মোৰ চোতালত এতিয়া বাৰিষাৰ দুষ্টামি
কিনকিনীয়া বৰষুণৰ কণমাণি টোপালৰ উন্মনা হৈ ধেমালি
বৰষুণৰ পানী সোমাইছে বুলি আপোনাৰ খিৰিকীখন জপাই নিদিব
প্ৰতিটো টোপালত মোৰ হাতৰ পৰশ মিহলি!!-
শব্দবোৰ উশাহ...!!
শব্দবোৰ হেঁপাহ...!!
শব্দবোৰ সাহস...!!
যাৰ স... read more
পখীৰ কাকলিত সাৰ পোৱা এটা ৰাতিপুৱা আৰু নিয়ৰ সনা আলফুল দূবৰি,দুয়ো দুয়োৰে লগৰীয়া।
ঠিক সিহঁতৰ দৰেই,যিমান আবদাৰত সঁচাই জীয়াই থাকিব পাৰি হেঁপাহ পলুৱাই।
এতিয়াও জীয়াই আছে তাই সেই আগৰদৰেই।সকলো সলনি হ'ল...বতৰ,সময়,ঋতু,শ্বপিং মল,অভাৰ ব্ৰীজ সকলো কেৱল তাইৰ হৃদয়ত কুৰুকি কুৰুকি থাকি গ'ল এটা নিজান ৰাতি।যিটো ৰাতিত অনায়াসে পাৰ ভাঙি বোৱাই দিব পাৰি আৱেগৰ বলিয়া ঢৌ,কুঁৱলীৰ ডাঠ আৱৰণে ঢাকি দিলে এটিয়া তাইৰ সৰ্বস্ব,সেয়ে হয়তো সকলো
অষ্পষ্ট একো নমনি!!উচুপনিত কপি উঠে প্ৰতিখিলা পাত আৰু বৰষুণ হৈ নামি আহে সিহঁতে দেখুৱাব নোৱাৰা সান্ত্বনাবোৰ।
উফ্ !!!!!!!
তথাপি তথাকথিত সমাজখনে কৰা বিষাক্ত প্ৰশ্নবোৰৰ উত্তৰত এতিয়াও নিৰ্ভয়ে কোৱা হয়....
"বিফল প্ৰেমত ভালপাওঁ বুলি দেখুওৱা বন্ধ কৰিব পাৰি কিন্তু ভাল নোপোৱাকৈ থাকিব নোৱাৰি"!!
তাহানিৰ প্ৰিয়জন অপ্ৰিয় হ'ব নোৱাৰে, হৃদয়ৰ কোনোবা কোণত কুৰুকি কুৰুকি সোমাই থাকে প্ৰথম প্ৰেমৰ মাতাল ৰাগি....!!!!!!
-
ব্যস্ত চহৰৰ নিজান কোণ এটাত দিনটোৰ ব্যস্ততাবোৰেও হাৰ মানে, আৰু তেতিয়াই কিজানি হুমুনিয়াহবোৰেও অচিনাকি হৈ উপহাস কৰে জীৱনক।
ঠিক ভিৰৰ মাজত এখন বন্ধ কিতাপ!!
যিখন কোনেও মেলি নাচালে,
যি মেলি চালে,তেওঁ পঢ়ি নাচালে,
যি পঢ়ি চালে, তেওঁ বুজিব নোৱাৰিলে,
আৰু যি বুজিব পাৰিব, তেওঁক হয়তো লগ পোৱাই নহ'ল!
-
ঐ শুনাচোন,
যদি মই কও,তোমাৰ ক'লা কোটটোৰ বাওকাষৰ কোণ এটাত অজানিতে মোৰ হৃদয়খন এৰি আহিলোঁ,
তেন্তে চিনাকি চহৰৰ এই অচিনাকি বাটটোত এবাৰলৈ বাৰু ৰ'বানে?
