বিদায় নৰ্থ বেংক মহাবিদ্যালয়
------------------------------ বিশ্বজিৎ শইকীয়া🖋️
বিদায় নৰ্থ বেংক মহাবিদ্যালয় বিদায়
কোনো এটা ৰৌদ্দোজ্বল পূৱাত তোমাৰ বুকুত
খুদিত হৈছিল মোৰ নাম আৰু ঠিকনা,
আৰু সেই দিনাৰ পৰাই যেন বহুত আপোন হৈ পৰিছিলা তুমি ।
দুচকুত অজুত সপোন, হেঁপাহ আৰু এটা এটি হাঁহি লৈ,
আগমন কৰিছিলোঁ তোমাৰ বুকুলৈ ।
কিন্তু বিদায় ই এক চিৰন্তন সত্য
যেনেদৰে এদিন আহিছিলোঁ তেনেদৰে এদিন যাবই লাগিব,
মাথোঁ ৰৈ যায় সকলো স্মৃতি পাতত
চকুৰ পলকতে কেতিয়ানো তিনিটা বছৰ অতিবাহিত হ'ল গমকেই নাপালোঁ ,
কিন্তু আজি আহি উপস্থিত হলোহি সেই বিদায় ক্ষণত ।
আৰু নাহো তোমাৰ দেবদাৰু দেশত জিৰণি লবলৈ,
লগৰ সমনীয়াৰ লগত আদ্দা দিবলৈ ।
কিমান যে ভাল লাগিছিল বন্ধু - বান্ধবী সকলৰ লগত
হাঁহি ধেমালিৰে দিনবোৰ অতিবাহিত কৰি
ছাৰ - বাইদেউ সকলোৰ পৰা কিমান যে নজনা কথা জানিব পাৰিছিলোঁ
আৰু ভুল কৰিলে গালিও শুনিছিলোঁ ।
আজি যেন অশ্ৰুসিক্ত নয়নেৰে ভৰি পৰিছে
তোমাক বিদায় দিবলৈ পায় ।
মহাবিদ্যালয়ৰ প্রতিটো কোঠাই যেন হাতবাউলি মাতিছে
দুচকুত অশ্ৰুসিক্ত টোপাল দেখি ।
তোমাৰ আপোন পোচাকজোৰ আজিৰ পৰা নিঠৰ হৈ পৰিব
আলমাৰী কোনো এটা চুকত ।
বিদায় নৰ্থ বেংক মহাবিদ্যালয় আকৌ কেতিয়াবা লগ হম দিয়া
তোমাৰ প্ৰতিষ্ঠা দিৱস নতুবা বেলেগ অনুষ্ঠানত।
দেবদাৰু দেশত জিৰণি লবলৈ আকৌ আহিম.....
তাৰে কামনাৰে বিদায় বন্ধু - বান্ধবী সকল বিদায় ছাৰ- বাইদেউ সকল 😥😥💖💕-
পাৰা যদি আকৌ এবাৰ ভুমুকি মাৰিবা চোন
মৰমৰ অভাৱত কঙাল হৈ পৰা হৃদয় খনত...
পাৰিলে আকৌ এবাৰ জীপাল কৰি দিবাহি
লঠঙা বৃক্ষৰ দৰে নিস্তব্ধ হৈ পৰা হৃদয়খন।
লিখিব বিচাৰো পুনৰ এক প্রেমৰ কাহিনী.. 😘
কেতিয়াবা তুমি অনুভৱ কৰিছানে
সপোনৰ দৰে হেৰাই যোৱা সেই ভালপোৱাৰ মাদকতাবোৰ
মোৰ যে বৰকৈ মনত পৰে জানা !!
হৃদয়ত ঢৌ তুলি যোৱা তোমাৰ সেই
উশাহী উশাহী কথাবোৰলৈ ।
কেতিয়াবা কেতিয়াবা গভীৰ নিদ্ৰাৰ মাজতো যেন ,
তোমাৰ দুচকুৰ নিভাঁজ চাৱনিৰ আকুলতাত হেৰাই যাওঁ ।
এতিয়া যেন সেই ভগ্ন প্রেমৰ সমাধিত
কেৱল মাত্র ভগ্ন হৃদয়র উচুপনি ।
সেইয়া হয়তো ভালপোৱা নাছিল ,
ভালপােৱাক দোহাই দি কৰা এক অভিনয়হে আছিল ।
অথবা মোৰ সেই ভালপোৱাক হানি খুচি হত্যা কৰা
এক অপচেষ্টা হব পাৰে,
তথাপিও মই সেই ক'লা অধ্যায়বোৰ সামৰি
আকৌ এবাৰ তোমাৰ প্রেমত পৰিব বিচাৰোঁ ।
কটাব বিচাৰোঁ এক নিৰিবিলি জীৱন
য'ত মৰম, ভালপোৱা আৰু বিশ্বাসেৰে ভৰি থাকে !!
নাজানো এইয়া কিমান সম্ভৱ ,
মাথোঁ সপোন দেখিছোঁ তোমাৰ হতে জীৱন কটোৱা
মই যেন আকৌ এবাৰ তোমাৰ প্রেমত পৰিব ধৰিছোঁ ।-
............ তোমাৰ প্ৰেমৰ চহৰলৈ বুলি.............
দিবানে সঁহাৰি যদি মই ,
তোমাৰ প্ৰেমৰ চহৰলৈ যাব বিচাৰোঁ !
