দেওবাৰ
এতোৱাৰ দেওবাৰ .......জিৰণিৰ বাৰ
সপোনৰ কিবা অমাতৰ মাতৰ
চৰায়ে মতা দি
মাৰিলে সেই দিনা।
য'ত লুকাই থাকে কাতৰ
বুকুৰ উচুপনিত
নিথৰ,নিঃকিণ সৰীসৃপ এটা শৰীৰ।
হাড়ৰ মজ্জাত বিষপানী আৰু
কেকটাছৰ সুবাস।
হাজাৰ আঘাত থকা -সৰকা
তীব্ৰবেগী ধুমুহাৰ মাজতো অটল
স্হিৰ ,নিৰ্ভীক স্হিতপ্ৰঞ্জ জীৱন।
প্ৰতিটো দেওবাৰ...
দিনটোৱে ফুলি থাকে
কামানীকাঞ্চন।
গুপুতে গুপুতে বহু স্মৃতিয়ে
জীপাল কৰি তুলিছিল!
সিদিনা মোৰ মনৰ
বৰ্ণিল ৰঙত চিকুটি অনা
শব্দৰে অনুভৱ কৰোঁ
গোলাপী নিচা।
গাই যায় সংগীত সুমধুৰ ঝংকাৰ
কাণে কাণে আজি বতাহজাকে!
এতোৱাৰ দেওবাৰ ...
মোৰ যে প্ৰিয় বাৰ।-
দেওবাৰ আৰু ব্যস্ত প্ৰাণ পটত লুকাই থকা
সৰু সৰু আনন্দৰ সঁফুৰাবোৰ বুটলি বুটলি আনি
একত্ৰিত কৰা
পৰিয়ালৰ ফুলনিত সজাই থৈ
ভাল লগা স্মৃতিবোৰত সজীৱতাক
সানিবলে....!
দেওবাৰ, এখন ৰঙীয়াল কেনভাচ
মনৰ সুখবোৰ জীয়াই ৰাখিবলে-
তোমালৈ বিশ্বাস এটি জন্মছিল
তোমালৈ বুলি সচাকৈয়ে হৃদয়টোৱে সহানুভূতিৰে আকনমান আগবাঢ়ি গৈছিল.......
যোগ্য-অযৌগ্যৰ বিচাৰ কৰিব নেজানিওঁ কৈছোঁ ,তুমি যেন তেনে কৰি ঠিক কৰা নাছিলা । 😢😢-
তুমি
আবেগৰ পাৰ ভঙা মৰমৰ দিন বোৰলৈ বৰকৈ মনত পৰে আজি কালি দেওবাৰটো আহিলে ।
নাজানো তোমাৰ কি অনুভৱ হয় ।তুমি মই লগহোৱা সোণাৰু বোলোৱা সেই দিনৰ দেওবাৰটো বৰ আলসুৱা আছিল নহয় নে ।
কৃষ্ণ চুড়াৰৰ মাজেৰে পাৰ হৈ অহা আবেলিৰ
কিৰনে তোমাৰ মৰমৰ ভাষাবোৰ কম বুলি ভাবোঁ তেই ৰান্ধনী বেলি টোৱে আমাৰো মৰমবোৰ পশ্চিমৰ মলয়া বতাহ জাকৰসৈতে বিলীন কৰি
দেওবাৰৰ আবেলিটোক বিদায় দি
বৰ কষ্ট অনুভৱ হৈছিল সচাঁই । এতিয়াও মনত পৰেনে তোমাৰ
ইতি
মৰমৰ তোমাৰ
মই
-
আপুনি,
জানেনে বাৰু এই যে জীৱনৰ ওখোৰা-মোখোৰা বাটবোৰত 'আপুনি' চৰিত্ৰটোৱে বৰকৈ অস্থিৰ কৰি তোলে।
সপোনবোৰে আজিকালি বৰকৈ কন্দুৱাই অ'
সৌ সিদিনাও কান্দিছিলো কিয় জানেনে?
"পুৱাৰ আলফুল ৰ'দজনীয়ে দেখা দিছেহে মাথোঁ তেনেতে আপুনি আগৰ দৰেই ব্যস্ত হৈ পৰিল উকা কেনভাচখনত ৰং চটিওৱাত আৰু মই নিৰৱে চাই ৰ'লো।হাতত একাপ চাহ আৰু মুখত এমোকোৰা হাঁহি লৈ সন্মুখত বহি পৰিলো।কেনভাচৰ সেই ৰঙা ৰং চিটিকি আহি শিৰত সজাই থোৱা আপোনাৰ নামৰ আলিটোত পৰিল। প্ৰদান কৰিলে পূৰ্ণতা আৰু জিলিকি উঠিল আয়ুস ৰেখাডাল।।
তেনেতে হাতৰ পৰা চাহকাপ সৰি পৰিল,কাঁচৰ টুকুৰাটোৱে ভৰিত এটা তেজৰ চেঁকোৰা উপহাৰ দি গ'ল,আপুনি দৌৰি আহিল মোৰ কাষলে কিন্তু এয়া কি মইচোন আপোনাৰ হাতখন ধৰিব নাইপৰা,এক অচিন শক্তিয়ে টানি নিছে আপোনাক মোৰ কাষৰ পৰা আৰু মই চিয়ঁৰি চিয়ঁৰি কান্দিছো।।
তেনেতে "কিয় কান্দিছ" বুলি মাত এষাৰ ভাঁহি অহাতহে চেতনা আহিল।
'মই দেখোন সপোনহে দেখিছিলো'।তাৰমানে এইবাৰো আপুনি সপোনতহে?
উস! কি যন্ত্ৰনা!!
তথাপি কামনা কৰো আপুনি কুশলে থাকক,
আপোনাৰ প্ৰাপ্তিবোৰ ভাললগা হৈ পৰক !!!
