Angkita Saloi  
279 Followers · 103 Following

অসমীয়া😎
কটনিয়ান✌
অসমীয়া বিভাগ❤
Joined 16 October 2017


অসমীয়া😎
কটনিয়ান✌
অসমীয়া বিভাগ❤
Joined 16 October 2017
29 DEC 2021 AT 12:17

ঈশ্বৰৰ নিচিনাই,
কান্ধত থকা হাতকেইখনো
বীজগণিতৰ X হে !


(দিনান্তত হুমুনিয়াহ..!!!)

-


21 OCT 2021 AT 19:05


পথাৰখন হালধীয়া হৈ আহে..
নৰাৰ পেঁপাৰ উদাসী ৰি-ৰিয়নি এটাই আকৌ উকমুকাব ধৰে কোনোবাখন বুকুত,
কাৰোবাৰ বিৰিয়াত জিৰিক্ - জিৰিক্ সোণসেৰীয়া নাচোন...
(বুকু ভৰি আহে চাগে সাউদৰ...উভতি নাচায় বকিয়ালৈ)
কোনোবাটো বকিয়া ভৰি পৰে সাউদৰ কান্ধৰ সপোন সৰি সৰি.....
(সাউদে উভতি নাচায় এবাৰলৈও!)
.
.
.
.
অজগৰৰ হাঁহিত চম্পাৱতীৰ পিঠিত দুখন পাখি গজিব ধৰে নেকি?!!

-


16 OCT 2021 AT 22:50

ওভতাই সকলোৱে আনে..হয়তো জীয়াইও তোলে কেইদিনমানৰ বাবে..
কিন্তু এবাৰ জী উঠিব লোৱাৰ পিছত আকৌ ওভতনিৰ বকিয়াত দুভৰি পেলাব লগা নহওঁক কোনোৱেই।
আজীৱন জীয়াই ৰাখিম বুলি ওভতাই আনিব পৰাকৈ সাহসী হওঁক সকলো..
জীয়াই ৰাখক!

-


5 OCT 2021 AT 21:07

কাঁইট একোডাল বুকুত বিন্ধাই আগুৱাব পাৰিলে ভাল!
প্ৰতি খোজে সি সোৱঁৰাই যাব যে ভবাৰ দৰেই মসৃণ নহয় সকলোবোৰ...মসৃণ নাছিল একোৱেই।


(বুকুত খোচ খাই থকা কাঁইটেই ভুল ভাঙে "বুকুৰ মানুহ"ৰ...!)

-


14 JUL 2021 AT 14:31

ভালপোৱাৰ কথা আপুনি নক'ব।

আপোনাৰ কামনা(?)ৰ ফুৰফুৰীয়া মিঠ‍া বিষত

বিক্ৰী যাবলৈ

মোৰ হৃদয়খন সস্তীয়া নাছিল কাহানিও।


(বুকুৰ শিলছটা গলা নাই এতিয়াও,আপুনি নাভাবিব আপুনি গুঁঠি থকা মকৰাজালত লাগি তিলতিলকৈ নোহোৱা হ'ব দিম মোৰ বুকুৰ শেলুৱৈময় সেউজীয়া!)

-


4 JUN 2021 AT 1:18

মাজে মাজে নিজৰ পথত ঘূৰাই আনিবৰ বাবেও চাগে অবাটৰ কাঁইটে ভৰি ফালে🌼
.
.
.
.
.
.
.
(দুভৰিয়েনো কি বুজে বাট-অবাটৰ খেল!)

-


30 MAY 2021 AT 21:30

মোৰ বুকুৱেদি উজাই যায় তাৰ বুকুৰ চিধা বাট,
সি আলিমূৰত ৰৈ উচপিচাই
মোৰ বুকুৰ বাট কেনি যায়?
.
.
.
.
.
(মোৰ বুকুৰ চৰায়ে চিধা বাট নিচিনে,অকাই পকাই আনৰ বাটেৰে বাহলৈ উৰা মাৰে!)

-


15 AUG 2020 AT 23:10

আচলতে খুব আৱেগিক আৰু কোমল হৃদয়ৰ মানুহ হৈ জীয়াই থকাতো হয়তো এক পাপ।
প্ৰতিটো ক্ষণতেই কেৱল নৰক যন্ত্ৰণা..
নিজক শেষ কৰিবও নোৱাৰে অথচ চকুৰ আগৰবোৰ চাই থাকিব পৰাকৈ সাহসী হ'বও নোৱাৰে(?)..!!
মূল্যহীন বৈৰাগ্যৰে ঠাহ খোৱা জীৱনটোক লৈ তেওঁলোক সুখী নে দুখী,নিজেও হয়তো নুবুজে..

-


14 AUG 2020 AT 23:06

৮)
হৃদয়হীনা হোৱা হ'লে...
নিতৌ চাগে নচলিল হেতেন এটা এটা আঘাতৰ পৰা অকনমানি কলিজাখনক বচোৱাৰ কু্চকাৱাজ!

-


29 JUN 2020 AT 15:17

৭)
তৰা এটিয়ে এদিন জোনক কৈছিল,"মোক সাধু এটি বনাই দিয়ানা..তোমাৰ নামৰ.."

অলপ সময় পিছতেই ডাৱৰে আহি নোহোৱা কৰিছিল,দুয়োকে!

(সাধুটো বৰষুণ হৈ নামিছিল শেষনিশা,হয়তো তৰাটিৰ দুচকু সেমেকিছিল)

-


Fetching Angkita Saloi Quotes