দুখৰীয়া জীৱনৰ কথাবোৰ..
অভিমানে ভৰ তোলা সময়বোৰ..
নভবাকৈ ঘটি যোৱা ক্ষণবোৰ..
পাহৰো বুলিও পাহৰিব নোৱৰা যন্ত্ৰণাবোৰ।
হাজাৰ প্ৰাৰ্থনাৰ অন্ততো হেৰাই ৰঙবোৰ,
এটা এটাকৈ হেৰাই গৈছিল প্ৰতিশ্ৰুতিবোৰ।
তথাপি খামুচি আছিল হাতখন নিজৰ হাতত,
হয়তু আশাৰ অবিশিষ্ট বুকুত লৈ।
কোনোবা এজনে আঁতৰাই লৈ গৈছিল আশ্বাসৰ- বিশ্বাসৰ হাতখন,
হেৰাই গৈছিল সপোনৰ আকাশখন।
খহি পৰিল সুখৰ আধাৰ,
ভাঙি পৰিল ভালপোৱাৰ আলয়।
নিষ্ঠুৰ সময়ৰ কালধুমুহা এয়া।।
উভতিব খুজিও হয়তু উভতিব নোৱাৰে..
বুজো, জানো তথাপিও!!
ভাহি আহে লাহে লাহে ডুব যোৱা যন্ত্ৰণাকিষ্ট দুচকু,
ক'ব খুজিও ক'ব নোৱৰা অসহায় ওঁঠযুৰি।
মাথো গৈছিলগৈ উভতি নহা বাটেৰে..
থাকি গৈছিল আধৰুৱা কাহিনী এটি..-
জীৱন বুলি ভবা আপোনজনক হেৰুৱাৰ পিছত মানুহে নিজকে ভাল পাবলৈ আৰম্ভ কৰে। সোঁৱৰণীৰ মাজেৰে জীৱন উদযাপন কৰিবলৈ শিকে। বিষাদৰ সুৰ সামৰি হাঁহি এটি আঁকি লয়। হেপাঁহৰ ৰাগীত সেউজ সপোন এটি পূৰ কৰাৰ আশা ৰাখে। চকুচৰহাক ওফৰাই দিব পৰাকৈ সাহস এখিনি আহে। জীৱনৰ কথাবোৰ বুজি উঠে।মানুহক বুজি উঠে।
জীৱন এনেকুৱাই।।-
জীৱনৰ সাঁথৰবোৰ ভাঙি ভাঙি
সলনি হয় উশাহৰ কাৰেঙ,
অভিমানবোৰ প্ৰাচীৰ হৈ হেৰাই জীৱনৰ ৰঙ।
আবতৰীয়া বতাহে আপদ চপাই বুকুত,
ভাৱনাবোৰ কুৰুকি কুৰুকি সোমাই পৰে জীৱনত।
যাযাবৰী জীৱনৰ কত সপোন- আশা,
কোলাহলৰ যন্ত্ৰণাবোৰে কোঙা কৰা হিয়া।
শিল হৈ পৰা বুকুত শুই পৰে উদাসীনতাবোৰ,
জীয়াৰ এক আকাংক্ষাত গৈ থাকে জীৱন।
চলি থাকে এখন যুঁজ মনৰ ভিতৰত,
জীৱন এনেকুৱাই।-
বিষাদগ্ৰস্ত হৃদয়ৰ চহৰত
ধুমুহা পখীৰ কোলাহল,
সপোনবোৰ পাৰ হৈ যায়।
কেঁচা টোপনি ভাগি দুঃস্বপ্ন ৰ ভুমুকি,
আউল লাগিল ভাললগাৰ সমীকৰণত।
বিচ্ছুৰিত হৃদয়ত হেৰুৱাৰ যন্ত্ৰনা,
সহিব নোৱাৰাকৈ বুকুত থুপ খাই বিষন্নতা।
ভালপোৱাৰ ৰাগীত সজল হৈ পৰে দুচকু,
অপ্ৰকাশিত আবেশত সিক্ত হিয়া-মন।
বুজিও নুবুজা জীৱনৰ কথা,
আবেলি এটিৰ অনুভৱত অস্হিৰ মন।
অস্তৰাগৰ ধূসৰিত আকাশখনি..
বিচ্ছেদৰ বিষাদিত সময়।
জানো, বুজো!!
হেপাঁহৰ আঁচলেৰে যে বান্ধিব নোৱাৰি অস্তাচলৰ বেলি।
হেঙুলীয়া আবেলিটিৰ ৰঙত জীৱনৰ সাঁথৰ,
নীৰৱতাৰ কোলাত শুই পৰা অব্যক্ত আবেগ।
তথাপিও হাঁহিৰ ছন্দত জীৱনৰ গান।
জীৱন এনেকুৱাই।।-
ইমান সহজ নহয় কথাবোৰ..
পাহৰো বুলি পাহৰিব নোৱৰা সেই সময়..
