Hirak Rajbongshi   (হীৰক)
82 Followers · 33 Following

read more
Joined 17 September 2018


read more
Joined 17 September 2018
7 OCT 2022 AT 17:08

To the flower blooming in my heart,
You are the most blissful gift life ever presented to me. Life may be tough but you under my heart makes it always easy. Keep blooming, I will rain on you as a monsoon cloud.

-


18 SEP 2022 AT 21:59

Someday Through this hand I will grab your sorrows into mine
Your smile will utter the voice of happiness,
And the infinite and unpredictable thoughts of ours will get free,
I will look through your veins to know if your blood carries love
The tiny sparkle of your joy will be reflected in my face,
Someday,
I will sing for you forever
Under blanket of this moonlight
Upon a plane grassland
With my heart wide and open.

-


7 SEP 2022 AT 12:13

দেওবাৰে নিশা এজাক জোনাক হৈ তুমি আহিবা,
পাহাৰ তুংগৰ এডৰা নিশান্ত ঘাঁহনিত আমি কথা পাতিম,
আমি ওমলিম
ঠিক চিকচিকীয়া মেঘ এডৰাৰ দৰেই,
পাহাৰখনৰ এঢলীয়া সমতলত।

-


20 SEP 2020 AT 14:06

এজাক নীলা বৰণৰ ৰ’দ ,
ৰ'দজাকে মোৰ চোতালৰ পৰিসীমা বগাই আছে
মোৰ কোঠাৰ নিস্তব্ধতাই ৰ'দক এলাগী কৰিছে,
ৰদ জাক তাইৰ লেখিয়া,
তাই আছে বাবেই ৰদজাক মোৰ চোতাল পাইছে,
প্ৰেমৰ সংলাপবোৰ ৰদ বতাহত ঠেকা খাই প্ৰতিধ্বনিত হৈছে,
মোৰ কাণত বাজিছে নিৰ্ভেজাল প্ৰেমালাপৰ গল্পগুচ্ছ
উস্ম প্ৰবাহ চালিত মোৰ বুকু চিনাকি চৰাই এটাই শীতল কৰিছে,
অচিন উপত্যাকাৰ বতাহ এজাকে আহি তাইৰ চুলিত ঘৰ সাজিব লৈছে,
মই তাইৰ বুকুত সেউজীয়া অৰণ্য এখন গঢ়িম,
নীলা ৰদবোৰ উৰিব অৰণ্যৰ এন্ধাৰৰ বিন্ধাৰে
ৰদজাক তাইৰ দেহত ফুলিব
এটা নতুন সূৰুজমুখীৰ দৰে।


-


20 SEP 2020 AT 12:45

ৰদে গৰকা এটা দুপৰীয়াত তাইৰ আলিবাটত মই ৰৈ যাম্,
এটা মংগল ধ্বনিয়ে মোৰ কৰ্ণকুহৰ চুৰ্ণ বিচূৰ্ণ নকৰালৈ মই তাতেই ৰৈ থাকিম
এখিলা শুকান সৰাপাতত মোৰ প্ৰতিশ্ৰুতি বোৰে আত্মহত্যা নকৰালৈ মই দূপৰীয়াটোক বান্ধি থম বাস্তৱতাৰ পোতাশালত।
বৰ আবেগ ৰদক লৈ
ৰদে জীবন দিয়ে, ৰদে মানুহ মাৰে
ৰদে মোক্ তাই সদায় গচকা আলিবাটত ৰক্তেৰে ৰঙা গোলাপৰ গোন্ধ বিলাব দিছে
ৰদে তাইৰ গালত সোণ ছটিয়াইছিল সেই দূপৰীয়াটিত,
এই ৰদজাকতেই মই তিল তিলকৈ মৰিম,
উস্ম বতাহজাকে মোৰ বুকু ভেদি স্বপ্নৰ পক্ষীহালক জ্বলাই মাৰিব
তাইৰ মুখখন মোৰ চকুদুটাত উজ্বলি থাকিব
অতীতৰ গৰ্ভত সৰি পৰা বসন্তৰ কোনো এটা ৰদত লিখা কবিতাটি পুৰি ছাই হব
ৰদে মোক্ শেষ কৰিব

