QUOTES ON #স্বাৰ্থপৰ_জীৱন

#স্বাৰ্থপৰ_জীৱন quotes

Trending | Latest

আপুনি যিমানেই কাৰোবাক আদৰ কৰিব, তেওঁ সিমানেই ক্ৰমশঃ আপোনাক অৱজ্ঞা কৰাৰ আৰম্ভ কৰিব।
আপুনি যিমানেই কাৰোবাক মৰমেৰে আবৰি ৰাখিবলৈ খুজিব, তেওঁ সিমানেই ক্ৰমশঃ আপোনাক সহজলভ্য বুলি গণ্য কৰি আঁতৰি যোৱাৰ চেষ্টা কৰিব।
এইখন স্বাৰ্থপৰ পৃথিৱী বন্ধু......
ইয়াত বয়সত মানুহে নিজৰ পিতৃ-মাতৃকো আৱৰ্জনা বুলি ভাবি বৃদ্ধাশ্ৰমত থৈ আহে।
আৰু তুমি মই চাৰি চকুৰ মিলনৰ জৰিয়তে হোৱা আকৰ্ষণটোকে প্ৰেমৰ নাম দি চিৰদিন একেলগে থকাৰ আশাত বন্দী হৈ থাকো ।
কি যে হাস্যকৰ বিষয়.......😊😊

-


23 NOV 2019 AT 0:59

উজাগৰী নিশাৰ যন্ত্ৰণা সকলোৱে নুবুজে
ইয়াক বুজিবলৈ নিস্বাৰ্থৰ প্ৰেমিক হব লাগিব ।
বৰ্তমানটো স্বাৰ্থপৰ দুনীয়া

-



জ্ঞানেই উদ্দিপক,
জ্ঞানেই প্ৰজ্বলক,
জ্ঞান অবিহনে যে
মানৱ জীৱনটোৱেই নৰক,,
জ্ঞানৰ খ্যাতিৰ কাৰণেই আজিও
অনেক পণ্ডিতৰ নাম
ইতিহাসৰ পাতত জিলিকি আছে,,
কিন্তু,,
আজিৰ সমাজ খনত যেন
প্ৰকৃত জ্ঞানৰেই অভাৱ পৰিস্ফুত,
কেৱল টকাক লৈয়ে
বৰ্তমান যুগৰ সৌধ নিৰ্মিত,
সমগ্ৰ জনসমাজ স্বাৰ্থৰে ৰচিত,,
সেয়ে চাগে বৰ্তমান সময়চোৱা
হৈ পৰিছে নৰকসদৃশ,
যাৰ বাবে মানুহবোৰো হৈছে
পৰস্পৰ অচিনাকি,,
অভিনৱ জ্ঞানৰ আৱশ্যক আজি,
যাতে সকলোৱে লগ হৈ
শান্তি সম্প্ৰীতিৰে ৰচিব পাৰে
নিজ জাতিৰ চানেকি।।

-


30 APR 2020 AT 0:58

যান্ত্ৰিকতাৰ এই পৃথিৱীত
কোন কাৰ আপোন?
সকলোৱেইচোন স্বাৰ্থপৰ!
সপোনৰ পাছত দৌৰি দৌৰি
আনৰ সপোনকো দেখোন উজুটিত উফৰাই..

-


23 JAN 2021 AT 22:35

নিজৰ প্ৰয়োজনত খিনি পূৰাবলৈ আপোনাক ব্যৱহাৰ কৰা মানুহ বহুত ওলাব। আৰু যেতিয়াই তেওঁৰ মন ভৰি যাব লাহে-লাহে তোমাক অৱহেলা কৰিবলৈ লʼব।

এনেকৈয়ে তেওঁ আকৌ আন নতুন এজনৰ লগতো কৰিব।

কিছুমান এনেকুৱা আছে যে, কেৱল বেলেগৰ জীৱনৰ লগত হেতালি খেলিহে শান্তি পায়। কিন্তু তেওঁৰ বাবে আনজনে পোৱা কষ্টখিনি অনুভৱ কৰিব নোৱাৰে।

আচলতে যাৰ যেনেকুৱা চৰিত্ৰ তেওঁতো তেনেকুৱাই হʼব। তেওঁক বেছি বিশ্বাসত লোৱাটো আমাৰেই ভুল।

-


8 NOV 2020 AT 22:19

সকলো মানুহেই স্বাৰ্থপৰ ৷
মইটো মানুহৰ মাজৰেই এজন, মইও মোক এবাৰ শুধি চাইছো মই কিমান স্বাৰ্থপৰ !
এই যে “মই, মোক, মোৰ…” শব্দবোৰৰ ব্যৱহাৰেই কয় মই কিমান স্বাৰ্থপৰ ৷
এই যে মই কাৰোবাক কৈ দিলো “মোৰ অসুবিধা হ’ব, মোক বুজিবলৈ চেষ্টা কৰ, মই নোৱাৰিম ” এইবোৰতো জানো স্বাৰ্থ নাই !

হুমম… চাল্লা, চাৰা দুনিয়াই স্বাৰ্থপৰ ৷
মইও…

-


3 JUN 2020 AT 15:53

কোনেও কাকো পাহৰি নাযায়,
আচল কথাটো হল
প্ৰয়োজন নহলে কোনেও কাকো
মনত নেপেলায়।।

-


16 JUL 2019 AT 13:07

নিশাৰ সপোনবোৰে তোমাক
আমনি কৰেনে ?
পুৱতিৰ সূৰুযে নতুন আশা
কঢ়িয়াই নে ?
নে দোমোজাত তুমি আজি
পাৰ কৰিছা জীৱন
শ্ৰেষ্ঠ সমাজত সৰল হৈ
তুমি কি পালা ?
মনত পৱিত্ৰতাৰ ভাণ্ডাৰ লৈ
তুমি কি হেৰুৱালা ?
এটা কথা কবানে মোক
বিশ্বাসৰ পৰিনতি সদায়
সূখদায়ক নে ?
মৌন ওঁঠ যুৰিয়ে তোমাৰ হৃদয়ৰ
বিশালতা প্ৰকাশ নকৰে
অকৰ্মন্য হাতক কেতিয়াৱা
সফল হোৱা দেখিছা নে ?
ভাগ্যক দোহাই দি তুমি ৰৈ নাযাৱা
সূখৰ সপোনবোৰত সফলতাৰ
তিলক লগাবলৈ হলে তুমিও
আজি অলপ স্বাৰ্থপৰ হোৱা…

-


31 OCT 2020 AT 14:49

যিটো বস্তু তোমাৰ ওচৰত নাই
তাক তুমি বেলেগৰ পৰা পোৱাৰ আশাই নকৰিবা ।।।
কাৰণ এইটো পাহৰি নাযাবা যে আজিৰ গোটেই পৃথিৱী খনেই স্বাৰ্থপৰ অ'।।।
ই লাগিলে বস্তুৱে হওক বা মানুহৰ সম্পৰ্ক।।।।।

-


24 FEB 2020 AT 20:23

তুমি অৱহেলা কৰিব শিকিছাঁ আজি মৰমক, আধুনিকতাৰ পৰিচয় দি নিজকে সজাইছা স্বাৰ্থপৰ।
ঠিকেই আছে হয়তো সময়ৰ সোঁতে তোমাক ও সলাই পেলাইছে....!

মোৰেই ভুল দিয়া তোমাৰ চলনাবোৰ যে মই অভিমান হিচাপে লৈছিলো.….🙂

-