দুখৰ কাৰণ নুসোধো বাৰু; কিন্তু
কথা দিছো, যাবৰ পৰত এমুঠি বকুলৰ সুবাস গাঠি পঠিয়াম দুচকুত।
-
মাথোঁ কেইটামান দিন,তাৰপাছত
সেইদিনা এই চহৰত মোৰ শেষ ৰাতি হ'ব,
চকুৰ কোণ দুটা সেমেকি থাকিব,
এবুকু বোজাৰে ভাগৰি পৰিম হয়তো,
তথাপি স্মৃতিৰ টোপোলাবোৰ মই লৈ যাম আপোন কৰি।
নতুবা মোৰ অবিহনে সিহঁতো যে অৱহেলিত হ'ব।
পিছে পুৰণি ঠিকনাতে হৃদয়খন থৈ যাম,
তুমি বাৰু দলিয়াই দিবা নেকি??-
টুকুৰা কৰি উভতাই দিলেও হৃদয়ৰ প্ৰতিটো কোণ বিশেষ নাম এটাতেই জীয়াই থাকিব খোজে।
স্বপ্নভংগ ৰাতিবোৰতো জীয়াই থকাৰ হাবিয়াস ৰাখে, অথচ আনজনে খবৰ নাৰাখে তেওঁক যে কোনোৱে কাতৰভাৱে বিচাৰে।-
চুলিবোৰ অবাধ্য কৰি তোলাৰ বাবেই বতাহক ভাল পাওঁ,
মেঘক হাতৰ মুঠিত চুবলৈ পাও বাবেই বৰষুণ ভাল পাওঁ,
সূৰ্যমুখীৰ হেঁপাহতেই ৰ'দৰ আচল ধৰো,
খিৰিকী জপাই কেনেকৈনো জোনাকৰ প্ৰেমত পৰো ??-
এটা অজুহাতত দেখোন সকলো গুচি যাব পাৰে
তুমি এটা অজুহাতত আজীৱন ৰৈ যোৱাজন হোৱানা!!-
কেৱল উশাহ লৈ থকা মানেইটো জীয়াই থকা নুবুজায়!!
এই যে মনৰ আশাবোৰ, সপোনবোৰ বাৰে বাৰে খহি পৰে ইয়ো একপ্ৰকাৰৰ মৃত্যু।-
তোমাৰ সেই একো নাই বুলি কোৱা শব্দৰ সিপাৰে এখন আকাশ আছে অ' জোনাক, নীলাবোৰৰ সৈতে তোমাক ধুনীয়া বুলি ক'বলৈ মানুহ আছে , ভাগিম বুলি কৰা ভয়বোৰৰ আঁৰত কাৰোবাৰ আব্দাৰ লুকাই আছে, অৱশ হৈ পৰা ৰাতিবোৰত তোমাৰ নিসংগতাক চুই চাবলৈ শিতানত কোনোবা আপোনজন সদায় ৰৈ আছে ।
ঐ এবাৰলৈ শুনাছোন মোৰ হালধীয়া হাঁহিৰ আঁৰৰ মানুহজন,
তোমাৰ প্ৰিয় নীলাবোৰত আজীৱন সোণাৰুবোৰ সিঁচি দিব নোৱাৰিনে? মোৰ প্ৰিয় বাৰিষাৰ প্ৰথমজাক বৰষুণত একেলগে টিটিব নোৱাৰিনে? মোৰ আমনিদায়ক কথাবোৰত আকৌ এবাৰ মিছা হাঁহি মাৰিব নোৱাৰিনে? নোৱাৰিনে প্ৰতিটো সন্ধিয়া তোমাৰ ভাগৰুৱা মনটোক মোৰ দুহাতত গুজি দিব! দিনটোৰ ব্যস্ততাবোৰ একাপ চাহৰ প্ৰথম চুমুকতেই উজাৰি দিব নোৱাৰিনে?
বাৰু আজিলৈ থাকক দিয়া, সঁহাৰিৰ সিটো পাৰে ৰৈ আছে কোনোবা অচিনাকি বাধাটোৰ আগত। মাথোঁ তোমাৰ সঁহাৰিৰ সিটো পাৰে সকলো আছে নিজক বিচাৰি পোৱাকৈ......। এবাৰলৈ নোৱাৰিনে??-