জোনাক   (ভাৰ্গৱ)
997 Followers · 110 Following

read more
Joined 13 June 2018


read more
Joined 13 June 2018
31 JAN 2022 AT 23:31

বুকুৰ পৰা বুকুলৈ
বৈ অহা কথাবোৰ তুমি ধৰি নাৰাখিবা ।

অলপ মইয়ে বুটলি লওঁ ,
তুমি আজিলৈ নালাগে দিয়া !— % &

-


12 AUG 2020 AT 1:07

আপোনাৰ বুকুৰ তলেৰে
আকৌ চৰি ফুৰে একোটা ভোক ____।।

মই এৰি দিছো একোটা পূজা
আপোনাৰ বুকু জুৰুৱা _________।।

-


15 APR 2020 AT 0:23

"ব'হাগ:- ৬"
এটা উচুপনি গুজি দিলো তোৰ খোপাত
ৰিহাৰ জাপেৰে বৈ আহে এটা সুগন্ধি

দুহাতত জেতুকাৰ নৈ
ব'হাগ এনেও ৰঙা
তোৰ - মোৰ দৰে 🌻

-


15 MAR 2020 AT 19:56

"কাঞ্চন"

এছটা সময়ে উভতি নোচোৱা শিলৰ ইপাৰে ,
সিহঁত বহি আছিল কমল নগৰৰ ইতিহাস পঢ়ি।।
কোনেও দেখা নাছিল!!
গোপন প্ৰেমৰ উন্মেষত জন্ম পোৱা এটা গল্পৰ সাৰাংশ।।

বৈতৰণীত তেতিয়া প্ৰতিফলিত হৈছিল
কমল নগৰৰ উদ্ভাসিত মুখ দুখন
আৰু ……!!
আৰু খোপাত গুজি লোৱা কাঞ্চন ফুল।।
"সময় ঠিক আবেলিৰ কোমল ৰ'দ"

-


1 JUN 2019 AT 18:44

নৈ খনৰ গৰাহত
সি সিদিনা অকলে থিয় হৈ আছিল
মূৰৰ ওপৰে উৰি গৈছিল_
বিষাদ মিহলি ধূলিৰ বতাহ
উশাহে নিচিনা আন শৰীৰৰ গোন্ধ_
চৈ বান্ধি বান্ধি নাৱৰীয়াই গাইছিল :-

"এই জীউ জীৱৰ কেঁকুৰিত উৰো উৰো"
"তোৰ বুকুতে বিধাতাৰ বুকু দুৰু দুৰু"
"এই পানীকে মই সাৱতি মৰো মৰো"
"এই জীউ জীৱৰ কেঁকুৰিত উৰো উৰো"

-


7 OCT 2021 AT 19:37

আৰু
তুমি মোৰ বুকুত গুজি দিলা
এজাক মায়াবী শৰৎ ।।

-


6 OCT 2021 AT 0:01

*লগন*

সি মোৰ কাণে কাণে ক'লে
শৰতৰ অজানিতে , গোপনে

বুকুত দিনে দিনে বাঢ়ি অহা
এটা আলফুলীয়া বিষৰ কথা ।।

( মনৰ ভিতৰে ভিতৰে
অতি সংগোপনে )

-


1 OCT 2021 AT 22:45

তুমি সাৰে আছা
মই সাৰে আছো
বুকুত এসোপা কোলাহল লৈ ,

( আজি ৰাতি শৰৎ সৰিব ,
তোমাৰ ওঁঠত সানি যাব কিনো যে আলফুলীয়া দৰদ )

-


29 SEP 2021 AT 23:57

মোৰ কথাবোৰ
আজি একাষে ৰাখিলো

আজি কেৱল
তোমাৰবোৰ শুনিম
নীৰৱে , গোপনে ।।

( তোমাৰ ওঁঠত শৰতৰ সেমেকা গোন্ধ )

-


29 SEP 2021 AT 23:40


প্ৰতিটো দিন ,
তোমাৰ
প্ৰেমত পৰি মই জী উঠো

ইয়াৰ সুখ মই তোমাক বুজাব নোৱাৰো
অথচ ভগাবও নোৱাৰো ।।

( তুমি মোৰ প্ৰতিটো দিনৰে উৎসৱ )

-


Fetching জোনাক Quotes