বহুতো হেঁপাহ, বহুতো মৰম ,
বহুতো আশা আৰু সপোনবোৰ লগৰী কৰি ।
যাব বিচাৰোঁ তোমাৰ প্ৰেমৰ চহৰলৈ ।।
কিয় জানো তোমাক দেখাৰ পৰা
তোমাৰ প্ৰতিচ্ছবিয়ে মোক কিয় ইমান আমনি কৰে ,
প্ৰতিদিনে প্ৰতি পলে ।
ভাল লাগে তোমাৰ কাজল বিহীন চকুজুৰি
আৰু ভাল লাগে তোমাৰ হাতৰ আঙুলিৰে
সামৰিব নোৱাৰা মেঘালী চুলিটাৰি ।।
কেতিয়াবা এনে অনুভৱ হয় ..
তুমি হিনতাত যেন শূণ্য হৈ পৰিব মোৰ জীৱন ।
শূণ্য হৈ পৰিব যেন সকলো ,
ভালপোৱাৰ আৱেগেই হয়তো বেলেগ !
সেইবাবেই হয়তো দুচকুত কেৱল তোমাকেই দেখা পাওঁ ।
সেউজীয়া খিনিৰ পৰা আকাশৰ নীলাবোৰৰ মাজতো যেন
তোমাকেই বিচাৰি পাওঁ..........
মাথোঁ মই তোমাৰ প্ৰেমৰ চহৰলৈ যাব বিচাৰোঁ ।।
-
............... আজিও অপেক্ষাৰত ..............
দুবাহুত ৰঙীণ সপোনবোৰ লৈ !
আজিও তুমি আহিবা বুলি মই অপেক্ষাৰত ,
তুমি এৰি থৈ যোৱা কেঁচা কেকুৰিটোৰ মূৰত গৈ
প্ৰতি দিনেই চাওঁ তুমি আহিবা বুলি ?
তুমি আজি কাষত নাই যদিও লৈ ফুৰিছো
তোমাৰ স্মৃতি বোৰ হৃদয়ৰ প্ৰতিটো কোণত ।
তুমি আজি কাষত নাই অথচ ....
প্ৰতি উশাহৰ ভাজে ভাজে মনত পৰে তোমালৈ ।।
তুমি হীনতাত শূণ্য হৈ পৰিছে মোৰ জীৱন গাঁথা ...
ভাবনাবোৰো যেন নিসংগ হৈ পৰিছে তুমি হীনতাত ।
কিন্তু , তুমি টো মোৰ নহয় ?
আন সুখী মানুহৰ দৰে আজি তুমি সুখী
প্ৰিয়জনৰ সৈতে ।
মাথোঁ মইহে সেই স্মৃতি বোৰ ৰুমন্থন কৰি
দুখৰ সাগৰ ডুব গৈ আছোঁ ,
আৰু প্ৰতি দিনেই যেন উচুপি উঠে মোৰ মেঘাচন্ন হৃদয় ...
তথাপিও আজি মই অপেক্ষাৰত তুমি আহিবা বুলি !
-
মইয়ো দিনটোৰ শেষত ভাগৰি পৰো....
অথচ শুব নোৱাৰি কেতিয়াবা
বিছনাত চটফটাই ফুৰো ।।
কাৰণ আপোনাৰ সৈতে অতিবাহিত
কৰা স্মৃতি বোৰে বৰকৈ আমনি কৰে ।
-
দুখৰ কথানো কি কম .........!!
না কাৰোবাৰ profile হ'ব পাৰিলো ,
না কাৰোবাৰ wallpaper হ'ব পাৰিলো ,
না কাৰোবাৰ cover হ'ব পাৰিলো ,
না কাৰোবাৰ Bio হ'ব পাৰিলো ,
কিন্তু বৰবাদ যে হ'লো সেইটো খাটাং ।-
আপুনি যদি তেওঁৰ সৈতে
জীৱন অতিবাহিত কৰিব নোৱাৰে , তেন্তে !!
তেওঁক কেতিয়াও মিছাঁ প্ৰতিশ্ৰুতি নিদিব ,
কাৰণ আপোনাৰ সেই মিছাঁ আশায়ে বা মিছাঁ প্ৰতিশ্ৰুতিয়ে
আন কাৰোবাৰ জীৱনৰ গতিপথ সলনি কৰিব পাৰে।-
আপোনাক ,
মানুহে তেতিয়া মনত পেলাব ...
যেতিয়া এই ব্যস্ত নগৰীত তেওঁৰ
আপোন মানুহ বোৰ ব্যস্ত হৈ থাকে ।-
যিয়ে এবাৰ জীৱনত কষ্ট পাইছে ,
তেওঁ কেতিয়াও আনক কষ্ট দিব নোৱাৰে ।
কাৰণ তেওঁ জানে বা অনুভৱ কৰিব পাৰে..
যে কষ্টৰ সমান বিষাক্ত এই পৃথিৱীত একো
হ'ব নোৱাৰে ।।-
হয় মই আপোনাৰ সেই সৰু সৰু
কথাবোৰত অভিমান কৰো ..
ভাবিছিলো আপুনি অভিমান বোৰ মৰম বুলি
ভাবি আকোঁৱালি ল'ব ।
কিন্তু ভৱাই নাছিলোঁ আপুনি যে সেই অভিমানবোৰে
অজুহাত হিচাপে লৈ মোৰ পৰা আঁতৰি যাৱ ।-