ফাগুন এটি যন্ত্ৰণাৰ নাম,
যদি নিমিলে অংক
যদি নুফুলে প্ৰেমৰ ৰঙা শিমলু
যদি পৰি ৰয় নীলা খামৰ চিঠি
যদি কৌতুক হৈ উৰে তোমাৰ আৱেগ
যদি কোনেও নুবুজে তোমাৰ মৰ্মগাঁথা!-
আকাশৰ তৰা হৈ সপোনত অহা এৰি দিয়া
মই ভালে আছো এনেদৰে খবৰ লোৱা এৰি দিয়া!
যেতিয়া আহিব লাগিছিল মৰম হৈ অহা নাই
এতিয়া আৱেগৰ ধূলিৰে খেলা এৰি দিয়া!!-
নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছাৰে...
আপোনাৰ জীৱন লৈ
সফলতাৰ জোৱাৰ লৈ আহক নতুন বছৰে...-
প্ৰতিদিনে কোৱা কথাবোৰ
প্ৰতিশ্ৰুতি হৈ পৰে
যেতিয়া হৃদয়ত
প্ৰকৃত ভালপোৱাৰ সঞ্চাৰ হয়।
গতিকে প্ৰকৃত ভালপোৱা জগাবলৈ যত্নপৰ হোৱা
নহ'লে কোনো প্ৰতিশ্ৰুতিৰ মূল্য নাই।-
"মোৰ অতিকৈ হেঁপাহৰ মৌমিতা,
তুমি মোৰ জীৱনৰ হোৱা না একমাত্ৰ কবিতা !
এই জীৱন হৈছে দুদিনীয়া;
ব'লা একেলগে কটাও গৈ হৈ যুগমীয়া!!"-
কালৈ নো বুলি গোলাপ তুলিম!
জীৱনৰ গোলাপ ৰঙি আশাবোৰ
প্ৰতিদিনেই কাইট লৈ ৰূপান্তৰিত হৈ
কলিজাত বিন্ধে;
বেদনা বিদ্যমান ৰন্ধ্ৰে ৰন্ধ্ৰে!
তথাপিও গোলাপ ভালপাওঁ
আৰু ভালপাওঁ বুলিয়ে জীয়াই আছোঁ।।-
মই তোমাক ভালপাওঁ বুলি কৈয়ে আছোঁ;
তথাপিও ভালপোৱাৰ প্ৰস্তাৱ দিব লাগিব নে?
মই তোমাৰ ভালপোৱা নাপালে
জীয়াই থাকিব নোৱাৰিম
তথাপিও মৰি দেখুৱাব লাগিব নে?-
মোৰ হাত দুখন কালিমাযুক্ত,
যতেই হাত দিওঁ হৃদয় হয় ৰক্তাক্ত!
জীৱন তই বহুত বেদনা লগত লৈ কিয় আহিছিলি
সদায় কলিজাখন হৈ থাকে বেদনাসক্ত।-
যাৰ হৃদয় এবাৰ ভঙা হৈছে।
তেওঁ সকলোতে সিংহ হৈ ফুৰে...
তেওঁ পুনৰ নিজৰ হৃদয় ভাঙিব বুলি ভয় নকৰে।-
তুমি কি আমাকে আবেগে ভিজতে দেখেছ!
তুমি কি আমাকে অকারণেই হাসতে দেখেছ!!
আমি ফাল্গুন মাসের বাতাসে জড়ে পরা পাতা নই
আমাকে রোদ্দুরে না ভিজে জীবনে কাটাতে কি দেখেছ!!-