Pori Kaushik Sarmah   (অশ্ৰুসীমনা🌸🌸)
179 Followers · 84 Following

read more
Joined 25 October 2018


read more
Joined 25 October 2018
18 MAY 2022 AT 22:10

প্ৰেম ভালপোৱাৰ সংজ্ঞাবোৰ যে মোৰ বাবে অলপমান পৃথক জানে । ভালপোৱা মইও বিচাৰো নিবিচাৰো বুলি কেতিয়াও নকওঁ কিন্তু মোৰ বাবে থকা তেওঁৰ ভালপোৱাখিনি দায়িত্ব হিচাপে নহৈ যদি তেওঁ বোজা বুলি ভাবে তেন্তে তেনে ভালপোৱাৰে আৱৰি নাৰাখিলে মই সুখী হ'ম ।
মোক দিয়া প্ৰতি দিনৰ প্ৰতিশ্ৰুতিখিনি মৰম নহৈ এটা গধুৰ দ্বায়িত্বৰ ভাৰ বব নোৱাৰা বোজা হৈ পৰালৈকে তেওঁ মোৰ কাষত ৰ'ব। কেতিয়াও নালাগে ।মোক তেওঁ তেতিয়ালৈকে হে সংগ দিয়ক যেতিয়ালৈকে তেওঁৰ হৃদয়ত মোৰ নামৰ অনুভৱে খেলি থাকিব ,অন্যথা তেওঁ উন্মুক্ত কিম্বা মুকলি পখী যি ভাবে তেওঁৰ ব্যক্তিগত কথা ।।
পাৰিবনে তেনে এজন তেওঁ হ'বলৈ মোৰ বাবে ।।

-


27 MAR 2022 AT 18:36

"জীৱন !প্ৰিয় গান এটাত মগ্ন হৈ ,দুচকু মুদি উশাহ এখিনি দীঘলীয়াকৈ ,টানি ল'লে হুৰমুৰকৈ সোমাই যোৱাখিনি ভাললগা আৰু লগে লগে ওলাই অহা মিচিকি হাঁহিটোৱেই প্ৰেম । সেয়া কাৰোবাৰ নামত ,সেই হাঁহিটো ,কেৱল নিজে বুজিব পৰাকৈ বুকুত থাকিলে আজীৱন সৰগীয় হৈ থাকিব আৰু সেই টানি লোৱা উশাহটো ,হুমুনিয়াহ হৈ বুকুৰ পৰা সৰকাই অনা চকুপানীখিনিনিয়েই জীৱন ।
যেতিয়া তুলাচনীত চকুৰ পানীৰ ওজনখিনি বাঢ়ি যায় ,ভাললগাবোৰ আৰু ভালপোৱাবোৰৰ ওজন কমি যায় ,তেতিয়াই জীৱনে বাট হেৰুৱায় ।"
#জীৱন ডট কম❤️❤️

-


21 NOV 2020 AT 13:38

আঘাত লাগিলে চিঞৰি দিব পৰাটো সহজ কিন্তু তাতকৈ কঠিন হাজাৰ আঘাতক আওকাণ কৰি হাঁহি থাকিব পৰাটো ।

-


10 DEC 2021 AT 21:56

প্ৰেম প্ৰেম গোন্ধোৱা
কোনোবা নিশাত জোনাকবোৰে
আইৰ কোলাত খেলা কৰোতে হেনো
আঘোণেই আছিল
সেইদিনা পিতায়ে হেনো
পথাৰত চপাইছিল সোণ গুটি
আইক আদৰাৰ প্ৰস্তুতিত ।

পিছৰটো আঘোণত পিতাইৰ
উদং বুকুলৈ একাজলি
ভৰুণ গধুলি নামিছিল
ৰাতি বোৰ শেৱালি ফুলাদি ফুৰিছিল
খিলখিলাই হাঁহিছিল
আইৰো উদং সেওতাত জিলিকি ছিল
পিতাইৰ নামৰে সেন্দুৰীয়া আলি জীৱনলৈ ।

প্ৰতি পুৱা মোৰ আইয়ে এটি
ফুল তুলি গোঁসাইক দিয়ে
পিতাইয়ে সজল নয়নে
আইক চাই থাকে ।।

-


28 OCT 2021 AT 18:30

:কেনে আছা?
:হেই, তেনেই সৰু কথা ,ভাবেনে এইবোৰ চি:!
: চেষ্টা কৰা।
:বেছিয়ে আলসুৱা তুমি।
:অকল তোমাৰ দুৰ্বলতাৰ বাবে।
:নাই নুশুনো।
:মনে মনে থাকাচোন , কিমান নো কথা কোৱা?
:বেছি দয়ালু তুমি।
:বেছি ডাঙৰ কৰি দিয়া তুমি কথাবোৰ ।
:সময় নাই,প্ৰব্লেম সকলোৰে জীৱনলৈ আহে।"

এই যে আপোনাক আপোন বুলি ভাবি দুটা কথা ক'ব বিচৰা মানুহবোৰ , কেতিয়াবা নোকোৱাখিনিতে জীৱনৰ শেষ হয় । আপোনাৰ মাত্ৰ এমুঠি সহাৰিৰ অভাৱত ।

হয় কি ক্ষতি তেওঁৰ অনুপস্থিতিত আপোনাৰ ন?
তেনে তেওঁৰ মৃত্যুৰ পিছত আপুনি কিয় কয় "এবাৰ যদি মোকে ক'লে হেঁতেন বুলি ?"তেন্তে জীয়াই থকা কালতে কিয় অত অৱহেলা । এধানি সময়ৰ অভাৱ ? কিয়?

