তুমি যোৱা বহুদিন হল
আহিবানে দেউতা উভতি ?
তুমি দিয়া সূখবোৰ এতিয়া
জোলোঙাৰ পৰা হৈছে খালী,
জীয়াই থাকিবলৈ শিকাইছিলা
স্বাৰ্থতাৰ মাজত সপোন ৰচি
খামুচি হেপাঁহৰ ঘৰখন বুকুত
ভাবিছিলা ইয়েই তোমাৰ পৃথিৱী,
জীৱনৰ বানে উটুৱাই নিলে
গৰ্বিত সন্তানৰ সমস্ত অহংকাৰ
খৰাং মনে জিৰণি বিচাৰি
কৰা বিননি শুনিছানে আত্মাৰ ?
মোৰ অদম্য সাহসৰ প্ৰতীক তুমি
তুমিয়েই মন মন্দিৰৰ চাকি
প্ৰতিক্ষণে চকুৱে বিচাৰে দেউতা
আহিবানে আকৌ উভতি ?-
অখ্যাত দেশৰ ৰজা মই
মোক বিখ্যাত নকৰিবা
লালসাত বিভোৰ স্বপ্ন মোৰ
চৰিত্ৰ সলনি নকৰিবা,
নীলাবোৰ আকাশৰ পৰা
নামি আহে মোৰ বুকুলৈ
খৰাঙৰ পৰা সেউজীয়া হৈ
জীৱনটো চঞ্চল কৰিবলৈ,
আধৰুৱা জোনে পূৰ্ণ কৰিব
পাৰিব জানো মনৰ আশা ?
সূখবোৰ যেতিয়া শূন্য হব
সিদিনা মন তই কি বিছাৰিবা,
আন্ধাৰৰ মাজত থাকি তই
কাৰ বাবে অপেক্ষা কৰিছা ?
তই ঢৌৰ সৈতে বৈ আজি
এখন নতুন পৃথিৱী সজোৱা ৷-
নীলা আকাশত বিচাৰি ফুৰিলো
ধূসৰ মেঘৰ সিপাৰে এখন পৃথিৱী,
হেঙুলী প্ৰভাতত পাখি লগাই মই
বিচাৰো সেউজীয়া বসন্তৰ হাঁহি ৷
ফুলনিৰ সুগন্ধই মোহিত নকৰে
যেতিয়ালৈ থাকিব মনত ডাৱৰ,
চঞ্চল চকুৱেও জিৰণি লব বিচাৰে
মৌন কৰি হৃদয়ৰ সকলো চিঞৰ ৷
বিষাদৰ গড়ালত বন্দীত্বৰ মজা
লবলৈ শিকিলোঁ মই সময়ৰ সৈতে,
বৰষুণত তিতি মোৰ চকুলো হেৰাই
হাঁহিৰে জিনিলো মই যুদ্ধ অকলে ৷
অন্ত যদি নপৰে বিষাল হৃদয়ৰ
হেৰুৱাবলৈ সৰ্বস্ব মই ৰাজীও নহয়,
ফুলিব আকাশত ফুল ওলাব জোনাক
অমাবস্যাৰ ৰাতি কেৱল এদিনে হয় ৷৷-
বিশ্বাসৰ উৰ্ধত তোমাক ৰাখিলো
স্বপ্নাতুৰ কলিজাৰ আচোৰ পাহৰিলো
তেওঁৰ প্ৰতিটো কথাৰ মূল্য ৰাখিবলৈ
মই সময়ৰ সৈতে যুদ্ধ কৰিলো ৷
তুমি মোক বুজিবা কিদৰে ?
উপেক্ষাৰ সাগৰত সাতুৰিছো কিদৰে ?
সাহসী হৃদয়ত আশাৰ দলিচা পাৰি
মৰহা ফুলৰ স্নিগ্ধতা বিচাৰিবা কিদৰে ?