-


19 AUG 2020 AT 20:41

তোক হেৰুৱাৰ দিনা মোৰ পদুলিত এডাল কেকটাছ গজিছিল,
কাঁইটবোৰ দীঘল হৈ বুকু চুইছিল
তই আহিবি বুলি খামুচি ৰখা কপৌপাহে মৃত্যুৰ ক্ষণ গণিছিল
কৃষ্ণচূড়া দাল নিশব্দে মূৰ্ছা গৈছিল
পাতবোৰ হালধীয়া হৈ অন্ধকূপৰ আশ্ৰয় লৈছিল
জিলিকি থকা গহণাবোৰ মূহূৰ্তত শেঁতা পৰিছিল
শেৱালি জোপাও ফুলা নাছিল
মই একেথৰে আকাশলৈ চাই ৰৈছিলো
ভ্ৰষ্ট পথিকৰ দৰে ঠিকনা বিচাৰিছিলো অন্ধকাৰৰ,
মোৰ লগত বহাগ নাছিল,
কাৰণ বসন্তৰ ৰঙ তয়েই সানিছিলি।

-


4 AUG 2020 AT 9:04

ফাগুনৰ উপত্যকাত উৰি ফুৰা এটি ৰঙচঙীয়া পখিলাৰ বিষয়ে কব পাৰিম, মোৰ হৃদয়ৰ আবেগ বোৰ যত আৰম্ভ আৰু যত শেষ সেই নামতোৱেই তাই। মিছা মানুহ জনৰ বিষয়ে ও কব লাগিব যিয়ে পখিলাৰ প্ৰেমত পৰি সুগন্ধি ফুল্ এটা হবৰ বাবে তাই ফুৰা উপত্যকাত ৰৈ পৰে।
আবেগৰ ভৰত কেতিয়াবা ৰাতিটোৱে বিনাই।
পখিলা জনী প্ৰিয় । তাই এ জীবনটোত ফুলৰ সুৱাস চিনাকি কৰাই দিছে, তথাপিও ভূল হয়,
আবেগ বোৰ তেনেকৈ এ ৰৈ যাই

-


18 JUL 2020 AT 10:20

এটা নাভাগৰা যাত্ৰা কৰিম দুয়ো
উজাই যাম্ পাৰাপাৰহীন এখন সমূদ্ৰৰ উদং বুকু
আকাশ খনৰ অসীমতাত কি আছে, জুকিয়াই চাবলৈ যাত্ৰা কৰিম।
তই হালধীয়া জোৰ পিন্ধিবি,
চুলিবোৰো নাবান্ধিবি
মুকুতা বোৰ সৰি পৰিবলৈ দিবি
বেলিটোৱে নো সদায় কি চাই আামাৰ ফালে,
তাৰ দেশত গৈ সুধিম তোৰ জানো আছে আশা কিম্বা আকাংখ্যা
তৰাবোৰৰ সেইতো পাৰে অকা বেলিফুলৰ দেশলৈ যাম্
তইও ফুলৰ লগত মিলি হেৰাই যাবি
এৰি অহা বালিচৰত মই আশাৰ ৰুপোৱালী মুকুতা বোৰ বিচাৰি ফুৰিম
তই দূৰৈৰ পৰা চাবি
মই পৰি থাকিম তাতেই,
তোৰ মুকুতাবোৰ সাৱটি।

-


13 JUL 2020 AT 11:40

I feel Good when I am with you
Rubbing my cheeks with your fragrancive hair,
Touch your little nose with a pure cuteness,
Holding each others hand with some promises,
Seeing your face closely and knowing how much i feel blessed to have you in my life 😊 ♥️

-


3 APR 2020 AT 18:56

আহিবি পুৱতি নিশা জোনাক হৈ
মই নৈ খনৰ দৰেই তোক বুকুত কাঢ়ি লম,
এন্ধাৰৰ কোলাত উঠি অহা নিচাগ্ৰস্ত বৰদৈচিলা জাকে মোৰ চোতাল নিৰস কৰিব,
তই পুৱাৰ ৰদজাক হৈ মোৰ পদুলিত খেলিবি,
বৰ্ষাই এৰি যোৱা ৰামধেনুখন হৈ তই ওলাবি
মই শান্ত বতাহজাক দৰেই তোৰ ৰঙবোৰত খুন্দিয়াম,
বসন্তৰ লেখীয়াকৈ তই বগাই যাবি দেহত
মই চাই ৰম তোলৈ,
প্ৰতিটো উন্মুক্ত ঋতুৰ বাসনাৰে।



-


Fetching Hirak Rajbongshi Quotes