:আহিবাচোন অলপ উলাই যাম
:হব বাৰু
:কিন্তু সময় অলপ লৈ আহিবা দেই
: বহু অভিমান গোট মাৰিছে
: ঠিক আছে গৈছো ৰবা
: তুমি জানো ফাগুন হ'বা...
: তুমি মোৰ জীৱনৰ ৰঙা ফাগুন জনী হৈ থাকিবানে আজীৱন?
:ওমম আজীৱন তোমাৰ হৈ ৰম!!
: তুমিয়েটো মোৰ জীৱনৰ ৰঙা ফাগুন।
মায়াময় সন্ধিয়া
এজাক চঞ্চল ফাগুনৰ দৰে
ফাগুনৰ পছোৱা বতাহ'জাক অহাৰ দৰে!
আজি চোন তোমাৰ আগমনৰ অপেক্ষাত
ৰৈ আছে হৃদয়খন
প্ৰাণ পাই উঠিছে
মৰহি যোৱা মোৰ হৃদয়খন।
য'ত বৰষুণ বোৰ মুকুতা হৈ সৰে
য'ত প্ৰতিটো নিশা জোনাকে
স্নিগ্ধতাৰে চুমা যাচে........
য'ত সময়বোৰ আমাৰ হৈ
য'ত আমাৰ আশাৰে
সূৰ্যমুখী ফুল হৈ ফুলি উঠে!!
দিবানে অনুমতি তোমাৰ উমাল বুকুত
বৰষা হৈ নামিবলৈ,
জীপাল কৰি তুলিম প্ৰেমৰ উন্মাদনা।
শীতৰ শেষত বলা বলীয়া বতাহ
তুমিয়েটো মোৰ ৰঙা ফাগুন।
©Tina Baruah
-
শুভাকাক্ষী,
কিছুমান মানুহৰ বাবে শুভকামনা থাকে অন্তৰৰ পৰা ,যদিও তেওঁক সকলো কথা খুলি কোৱা নহয় । আমাৰ জীৱনলৈও আহে কিছু ক্ষণৰ বাবেহে ! অচিনাকীৰ পৰা চিনাকী হয় লাহে লাহে এটা সম্পৰ্কৰ নাম লয় ।কেতিয়াবা নিজলৈকে প্ৰশ্ন হয় ? এইযে খং,অভিমান,ভয়,শাসন এই অনুভূতি বোৰৰ আঁৰত যেন লুকাই থাকে হেৰুৱাৰ আশংকা। বুকুত হেজাৰ বোজা এটা লৈও মৰমে বিলাই যোৱা এক অনুভৱ ।তেওঁ বৰ মূল্যবান ,এক আবেগিক সুৰক্ষা কৱচ তেওঁ।
"বিৰহৰ এন্ধাৰত থাকিলেহে মিলনৰ আলোকৰ মূল্য বুজা যায়"।
তেওঁ কেতিয়াওঁ মুখেৰে প্ৰকাশ নকৰে,কিছুমান সম্পৰ্ক নোকোৱাকৈ য়ে আৰম্ভ হয় ।য'ত জীৱনে হেজাৰ কষ্ট , হেজাৰ ব্যস্ততাৰ মাজতো এজনে আনজনক সহযোগ কৰে। তাতে বিচাৰি পোৱা যায় সাৰ্থকতা ,এইযে খুব সৰু সৰু কথাটো ভালপোৱা বিচাৰি পাব পাৰি , তাৰে উদাহৰণ তেওঁ ! ভাহি উঠে এটি নিভাঁজ হাঁহি ।
জীৱনত আনকিবা কিবি থাকক বা নাথাকক এই বিচাৰিলেই সমস্ত দুখ , সুখৰ কথা শুনিব পৰা ,কান্দি কান্দি সাৱটি লব পৰা ,বিষবোৰে যেতিয়া হেচুঁকি উঠে জিৰাবলৈ অলপ ঠাই দিয়া ,মৰমেৰে আকোৱালি লোৱা -- তেওঁ, সেই বিশেষগৰাকী ।
-@tina baruah-
হৃদয়বাৰ্তা