নিজকে চিনিলো তোমাক হেৰুৱাই
সময়ক বান্ধিলো মই দূখ কঢ়িয়াই
চেদেলি ভেদেলি সপোনবোৰ বুটলি
থাকিব পাৰিম জানো মই জীয়াই ?-
উজাগৰি নিশাবোৰ অকলে কটাই
মনৰ অবাস্তৱ চেতনাৰ স্ফোলন ঘটাই,
তোমাৰ স্বাৰ্থৰে গঢ়া প্ৰেমক তিৰস্কাৰ
কৰি প্ৰেমিক সত্তাক ৰাখিছো জীয়াই ৷-
অনুভৱ ভালপোৱাৰ
================
অনুভৱেৰে গাঠিব জানা মৰমৰ মালা
সপোনত ৰঙ ঢালি বাস্তৱত উমলা
নিতৌ ন চিন্তাৰে নিজক তুমি সজাই
উৰি ফুৰা সাহসী আৰু হাৰিব নিবিচৰা
সংকল্প নামৰ পাখি দুখনি লগাই,
বিশ্বাসৰ চাকিৰে পোহৰাই ৰখা মোক
আশাৰ দোলেৰে বন্ধা জীৱনৰ ভোক
মোৰ সপোন তোমাৰ পৰশত উজলে
সেয়ে হবলা জীৱনত সূখ পাবলৈ
তোমাৰ উশাহত মোৰ আয়ুস মিহলে,
বাহ্যিকতাৰ হাৱিয়াস নাই জীৱনত মোৰ
স্থিৰতাৰ লালসাত পাৰ নকৰো সময়বোৰ
নোপোৱাক লৈ কিমান উচুপি থাকিম
তোমাৰ প্ৰেমৰ মাজতে বিলীন হৈ
সাতো ৰঙীন ৰামধেনুৰ নিচিনাকৈ
জীৱনটো ৰঙেৰে ভৰাই তুলিম ৷-
অস্থ যোৱা সূৰুযে যায় এৰি আধৰুৱা হুমুনিয়াহ
আন্ধাৰৰ সৈতে যুজিবলৈ মনক পোহৰায় তোলা ৷-
স্বাৰ্থৰে গঢ়িছা তুমি
তোমাৰ সূখৰ সংসাৰ
বুজিবা নিশ্চয় এদিন
স্বাৰ্থই কৰিব নোৱাৰে
তোমাৰ জীৱন উদ্ধাৰ,
বুজি যদি নোপোৱা তুমি
প্ৰেমৰ মধুৰ সম্পৰ্ক
স্বপ্নবোৰ দেখুৱাই মোক
ব্যৱহাৰ কৰিছিলা কিয় ?
মনত নপৰিবনে তোমাৰ
জীৱনৰ অন্তিম মূহূৰ্তত
তুমি সূখী হবলৈ যে
কৰিছিলা প্ৰেমৰ অন্ত,
প্ৰমাণ হিচাপে প্ৰেমৰ
তুমি বিচ্ছেদ বিচাৰিলা
জীৱনত সূখ বুটলিলেও
মোৰ প্ৰেমৰ ঋণী হৈ
তুমি সদায় থাকিবা ৷-
কি বিছাৰিছিলো জীৱনৰ পৰা
এতিয়া কি পালো ?
কিয় দেখিছিলো সপোনত তোমাক
এতিয়া কিয় সলনি সকলো ?
কিয় এই উদাসীনতা বোজা
বুজাম কিদৰে মনক
কিহে কৰিব মোক পূৰ্ণ আজি
নাজানো কি ভয় হৃদয়ত,
সময়ৰ সাক্ষী সময়ে আগবঢ়াব
সহিছো সকলো নিৰবে
প্ৰতিটো প্ৰশ্নৰ উত্তৰ তুমিয়েই
বুজাইছে মোক সময়ে ৷-
আৰু কিমান সহিবা তুমি ?
ক্ষমা বিচাৰিছো ভনী
পুৰুষত্বৰ চিহ্ন কাটিবলৈ
দা খন নিজেই গঢ়া তুমি
কোনটো দিশত তুমি দুৰ্বল ?
কোনটো দিশত বিফল ?
নিজৰ শক্তিক জগাই তুমি
পৰিবৰ্তন কৰা এই শৃংখল
সলনি নহয় যদি চৰকাৰ
অথবা নহয় সলনি সমাজ
তোমাৰ বলেৰে তুমি নিজেই
বচাব লাগিব নিজৰ লাজ
সম অধিকাৰৰ শ্লোগান দিয়া
সমাজক প্ৰশ্ন কৰা তুমি
কত হেৰাই যায় সিহঁতৰ মাত
যেতিয়া ধৰ্ষিতা হয় সংস্কৃতি
আজিৰ যুগত নাহে শ্ৰীকৃষ্ণ
বচাবলৈ দ্ৰোপদীৰ মান
নিৰ্ভীকভাবে চিঞৰি কোৱা
তুমিয়েই সৃষ্টিৰ স্বভিমান ৷-