময় নাহে উভতি,
আগন্তুক সময়ত লওঁ পথ সংশোধনী,
সম্পূৰ্ণ হওঁক জীৱনৰ আধৰুৱা ডায়েৰী.....
তুমি অনাদি,তুমি নিত্য,
তুমি ঈশ্বৰৰ শ্বাশত শক্তি।-
অৰ্ধ জোনাক
কেনেকৈ পাহৰো তোমাক
তুমি মোৰ সপোনৰ জোনাক।
নিয়তিৰ নিৰ্মম উল্লাস ;
নহ'বা কিজানি তুমি,
এই জনমত মোৰ আকাশ।
আকাশৰ নীলা ৰং কেনিবা হেৰাল?
ৰামধেনুৰ সাতোৰঙী ক'তেনো লুকাল?
চোতালৰ দুৱৰিও মৰহি পৰিল,
দুহাতেৰে গঢ়া ভেঁটি আধাতে খহিল...-
নিমিষ
কুঁৱলীৰ আচ্ছাদন ফালি চিৰসেউজ অৰণ্যলৈ বনভোজৰ বাবে অগ্ৰসৰ হোৱা মটৰখন নিৰ্মম সময়ৰ কালচক্ৰত হ'ল সন্ধানহীন।
-
নিবিড়
লগ পালোঁ এনে এজন
ব্যক্তি আজি,
তেওঁ যেন মোৰ
বন্ধ কোঠালিৰ হেৰুৱা চাবি এটি।
তেওঁক দেখিলে
বাঢ়ে মন মন্দিৰৰ
বন্তিৰ দ্বীপ্তি,
শান্ত হয়
অশান্ত সাগৰৰ
জল পৰিধি ।
তেওঁ যেন
সুৰ সমলয়,
অমাৱস্যাৰ শেষত
সূৰ্যোদয়।-
ধূম্ৰপান
দুটা আঙুলিৰ মাজৰ ফিৰিঙতিৰে আৰম্ভ হৈছিল তুঁহজুইৰ গুণাগথাঁ। প্ৰথমে হাওঁফাওঁ আৰু লাহে লাহে কোঙা কৰি পেলাইছিল মৃণ্ময় শৰীৰ। অৱশেষত তাৰ অস্হি ছাঁই হ'ল। শেষ হ'ল খাণ্ডৱ দহন।-