সপোনৰ আপোন হৃদয়ৰ এমুঠি উশাহ বিচাৰি জীৱন
নদীৰ সিটো পাৰে,,,,,
আজিও অপেক্ষাৰত তোমাৰ বাবেই
-
সাধাৰণ এটা অসমীয়া ল'ৰা
নিৰৱতা মোৰ লগৰী
সাৰে আছোঁ আজিও মই তোমাৰ অপেক্ষাত
নিৰৱতা বোৰ সাৱতি
নিশাৰ নিৰ্জনতা ভেদি সেই অচিনাকী সপোন
বোৰে
কিয় বাৰু মোক উজাগৰে ৰাখে
মৌন হৃদয়ৰ ভগ্ন কোঠালীত
আধৰুৱা শব্দৰ মালা গাঁঠি
পাম জানো উত্তৰ
অ"উজাগৰী নিশা কবানে এবাৰ-
সুখে বুলোৱা ভাৱনাৰ ৰঙেৰে অঁকা
ৰামধেনুৰ দেশত
সপোনৰ পজাঁ সাজি
হৃদয় খন আলফুলে সজাইছিলো
-
সপোন হৈ থাকিব দিয়া মোক তোমাৰ কাষত
উশাহেও নজনাকৈ
এখন অপেক্ষাৰত হৃদয় হৈ
আজীৱন দুৰণীৰ পৰা-
শব্দৰ সন্ধানত অনুভৱৰ পৃষ্ঠা খুচৰি
আজি মই দিশহাৰা
বিয়লিৰ বাক্যশাৰী উশাহৰ স'তে
ক্ষণ গণি ৰৈ আছে
বিদাই অস্ত বেলিৰ চোতালত
মোৰ কঁপা আঙুলি লৈ চাই
হাতেৰে ঢুকি নোপোৱা দুৰত
আজি তই মৰমৰ কলম-
এজাৰ ফুলীয়া বাটেৰে নিজক বিচাৰি
সোনাৰুৰ হালধীয়া হাঁহি ত ,,
নীলিম আকাশৰ বুকুলৈ চাই
যেতিয়া তুমি নিৰৱে বহিবা অকলশৰে
হয়তো এবাৰ মনৰ মাজত
মই নথকাৰ অনুভৱ বোৰে আমনি কৰিব
-
কঠিন পৰিশ্ৰমে গঢ়া
মুৰব্বী বিহীন সাহস
আৰু নিসংগ সময়ৰ সুখ বোৰ
ভুল নুবুজিবা তুমি
মোৰ মনৰ মাজত আবদ্ধ হৈ থকা
ভাৱনাৰ শব্দ শুনি-
মৌনতাৰ উশাহ বোৰ সাৱতি
নীলিমাৰ সিপাৰে ৰৈ
অচিন চিনাকি আজি মই বাটৰুৱা হৈ
ভাগৰুৱা দেহাটোক জিৰণি দিওঁ,
বিদায় দিয়া তুমি মোক হৃদয়ৰ পৰা
অতীত ৰোমন্থন কৰি চোন
সময়ে আহি জাননী দিলে
শেষ প্ৰহৰৰ
জীৱন ডায়েৰীৰ পাতৰ-
সময়ৰ সোঁতত আগুৱাই গৈ আছোঁ মাথোঁ
গন্তব্য স্থানৰ ঠিকনা বিচাৰি
বৰ্তমানেই মাথোঁ সাৰথি মোৰ-