ভগ্ন হৃদয়ত বেদনাৰ কোলাহল,
নীৰৱে চাই ৰোৱা অশ্ৰুক্লান্ত দুচকু।
হয়তু হিয়াত আছিল এক মৌন প্ৰাৰ্থনা,
অসহায় হৈ পৰা সেয়া যে এক অসহনীয় অসহ্যকৰ।।
ইমান সহজ নাছিল হয়তু
জীৱনৰ পথটো সলনি কৰা।
তেওঁ গৈছিলগৈ উভতি নহাৰ বাটেৰে..
হাজাৰ প্ৰাৰ্থনা নেওচি,
প্ৰতিশ্ৰুতিবোৰ ভাঙি,
অভিমানৰ পাহাৰ সাজি।
ৰৈ গৈছিল মাথো
সময়ৰ খোজবোৰ সোঁৱৰণীৰ দলিচাত..
যন্ত্ৰণাদগ্ধ সেমেকা দুচকুৰ আশাবোৰ..
সপোন এটি গঢ়াৰ হেঁপাহবোৰ..
আচলতে ইমান সহজ নহয় কথাবোৰ,
জীৱনৰ ইপাৰ-সিপাৰ হোৱা কথাবোৰ।-
জীৱন বাটৰ সাথঁৰ যেন কথাবোৰত অব্যক্ত আবেগৰ উকমুকনি,
নীৰৱে সলনি হোৱা জীৱনৰ স্তৱকবোৰত বিষন্নতাৰ এঙামূৰি।
নিশব্দতাৰ শেষত বাগৰি আহে একোটা হুমুনিয়াহ,
এৰি অহা সময়বোৰলৈ উলটি যোৱাৰ হেপাঁহ।
অভিমানৰ আলাপত অপেক্ষাৰ এটি দীঘলীয়া বাট,
অকথিত টুকুৰাবোৰত আক্ষেপৰ সুৰ একোটি।
শূন্য আকাশত বাজি ৰই বিষাদিত নিনাদ,
নিশব্দ বতাহে সিক্ত কৰে হিয়া-মন।
Solitude in heart..
আমি ভবাৰ দৰে নহয় যে কথাবোৰ,
জীৱন..বুজিও নুবুজা একোটা সাঁথৰ।
দুখৰ বোজাটোয়ে গধুৰ কৰে হিয়া,
উদাসীনতাৰ ভৰত সজল হৈ পৰা নয়না।
দুঃসময়বোৰে কোঙা কৰা জীৱন,
বিষাদৰ চহৰত নিসংগ মন।
Mysterious life.. the unbreakable riddle..
তথাপি জীৱন গৈ থাকে.. মাথো গৈ থাকে,
আশাহত আশাবাদী মন এটি লৈ.
সপোন এটি দুচকুত আঁকি..
প্ৰাপ্তি-অপ্ৰাপ্তিৰ শব্দহীনতাবোৰ সামৰি..
জীৱন গৈ থাকে আগলৈ...
life must be go on..
জীৱনৰ কথাবোৰ এনেকুৱাই।।
-
শ্ৰমিকৰ কথাৰে..
দুখৰ ৰং সামৰি তেওঁ জীৱন সাধনাৰ গীত জোৰে ,
সপোনৰ বাটত থুপ খাই তেওঁৰ হেপাঁহবোৰে।
সেই হেঁপাহৰ ৰাগীত আঁকি লই মিঠা হাঁহি এটি।
জীৱন সংগ্ৰামৰ যুজাৰু তেওঁ,
অক্লান্ত পৰিশ্ৰমৰ শ্ৰমিক তেওঁ।
জীয়াই থকাটো যে এটি কলা,
ৰ'দৰ তাপত শুকাই চকুলো
বৈ আহে ঘামৰ টোপালবোৰ।
আশাৰ ৰঙীণ আবিৰ সানি
তেওঁ সিঁচে জীৱনৰ আচল ৰং।
আৰু জী থকাৰ কলাৰ শিল্পত
তেওঁ এজন শ্ৰমিক শিল্পী।
তেওঁ বুজে, তেওঁ জানে।।
জীৱন অন্বেষণৰ অন্ত জানো আছে!
