নব্যনীল নীলাভ   (Neelu)
338 Followers · 195 Following

read more
Joined 7 December 2018


read more
Joined 7 December 2018

মোক মোৰ পৰা বৈ যাবলৈ দিয়ক আপোনালৈ.....
আপোনাৰ প্ৰেম বিন্যাসত সুবাসিত হৈ উঠক
মোৰ জৰাজীৰ্ণ হৃদয়ৰ দুয়োটি পাৰ!

আপোনাক আপোনাৰ পৰা বৈ আহিবলৈ দিয়ক মোলৈ.....
মোৰ সমাধিস্থ সপোনৰ অৱশিষ্ট বুটলি
হৈ পৰক আপুনি যুগ-যুগান্তৰলৈ জাতিষ্কাৰ।।

-



এদিন ঈশ্বৰক সুধিম,
অপ্ৰাপ্ত বুলি ঠিৰাং হৈ থকা প্ৰতিটো বস্তু, প্ৰতিজন ব্যক্তিৰ প্ৰতি আমাৰ ইমান মোহ কিয় ?
কিয় প্ৰতিবাৰেই হাঁহি হাঁহি বিদায় দিবলগীয়া হয় সেইজনক,
যাক পোৱাৰ বাবে এদিন আমি ঈশ্বৰক কান্দি কান্দি প্ৰাৰ্থনা কৰো ??

-



যাৰ জন্মই এক কীৰ্তন
যাৰ ওপজননৰ অৰ্থই দুষ্টক দমন আৰু শান্তক পালন,
যাৰ আঙ্গুল বলয়ত থিতাপি লৈ ওঁঠত প্ৰাণ পাই সুমিষ্ট মুৰুলী
যাৰ শিৰত প্ৰাণ পাই শোভাবর্ধন কৰে ময়ূৰৰ পাখি,
যাৰ তৰ্জনী আঙুলিত পৰিবেষ্টিত হয় সুদৰ্শন চক্ৰ
যি ৰুক্মিণীৰ স্বামী হৈওঁ ৰাধা-কৃষ্ণ ৰূপে সৰ্বজন বিদিত,
নৃলোকৰ সমস্ত শক্তিৰ অধিকাৰী হৈওঁ যি সুস্থিৰ আৰু প্ৰশান্ত
যি দৈৱকীৰ গৰ্ভস্থ হৈওঁ যশোদাৰ পুত্ৰ ৰূপে জ্ঞাত,
যি সমস্ত জগতৰ পালক হৈও গকুলৰ গো বালক ৰূপে চিহ্নিত
তেৱেই আৰাধ্য ঈশ্বৰ ভগৱান শ্ৰীকৃষ্ণ

সকলোকে জন্মাষ্টমীৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো🙏🏻

-



কাৰোবাৰ প্ৰাৰ্থনাত স্থান পাবলৈ আমি তেওঁৰ হৃদয়তো নিগাজিকৈ ঘৰ সাজিব পাৰিব লাগিব। একেটা উশাহত তেওঁৰ বাবে জ্বলি উঠা প্ৰতিগছি বন্তিয়ে সম্পৰ্কৰ বাঘজৰী ডাল মজবুত কৰি তুলিব।😊❤️

-



কি কৰিম কোৱা;
তুমি আহিলে মোৰ চহৰখনত অভিমানবোৰ নিষিদ্ধ হয়,
এই যে হতাশাই ভাৰাক্ৰান্ত কৰা বুকুখনক তোমাৰ এষাৰী মাতে নতুনকৈ জীয়াই তোলে;
এইখিনিয়েই... এইখিনিয়েই মোৰ সম্ভাৱনাৰ সত্ত্বাটোক জীপাল কৰে....প্ৰতিপল!
এনেকৈয়ে প্ৰিয় হৈ থাকা তুমি মোৰ প্ৰতিটো উশাহৰ.....।।

-



~অভিমান~
আপোনাৰ বাবেই মোৰ অভিমান বোৰ প্ৰসিদ্ধ হয়,
এই যে sunslik চুলি কোছাৰে আপুনি চহৰখনক নিদ্ৰাহীন কৰে;
ব্যস্ত কৰি তোলে অজস্ৰ ডেকাৰ Whatsapp ৰ Chat List,
সুৰাৰ বিপনীত যে বাঢ়ি যায় ট্ৰেজিক প্ৰেমিকৰ দীঘলীয়া শাৰী;
কামনাৰ জুইকুৰা যে অহৰ্নিশে উমি উমি জ্বলে,
এই বোৰেই মোৰ বুকুৰ অভিমান বোৰক প্ৰসিদ্ধ কৰি তোলে!
অথচ আপোনাৰ হৃদয় কেকুৰিত আজিও নিষিদ্ধ
এই প্ৰেমিকৰ আসক্ত অনুভূতি....😊❤️