মাথোঁ এটাই অনুৰোধ
'মই' জনীলৈ আৰু মনত নেপেলাব,
নহ'লে হয়তো 'তাই' জনীও শিল হৈ পৰিব ঠিক মোৰ দৰে!!
ইতি
আপোনাৰ পোৱালি-
তুমি ,
বিষাদবোৰ নজনাকৈ সৰি পৰিছে জাননে, কিছু যতি নলগা ভাৱৰ ডাৱৰ এতিয়া মোৰ মনাকাশত বিৰাজমান, সন্ধিয়াৰ আকাশৰ ৰক্তিম বেলিয়ে মোৰ হৃদয় ৰঙা কৰে। তোৰ হাতৰ পৰশ লগা ঠাইখিনি এতিয়াও উস্ম হৈ আছে, কিবা য্ন্ত্ৰণাত চিৎকাৰ খাই উঠে তোমাৰ হাতৰ স্পৰ্শপ্ৰাপ্ত ৰক্তকণিকা বোৰ, যেন্ এক অজান কল্পনাতীত লহৰ।।-
মৰমৰ তুমি নামৰ প্ৰিয়জন তোমালৈ আছিল এটা অন্ধবিশ্বাস, চকু মুদি তোমাক বিশ্বাস কৰিছিলো যাৰ পৰিণতি আজি প্ৰমাণসহকাৰে পাই গ'লো| হয় আজি ইমান ডাঙৰ বিপদৰ সময়ত য'ত তুমি থাকিবা বুলি আশা এটি কৰি আছিলো; আজি তাত তোমাৰ পৰিবৰ্তে তোমাৰ ego attitude মোৰ সঙ্গ দিলে | সকলো শেষ কৰিবলৈ উঠিল, ধন্য তোমাক!
ধন্যবাদ তোমাক ইমান ডাঙৰ সঁচা, মোৰ প্ৰতি থকা তোমাৰ ভালপোৱা আৰু; হয় আৰু তোমাৰ প্ৰতি থকা মোৰ বিশ্বাস, ভালপোৱাৰ পৰিণাম চকুত আঙুলি দি দেখুৱাই দিয়াৰ কাৰণে |💔
ইতি
তোমাৰ অৱহেলিত প্ৰেমিকা |-
মোৰ এসময়ৰ প্ৰেমিক চৰাইটো ,
নিৰৱতাৰ কুঁৱলী ফালি ৰিণিকি ভাঁহি আহিছিল সুৰ মৰমৰ নহয়নে ? প্ৰেমৰ উমাল পৰশত শেৱালীৰ কোমল সুগন্ধ প্ৰাণভৰি উপভোগ কৰিছিলো দুয়ো ,দুয়োৰে আশাতীত হৃদয়ত ।এনেদৰেই যেন ৰামধেনুৰঙী সপোন চাইছিলো ,চাবলৈ শিকিছিলো।সপোন দেখাৰ আনন্দবোৰত দুয়ো প্ৰেমৰ বৰষুণত তিতি ভীষণ জ্বৰটো ভুগিছিলো ,মনত আছেনে ?
সপোনবোৰে গজালি মেলোতেই সময় নামৰ নদীখনৰ জোৱাৰত হেৰাই যোৱা তোমাৰ মৰমবোৰক বিচাৰি আজিও চিৎকাৰ কৰো মাজৰাতি টোপনিতে ।তোমাৰ মৰমবোৰে আজিও খুন্দিয়াই মোৰ কোমল হৃদয়ত, তৰপে তৰপে আঘাতৰ সৃষ্টি কৰে তোমাৰ অনুপস্থিতিৰ ক্ষণবোৰে ,সেই আঘাতত মলম সানিবৰ সাহসো মোৰ নাই ,কেতিয়াবা সেই বিষবোৰো চোন ভাল লাগে ।তোমাৰ স্মৃতিৰ কোলাহলত আজি মোৰ মৰমবোৰ এক ছায়া মাথোন ন' । স্মৃতিবোৰক মোহাৰি নিদিও বুলিয়ে আজিও সহজ হৈ আছো সময়ৰ সুঁতিত …স্মৃতিবোৰ থাকক দিয়া কেতিয়াবা হাঁহিবলৈকে হ'ব মচি দিব ন'কবা অ" নোৱাৰিম আৰু কষ্ট হ'ব ।।
বিচ্ছেদৰ জুইয়ে দহন কৰাৰ পাছতো মচি দিব পৰা নাই সেই সাতোৰঙী সপোনৰ তুমি কোৱা সাধুবোৰ।ভালে থাকা,সুখী হোৱা
তোমাৰ
মইজনী (আজন্ম সেউজীয়া হৃদয়ৰ প্ৰেমিকা)-
" মৰমৰ,
এই নিৰ্মম পৃথিৱীৰ এক কৰুণ যাত্ৰাত যাত্ৰী হৈ ভাগৰি পৰা বহু চিনাকী অচিনাকী ব্ন্ধুসকল,
কিমান আৰু এই পৃথিৱীৰ স্বাৰ্থবোৰ পুৰণ কৰাৰ হেপাহৰ মাজত নিজকে এনেকৈ এতি যন্ত্ৰ হ'বলৈ বাধ্য কৰিবা?কিমান আৰু এনেকৈয়ে নিজকে কস্ত দি বহু মনে নিবিচাৰা কাম কৰিবলৈ নিজকে প্ৰশিক্ষন দিবা?.......
জীৱনটো অতিকৈ সৰু গতিকে সময় থাকোতেই জীৱনটো নিজৰ মতে হাহিঁ-ফুৰ্তি কৰি পাৰ কৰিবৰ চেস্তা কৰাটো উচিত ।"-