এটি হাঁহিৰঙী জীৱনৰ বাবে
তেওঁ কৰি যাই জীৱন সংগ্ৰাম।
তেওঁ ৰচে তেজৰ কবিতা,
শোষিত-পীড়িত বিষাদিত গাঁথা।
জী থকাৰ আখৰাৰ তেওঁ পাকৈত অভিনেতা,
দুখৰ আৱৰণ ঢাকি আঁকি লই হাঁহি এটি।
বিষে কোঙা কৰা ভাগৰুৱা দেহ-মন,
তথাপি আপোনজনক সুখ দিয়াৰ আকাংক্ষা।
ৰৌদ্ৰাজ্বল কিৰণৰ ঠিকনা বিচৰা তেওঁ এজন পথিক,
কণ্টকময় জীৱনৰ তেওঁ এজন সংগ্ৰামী শ্ৰমিক।
-
"বহাগ মাথো এটি মাহ নহয়"
মনৰ মাজত গুণগুণাই থকা এটি সুৰ।
বহাগ নৱ সপোনৰ সোপান,
আৰু অবুজ হৃদয়ৰ টান।
বসন্তৰ তেজাল ৰঙৰ সমাহাৰেই বহাগ,
জেতুকাৰ সুৱাস লগা এটি মিঠা অনুভৱেই বহাগ।
বহাগ ৰৌদ্ৰাজ্বল হাঁহিৰ সোণাৰু,
আৰু কপৌপাহিৰ স্নিগ্ধতাৰ আবিৰ।
বহাগ মানেই আনন্দৰ বন্যা,
বহাগ মানেই প্ৰেমৰ কবিতা।
ঢুলীয়াৰ ঢোলৰ চাপৰত বহাগ,
নাচনীৰ এজাৰফুলীয়া আঁচলত বহাগ।
বহাগ কুঁহিপাতৰ আদৰৰ শ্যামলিমা,
আৰু সেউজ প্ৰকৃতিৰ অপৰূপ সুন্দৰতা।
বহাগ মানেই হেঁপাহৰ বিহুৱানখন,
আৰু হৃদয়ৰ জেতুকাবুলীয়া সপোন।
( বহাগীৰ ৰঙিয়াল আনন্দৰ বন্যাৰে জীপাল হৈ উঠক সকলোৰে জীৱন।
মান্যানুসৰি সকলোলৈকে ৰঙালী বিহুৰ ওলগ ও মৰম যাচিলো)-
উদাসীন মনৰ দাপোন,
হেৰুৱা সপোনৰ ভাঁজত।
উজাই অহা বুকুৰ বিষটি,
বাজি থাকে ভগ্ন হৃদয়ত বিষাদৰ সুৰটি।
কলিজাত সুৰ সলোৱা সময়ৰ কথকতা,
চকুযুৰিত সেই সময়ৰ যাতনা।
এপলক ৰৈ চাও জীৱনৰ আলিকেকুৰীটোতে,
উভতি যাও জী অহা অতীতলৈ।
জীয়াব খোজাৰ তাড়নাতে হাবিয়াসৰ এৰা-ধৰা,
অভিমানে ঢুকি নোপোৱা জীৱনত দায়িত্বৰ মেৰপেচ।
সপোনৰ সমাধিত চকুলোৰ কোলাহল,
নিঃশব্দতাৰ আলিংগনেৰে শূন্যতাৰ মেহফিল।
পোৱা-নোপোৱাৰ আক্ষেপত ৰৈ নাযায় জীৱন,
সুখৰ চোলা মেৰিয়াই চলি থাকে জীৱন।
এই যে কেতিয়াবা নিজস্বতাবোৰ হেৰাই যায়,
কেতিয়াবা দায়িত্ববোৰ কঢ়িয়াই ভাগৰি পৰে জীৱন।
তথাপি স্তব্ধ নহয় জীৱনৰ গতি,
দুচকুত হাজাৰ স্বপ্নৰ মায়াজালত
জীৱন গৈ থাকে.. মাথো গৈ থাকে।
জীৱন এনেকুৱাই।।-
১/মদাৰ..
এবুকু বেথাৰ মাজতো
সৌন্দৰ্য্যৰ প্ৰসাধন সানি
কবিৰ মন জয় কৰি
এয়া মদাৰৰ ৰং।।
মদাৰ হেনো সৰগৰ ফুল,
কিন্তু ধৰাত এলাগী অপেক্ষিত।
ফাগুনে বুজে মদাৰৰ বেথা,
সেয়ে হয়তু মদাৰৰ ৰঙীন ৰঙেৰে
মতলীয়া ফাগুন।
২/পলাশ..
পলাশৰ ৰঙীণ আভা,
চৌদিশত ৰঙৰ মেলা।
বাটৰুৱাই ৰ' লাগি চাই ৰই,
জাক পাতি ফুলা পলাশলৈ।
পছোৱাৰ বতাহ এজাক আঁকি থৈ যায়..
পলাশৰ ৰঙেৰে ৰঙীন সপোন এটি।
ৰক্তিম আকাশত সপোনৰ সাজোন-কাজোন,
প্ৰেমৰ চহৰত বাজি উঠে ফাগুনৰ গান।
৩/শিমলু..
তেজৰঙা ৰঙেৰে ৰঙীন হৈ
ফাগুণৰ বুকুত শিমলুৰ জুই।
পছোৱাজাকে কাণে কাণে কৈ গ'ল,
শিমলুৰ সুৱাসেৰে সুৱাসিত মনৰ কথা।
উকা নিৰস পৰিবেশৰ মাজতো
ৰিঙিয়াই শিমলুৰ ৰঙাখিনিয়ে।
শিমলু ফুলৰ দৰে ৰঙচুৱা মনাকাশ,
শুকান ফাগুনত হাঁহিৰঙী হাজাৰ সপোন।-