-------------------------------------
এবুকু আন্তৰিক প্ৰতিশ্ৰুতি তুলি
ভালপাওঁ বুলি কোৱাৰ দিনাই
পূৰ্ণ হৈছিল প্ৰেমৰ প্ৰতিটো সংজ্ঞা
তুমি নামৰ এটি প্ৰাণসূৰ্য
তোমাৰ হিয়াতে লিপিৱদ্ধ কৰোঁ
প্ৰাপ্তি-অপ্ৰাপ্তিবোৰ ভগাই লোাৱাৰ
প্ৰতিশ্ৰুতিৰে এখন লিখিত প্ৰস্তৱনা।
সাম্প্ৰতিক,
তমসাছন্ন হৃদয়ত
বিষাদৰ উশাহবোৰ চোন চন্দ্ৰতাপ তৰিছে,
সংগোপনে সৰি থাকে
বিষন্নতাৰ মৰহা নিয়ৰ।
ক'বলগীয়া কথাবোৰ তলপৰি ৰয়,
প্ৰতিশ্ৰুতি এই নিলাজ হৃদয়ৰ,
এই নিলাজ ভালপোৱাবোৰ,
গচকি থৈ গল প্ৰেমৰ পবিত্ৰতাক
ইয়াতে সপিলো মোৰ ভালপোৱা।
-
উপায়হীনভাৱে নিজকে বাৰে বাৰে প্ৰশ্ন কৰোঁ
কিয় কৰিছা তুমি আজি ইমানকৈ অভিমান?
চৰ্ত ৰাখি তোমাক বাধ্য কৰাৰ ভুলো মই নকৰোঁ
পাৰা যদি উভতাই দিয়া মোৰ ভালপোৱা,
পাৰা যদি শুকুৱাই দিয়া মোৰ অশ্ৰুবিন্দু
তোমাৰ শব্দৰ তন্ময়তাত
পলৰীয়া পোহৰত,কলিজা হেৰুৱাৰ যন্ত্ৰনা
উপেক্ষাৰ প্ৰান্তত আকৌ জোনাকৰ অপেক্ষা
শব্দৰ পথাৰত চিয়াঁহীৰ দাম।
বাস্তৱলৈ আনিবলৈ আপ্ৰান চেষ্টা
অজলা হৃদয়খনি জুইয়ে পোৰা এটুকুৰা এঙাৰ
য'ত অনুভৱ থাকিও চোন মুঠেই ৰস নাই
স্বপ্নমধুৰ শব্দৰ সৈতে খেলিবলৈ বৈ তৰনীত স্নান কৰিবলৈ।
নিষ্ঠুৰ তুমি নে এই সমই,
শিৰে শিৰে ৰক্তকণা হৈ বৈ
সুৰৰ লহৰৰ মাজত জীৱন যুদ্ধকৰিৰয়
ভালপোৱাৰ শিপাহ দাল।
-©টিনা বৰুৱা-
স্বপ্নহীন ন'হবি
...............................
স্বপ্নহীন ন'হবি জহ যন্ত্ৰণা
তোৰ বাবে অচিনাকী হ'বলাগিব
তোৰ মনটো শিলৰ ভাস্কৰ্যৰ
দৰে হব লাগিব
মসৃণ চোতালত খোজ
দিয়াৰ কথা তই ভাবিব লাগিব
তই অনোয়াসে অতিক্ৰম
কৰিব লাগিব নীলা,টাইগ্ৰিছ।
সেই সমীক্ষাৰ নিৰ্ভূল ব্যাখ্যা
সেই সময়,সেই সমীক্ষা
বাস্তৱে ধূসৰ কৰি তুলা
কল্পনাৰ কাৰেং।
কৰ্ম কিম্বা স্থানৰ ধিয়াই,
জীৱনৰ সুখ
সৃষ্টিৰ শিখাত বিপ্লৱৰ ফিৰিঙতি,
-- Tina Baruah-
মা!!মা শব্দটো অকলেই
এখন আকাশ, এক শান্তি!!
পৃথিৱীৰ আটাইতকৈ মৰমসনা শব্দটো মা।।
সমস্ত আৱেগ-সৰলতা সুহৃদয়তাৰ থূপ মা।।
হৃদয়ৰ গভীৰলৈকে ঝংকাৰ তুলিব
পৰা সেই নাৰী গৰাকী মা!!