-


29 SEP 2021 AT 20:15

: কিমান খিনি ভালপালে জন্ম হয় অবিশ্বাসৰ?
:, তেন্তে কিমান ভাল পালে সীতাদেৱী লুকাই লাগে পাতালত?
:মই ৰামচন্দ্ৰ নহয়,তইয়ো সীতা হ'ব নালাগে !
:,তেন্তে ক" কিমান প্ৰেমৰ নিদৰ্শন আৰু ত্যাগৰ প্ৰতিমূৰ্তি হৈ বিনাদোষে উৰ্মিলাই বন্ধ দশৰথৰ ৰাজবধু হৈয়ো কুঠৰীত কটাব লগা হৈছিল ফুলশয্যাৰ পৰা জীৱনৰ চৈধ্যটা বৰ্ষৰ হেঁপাহ লগা উজাগৰী ৰজনী ।কিয়?
:মই তেনে লক্ষ্মণ নহয় ।
:চা ,পতিভক্তিৰ নিদৰ্শনৰ বাবে গান্ধাৰীৰ চকুত বৈবাহিক জীৱনৰ সময়চোৱাত বন্ধা আছিল কাপোৰ ,নীৰৱে মানি আছিল শতপুত্ৰৰ ব্যভিচাৰ ।বুৰ গৈ আজীৱন চকুলোৰ বন্যাত । ।
:মই ভয় কৰো হেৰুৱাই পেলাম বুলি তোক
:খামুচি আছো দুহাত দেখোন ।
: কিমান ভাল পালে আকাশৰ জোনটো গ'লে?জোনাকখিনি ফটফটীয়া হয় ,ঠিক তোৰ হাঁহিটোৰ দৰে ।মমতাজ ,সীতা, ঊৰ্মিলা , গান্ধাৰী হৈ দিব নালাগে ভালপোৱাৰ প্ৰমাণ ।
: অবিশ্বাস কিয় কৰ?
: ভাল পাওঁ তোক !

:শুনচোন ?
:ক"
:যদি আকাশখন আমাৰ হয় ,তৰাবোৰ হাঁহি , তেন্তে গোটেই পৃথিৱী খন আমাৰ হ'ব ।আৱেগবোৰক কি নাম দিম ?তোৰ মোৰ সম্পৰ্কবোৰক ?
:কোনো নিয়মত তোক ভাল পাব নিবিচাৰোঁ অ",বাজি উঠক মাজনিশাও কেঞা আঙুলিৰে কলিজাৰ গান
" কেতিয়াবা বেজাৰত টোপনি নাহিলে মোৰ
কপালতে যেন হাত যোৱা বুলাই"।।



:

-


5 SEP 2021 AT 6:53

জীৱনৰ প্ৰথমটো বৰ্ণ "মা"মাতিবলৈ শিকাইছিল চাগে মায়েই ,খোজ কাঢ়িবলৈ শিকোৱাৰ পৰা জীৱনৰ আদিপাঠৰ শিক্ষা ঘৰতে । অংগনবাড়ী কেন্দ্ৰত বন্দনা বাইদেউক কোলাত উঠি সেন্দুৰী বাইদেউৰ মৰমৰ উমৰ পৰা শিকিছিলো অ" আ" ক,খ । ২২৫নং ভালিৰাম হাজৰিকা প্ৰাথমিক বিদ্যালয়ত চন্দ্ৰমা বাইদেউ আৰু প্ৰদীপ হাজৰিকা ছাৰে স্কুল চাৰ্টিফিকেট দিবলৈ লওঁতে বৰকৈ আশীৰ্বাদ দিছিল । তাৰ পিছত আহিছিল মোৰ সেউজী দ্বীপত জীৱনৰ আঠ বছৰ বৰ সোনকালেই গ'ল , যদিও আঠ বছৰত শিখা বাইদেউৰ পৰা আৰম্ভ কৰি প্ৰতিজনে দিলে মোক জীৱনৰ মন্ত্ৰ । অমৰ ছাৰ এইজন মানুহক পাহৰি গ'লে চোন পাপে চুব । মহাবিদ্যালয় খনে চাৰিজন আপোন মানুহক দিলে । অনিমা বাইদেউ,কুশল ছাৰ,জ্যোতিময় ছাৰ ,লয়িং ছাৰ বৰ ভাল পাওঁ আপোনালোকক । জীৱনৰ এছোৱা সময়ৰ পৰা গোটেই জীৱন মনত ৰাখিব পৰাকৈ গঢ়িলে আপোনালোকে । তাৰ উপৰিও ঘৰে_পৰে বহুত সময়ত শিক্ষা দিয়া সকলো মোৰ গুৰু । ।
‌ শুভ কামনা শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত । সকলো ভালে থাকক প্ৰিয় হৈ ।।