-



তুমি যদি কাৰোবাক মৰম দিছা ন। You should be proud of that . তুমি selflessly, unconditionally কাৰোবাক মৰম দিছা । সেই মৰমৰ value যদি কোনোবাই দিব পৰা নাই, সেইটো তোমাৰ ভুল নহয়, তাত তোমাৰ দোষ নাই। গতিকে তুমি কিয় কষ্ট পাই থাকিবা? তুমি কিয় দুখত থাকিবা? You should be happy যে তুমি মৰম দিছা। তুমি honest হয়, তুমি strong হয়, তুমি true love কৰিছা । So why are u suffering? তুমি suffer কৰিব নালাগে ।সেইজনে suffer কৰিব লাগে যিয়ে তোমাৰ সঁচা মৰম হেৰুৱালে। সেইজনে suffer কৰিব লাগে যি তোমাৰ দৰে এজন ব্যক্তিক হেৰুৱালে। সেইজনে suffer কৰিব লাগে যিয়ে honesty হেৰুৱালে। So তুমি কিয় কষ্ট পাই আছা? You should be happy. তুমি মৰম দিলা, তেওঁ value নকৰিলে , তেওঁ গুচি গ'ল। কেতিয়াবা হয়তো তেওঁ বুজিব তোমাৰ মৰম and that will be too late. এতিয়া প্ৰথম কথা হ'ল, তুমি নিজৰ বিষয়ে চিন্তা কৰা। নিজৰ কথা চিন্তা কৰা। মা-দেউতাৰ কথা চিন্তা কৰা। কেৰিয়াৰৰ কথা চিন্তা কৰা। And love will come to u, one day , some day, someone will come into your life. অকলে কেতিয়াও মানুহ life spend নকৰে।
There will be someone in your life. But accept that person who values u, Who understands u and who loves u.
So all the best...😊
🎤 RJ Pahi

-



তোমাৰ কৰ্ণ কুণ্ডিলৰ কাষৰৰ পৰা এদিন অস্তগামী সূৰুযক চোৱাৰ হেঁপাহ,
তোমাৰ অবিন্যস্ত কেশৰৰ সুঘ্ৰাণত ডুবি এদিন তোমাতেই হেৰোৱাৰ প্ৰয়াস!
তুমি-মই মিলি আমি হোৱাৰ হাবিয়াস,
প্ৰণয়ৰ বৰষাত ওমলে আপ্লুত শব্দ বিন্যাস...💓

-



তুমি কেনে আছে অথবা কেনেকৈ থকাৰ প্ৰয়োজন, আজিকালি মোৰ বাবে অপ্ৰয়োজনীয়।
প্ৰতাৰণাৰ শিৰচ্ছেদত ৰাঙলি মোৰ বুকুৰ কেকুৰি।
অৱসাদৰ অৰণ্যৰোদন, বিলাপত শূন্যতাৰ কুকুহা, মৌসনা মাতষাৰিৰ অন্তত বিশৃংখলতাৰ প্ৰতিধ্বনি!
অৱশ্যে এতিয়াও মোৰ চহৰলৈ ফাগুন নামে; প্ৰতি নিশা।
মোৰ ফাগুন যে লঠঙা, উন্মাদ, বিদ্ৰোহী আৰু আধৰুৱা।
প্ৰতিটো অজুহাতৰ ষ্টপেজত অকলেই আগুৱাব পৰাকৈ মোৰ বুকুত সাহসৰ জয়গান।
চিগাৰেটৰ ধোঁৱাত উকমুকাই তেজোদ্বীপ্ত নিতাল নিশা।
তুমি এক সোঁৱৰণী, স্বপ্নভঙ্গৰ....😊

-



𝑫𝒐𝒏'𝒕 𝒎𝒂𝒌𝒆 𝒂𝒏𝒚𝒐𝒏𝒆 𝒔𝒑𝒆𝒄𝒊𝒂𝒍... 𝑩𝒆𝒄𝒂𝒖𝒔𝒆 𝒆𝒗𝒆𝒓𝒚𝒐𝒏𝒆 𝒊𝒏 𝒍𝒊𝒇𝒆 𝒊𝒔 𝒋𝒖𝒔𝒕 𝒂 𝒈𝒖𝒆𝒔𝒕 𝒇𝒐𝒓 𝒂 𝒇𝒆𝒘 𝒎𝒐𝒎𝒆𝒏𝒕𝒔..😊

-


Fetching নব্যনীল নীলাভ Quotes