মাৰ সান্নিধ্য অন্য এক প্ৰেৰণা-সাহস
যি স্থিতপ্ৰজ্ঞ হৈ জীৱনৰ অলেখ
ধুমুহাৰ মাজতো সন্তানৰ সুৰক্ষাৰ চিন্তাত মগ্ন!
পৃথিৱীৰ সুন্দৰতম নাৰী গৰাকী
কৰ্তব্য দায়িত্ব আদিবোৰ
নিষ্ঠাৰে পালন কৰা নাৰী গৰাকী!!
ঘৰখনৰ লক্ষীদেৱী তেওঁ,
কাচৰ দৰে থুনুকা তেওঁৰ হৃদয়
সাগৰৰ দৰেই বিশাল
পৃথিৱীৰ দৰেই সহনশীলতা তেওঁ
নিজৰ ভালপোৱা বোৰক জনাঞ্জলী দি
সন্তানৰ ভালৰ বাবে জীয়াই থাকে তেওঁ।।-
_কলম_
মোৰ অন্তৰ খন ক'লা চিয়াঁহী
মই শব্দবোৰৰ মাজত
জীৱনৰ পাতে পাতে
অঁকা তযু চৰনৰ ৰেখা।
তুমি সুগন্ধি সুবাসৰ সুৰ সন্ধিয়া!
আমিষ যে তোমাৰ প্ৰিয় ব্যঞ্জন!
কলা চিয়াঁহীৰ তোমাৰ প্ৰিয় অৱসৰ
সমস্ত আম্বৰৰ ছন্দ পতন।"
যেতিয়াই কোনো হাতৰ পৰশ পাঁও
সক্ৰিয় হৈ ইতিহাস ৰচিবলৈ ধৰোঁ!
-🖋️ Tina Baruah-
_ভগৱান_
অশৰীৰী অবাস্তৱিক ধাৰণাৰ
জয়জয় ময়ময়!
অসুৰ বিনাশী শক্তিত যাৰ পৰিচয়।।
সময়ে সময়ে যুগৰ পৰিৱৰ্তনে
যাক দিয়ে......
অলেখ উপাধিৰে যে কৰে মানৱে বিভূষিত
কোনো দিনে নিষ্প্ৰাণ মূৰ্তিত সুগঠিত!
তুলি দিয়া দুখনি হাতত জ্ঞানৰ নিৰ্মালী।
জ্ঞান সদৃশ অমৃত 'পাণ'
কৰি আন্ধাৰৰ পথ ত্যাগি।
পোহৰৰ পথক আকোঁৱালি হৃদয়ৰ ৰক্তাক্ত শোনিতেৰে
তোমাৰ চৰণত নিবেদিছোঁ
এগছি বন্তি।।
হিংসা জৰ্জৰ সমাজৰ দৰ্শক তেওঁ নিস্পৃহ!
নামৰ যে অপব্যৱহাৰ অজ্ঞানীয়ে কৰে অপপ্ৰচাৰ।
ক'ত কিমান যে বেমেজালি দুস্কাৰ্যও সংঘটিত
অস্তিত্বক লৈও প্ৰশ্ন তেওঁৱেই
যে সৰ্বত্ৰ চিৰপূজ্য।
সেইজনাই ভগৱান জীৱন
দৰ্শনৰ পথ পদৰ্শক।
প্ৰণামো হে জ্ঞানৰ পূজাৰী
ভক্ত হৈ নিবেদিছোঁ তোমাৰ
চৰনত নিবেদিছোঁ এগছি বন্তি।
- 🖋️Tina Baruah-
অনুভৱৰ এক প্ৰভঞ্জন
••••••••••••••••••••••••••••
জীৱনৰ এক আনামী সপোন
জীৱনৰ পৰা পোৱা এটি ক্ষণ;
জীৱনৰ সৈতে খেলা এটি এটি পল;
তুমি আমি আকৌ আশা কৰা
তুমি আজি পুনৰ স্নান কৰ,
নতুনত্বৰ সমগ্ৰ সত্বাত,
নতুনত্বৰ সমগ্ৰ অস্তিত্বত,,
আছে মাথোঁ এটি আশা
এটি নিচুকনি আশা
এটি জীয়াই থকাৰ প্ৰেৰণা।।-