-


22 AUG 2021 AT 17:06

যদি কিছুমান দেওলগা সময় ভাল হৈ উঠে , আমিও এটা ভাল লগা শব্দৰ সাক্ষী হ'ম । অ" আমি স্নাতক উপাধি গ্ৰহণ কৰিম । নাজানো তাৰ পাছত আমাৰ ভৱিষ্যত কোন দিশে অথবা আমি বোৰ কোন দিশে ? তথাপি দিয়কচোন জীৱনৰ এটা সুকীয়া যাত্ৰাৰ আয়োজন কৰোতেই কাইলৈ পুৱা অৰ্থাৎ ২৩/৮/২০২১ তাৰিখে পুৱা ১০ বজাত শেষ হৈ থাকিব । যদিওবা এখিনি বিষাদে চকুলো সৰাইছে ক্ষণিকতে হেপেহুৱা আকাশ এখনে আমাক তুলি ধৰিছে । শেষ সময়বোৰ উদযাপন কৰিম বুলি ভবাতে থাকিল । সময়বোৰ আমাৰ বাবে ভাল হৈ নুঠিল । তথাপি ছাৰ বাইদেউৰ অশেষ কষ্ট ,নিজৰো হাৰি যাব নোখোজা মনবোৰ সকলো বুকুত বান্ধি কাইলৈৰ পৰা অনুষ্ঠিত হ'ব লগা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক ষষ্ঠ ষান্মাসিকৰ পৰীক্ষাত অৱতীৰ্ণ হ'ম ।
নিজলৈ শুভাশা ,সকলোলৈকে শুভ ইচ্ছা । কুশল হওঁক আমাৰ সকলোৰে ।।
------অশ্ৰুসীমনা ----

-


21 AUG 2021 AT 11:03

সুখী হও বুলি ক'লেই কোনো মানুহটো আৰু সুখী হৈ যাব নোৱাৰে , তেনেদৰে দুখী হ'ব খুজিলেও নোৱাৰে দুখী হ'ব । প্ৰতিদিন সুখী হৈ থাকিও ভাল নালাগে , কেতিয়াবা অকাৰণে দুখী হৈ থাকিও ভাল লাগে । প্ৰখৰ ৰ'দে দুগাল পুৰিলেও পোহৰ ভালপোৱা মানুহে নোৱাৰে ক'ব" সোনকালে ক্ষীণাওক বেলি" ,আৰু এন্ধাৰ ? এন্ধাৰেই জানো অকল দুখ লুকূওৱাৰ ঠাই হ'ব পাৰে ! হয় হ'ব পাৰে ,কাৰণ এন্ধাৰত নিজিলিকে চকুৰ তলৰ ছাইবোৰ ।
কেতিয়াবা অকাৰণে ভিৰ কৰা বুকু খনত ডাঙৰ ডাঙৰ কথাবোৰেই ইমান সুখী কৰিব নোৱাৰে , যিমান সৰু সৰু কথাবোৰত হ'ব পাৰি।
আচলতে জীৱনবোৰো এনেকুৱাই , কেতিয়াবা অজস্ৰ প্ৰতিশ্ৰুতিতো ভৰুণ নহৈ সৰু কথা একোটাতো নিজকে সজাব পাৰি হাঁহিৰ জুইফুলেৰে । দেওলগা সময়বোৰ ভাল হৈ উভতি অহালৈ হ'ব পাৰে বহুত দুৰ । তথাপিও এচামুচ হাঁহি ,এপিয়লা গৰল গিলি আজিৰ জীৱন জিন্দাবাদ ।।

-


1 AUG 2021 AT 11:50

বিলাসী কংক্ৰিটৰ নগৰীত সুলভ জীৱনৰ মাজত হেৰুৱাই নেপেলাবি মই দিয়া আজিৰ হৃদয়ৰ ৰঙা গোলাপৰ ঠিকনা ,অনূভুতি খিনিক হেৰাই যাবলৈ নিদিবি সৰাপাতৰ দৰেই ,এটা স্বাস্বত অনুভৱেৰে ৰঙীন ডায়েৰীত শুভাৰম্ভ হোৱা জীৱনৰ মৰমলগা নিৰ্দোষ গাঁৱলীয়া ধেমালিবোৰক ফালি নেপেলাবি কোনোদিনে । তহঁতে দিয়া এধানি মৰমতে জিলিকি থাকক মোৰ পৰা হাঁহি বোৰ আমালৈ , হেজাৰ হেজাৰ ৰ'দ বতাহক খামুচি ৰাখি থিয় হ'বি মোৰ প্ৰতিকুল পৰিস্থিতিত সাহস দি , বিশ্বাস বোৱাই এচামুচ সুখ আৰু এচামুচ দুখ গিলি বাৰে বাৰে মোক চিঞৰি ক'বিহি " জীৱন জিন্দাবাদ "

বন্ধু ,
আমৰণৰ ওলগ তহঁতলৈ 🥺❤️

-


Fetching Pori Kaushik Sarmah Quotes