নীলাবোৰৰ আজন্ম প্ৰেয়সী   (Bhaswati)
603 Followers · 235 Following

read more
Joined 27 October 2019


read more
Joined 27 October 2019

#জোন
যোৱানিশা জোনটিলৈ আপুনিও চাইছিল নেকি?
জোনৰ বুকুতচোন আপোনাৰ মুখখন বাৰে বাৰে প্ৰতিফলিত হৈছিল!

#জোনাক
যোৱানিশা জোনাকত আপুনিও তিতিছিল নেকি?
জোনাকখিনিতোচোন আপোনাৰ সুবাস লাগি আছিল।

-



শেৱালিপাহ মৰহিছে।
শেৱালিৰ অভাৱত শৰতে কান্দিছে।
শৰতৰ শুকান উচুপনিত নিয়ৰবোৰ আকাশতে গোট মাৰিছে।
শৰতৰ উকা ডালবোৰত এতিয়া বিষাদফুল ফুলিছে।

-



তোৰ ঢোলৰ চেৱত মোৰ দেহত কঁপনি উঠে,
তই আনি দিয়া কপৌপাহত লাগি থকা আদৰখিনিত
মোৰ বুকুলৈও বহাগ আহে।
তই বাৰু বুজনে,
তোলৈ বৈ থকা গামোচাখনিত ফুল বাছি থাকোতে
মোৰ ওঁঠত লাগি থকা হাঁহিটিতো অজস্ৰ ভালপোৱা ফুলে!

-



নীলাৰ মাজত শুই পৰিম...
অকলশৰে!
নিৰৱে!

বহুদূৰৈত থকা আকাশখনৰ সৈতে কথা পাতিম।
মৌনতাৰ ভাষাৰে!

শান্তিময় ক্ষণবোৰ বুটলিম
এটি দুটি শব্দৰে!
ধীৰে ধীৰে!

-



সৌ সিদিনা সপোনৰ বনত তোমাৰ সৈতে আলিংগন হৈছিল।
তুমি আৰ চকুৰে চাইছিলা,,
আৰু মই সেই চাৱনিৰ আৰ লৈ হাঁহিছিলো।
বহুদিনেই হ'ল ছাগে নহ?

সেই সময়বোৰ বাৰু এতিয়া ক'ত?
তোমাৰ মোৰ বিচ্ছেদৰ পথটিতে
ৰৈ আছে নেকি সময়বোৰো স্মৃতিৰ কণা হৈ?
যদি আছে মই যাব বিছাৰো তালৈ,
বুটলিব বিচাৰো অৱশিষ্টখিনি,,
সাবটিব খোজো সেই মূহুৰ্তটি,,
কেৱল তোমাৰজনী হৈ।

-



প্ৰিয় বুলিনো কি আছে?
প্ৰতিটো মানৱসত্তাৰ একেডাল জৰী,
কাল পাৰ হৈ এদিন মহাকালত যাব মিলি।

কোনে বুজিব কাৰ স্বৰূপ?
কোনে বুজিব বাস্তৱতাৰ প্ৰকৃত ৰূপ?
জীৱনেই চোন আজি অৱভাষিকতাৰ বুকুত!

প্ৰেমেই যদি শিকাই প্ৰতাৰণাৰ তত্ত্ব,
প্ৰেমেই যদি জোখে বিষাদৰ পাতখিলাৰ দৈৰ্ঘ‍্য,
আছে জানো হৃদয়ৰ সংবেদনশীলতাতেই প্ৰেমৰ অস্তিত্ব?

আন্তৰিকতাৰ সুত্ৰই ৰচে যদি মিথ‍্যাত্ব,
সম্পৰ্কবোৰতেই যদি সৃষ্টি চলনাময়ী নাটৰ জীয়া চৰিত্ৰ,
ইন্দ্ৰিয় প্ৰত‍্যক্ষই হ'ব জানো যথাৰ্থ?

-



নীলাবোৰৰ সৈতে এটি শীতল আলিংগন...
অনুভৱৰ অসমাপ্ত সেতেলীত!
অস্থিৰ উশাহবোৰো বাজি উঠিছে আজি...
বুকুৰ অদৃশ‍্য কেঁকুৰিত।
প্ৰশ্ন হয় কেতিয়াবা,
নীলাৰ বাবে মই..
নে মোৰ বাবে নীলা?
সকলোৰে শেষত মাথো এটাই উত্তৰ,
নীলাভত ভ্ৰমি ফুৰা,
উচাহত উৰি ফুৰা,
এই হৃদয় কেৱল নীলাৰ বাবে বলিয়া!

-



এটি কলম
এখিলা কাগজ
তাত টোপ টোপ সৰি পৰা চকুলোৰ
এমুঠি বিষাদময় অনুভৱৰ ক্ৰন্দন!
আৰু তাৰ মাজতেই মইজনী !!

-



মোৰ মৃত্যু হৈছিল


-


Fetching নীলাবোৰৰ আজন্ম প্ৰেয়সী Quotes