#তুমি ভালপোৱাৰ কথা কৈছা !💞
নিজতকৈ বেছি ভালপোৱাজনকেই মই পৃথিৱীৰ সকলোতকৈ বেছি ঘৃণা কৰি পাইছো ৷🙂
#তুমি বিশ্বাসৰ কথা কৈছা !💝
মোক হেৰুওৱাৰ ভয়ত গোটেই ৰাতি চকুলো বোৱাই উজাগৰি নিশা কটোৱাজনে এক পলকতে ঠগ দিয়া মই দেখিছো ৷🙂
#তুমি সম্পৰ্কৰ কথা কৈছা ৷💕
মোৰ দুৰ্বলতাবোৰ প্ৰকাশ কৰিব পৰাকৈ নিজকে নিৰাপদ বুলি চিনাকি দিয়াজনে মোৰ দুৰ্বলতাৰেই সুবিধা লোৱা মই দেখিছো৷🙂
#তুমি আঘাতৰ কথা কৈছা !💘
বুকুত একোৰা জীয়া জুই লৈ আনৰ দুখৰ সময়ত সান্তনা দি পাইছো ৷🙂
#তুমি প্ৰাৰ্থনাৰ কথা কৈছা !🙏
নিজেই নিজৰ চিতাৰ অপেক্ষাত দিন কটাই মই ঘৃণা কৰাজন সুখী হ’বলৈ প্ৰাৰ্থনা কৰি পাইছো ৷🙂
#তুমি সহ্য আৰু ধৈৰ্য্যৰ কথা কৈছা !✊
মিছা অপবাদে অপমানিত কৰাৰ পাছতো হাঁহিমুখে সকলো স্বীকাৰ কৰি পাইছো ৷🙂
#তুমি সাহসৰ কথা কৈছা !💪
বিফল হ’ম বুলি জানিও সেইটো কামৰ পাছতে দিন ৰাতি একাকাৰ কৰি পাইছো ৷🙂
🥀🍂🍁-
এদিন নহয় এদিন মৰাৰ আগত...
নাম ৰাখিম...
“ চিতাৰ জুইত নজ্বল... read more
“মই মাটিৰ পৃথিৱীৰ মানুহ। কল্পনাৰ ৰাজ্যত সুখ বিচাৰি কোনো দিনেই ফুৰা নাছিলো ৷ স্বৰ্গৰ কল্পনা কৰিছিলো সঁচা কিন্তু সি ও মাটিৰ পৃথিৱীৰ মাজতে মোৰ জীৱনত পাব পৰা এটা নিৰ্দিষ্ট সীমাৰ মাজত ৷ সীমাহীন সুখ সৌন্দৰ্য কল্পনা কৰি তাক এই পৃথিৱীৰ মাজত পাবলৈ আশা কৰা দুঃসাহস, মূঢ়তা মোৰ কোনো কালেই নাছিল ৷ মই যি বিচাৰিছিলো, যি ভাৱিছিলো, যি কল্পনা কৰিছিলো ইয়াতেই সেই সকলো মই পাইছো ৷ বিচৰাতকৈ বেছিকৈয়ে পাইছো ৷ স্বৰ্গ স্বৰ্গ কৰি মানুহ বলিয়া হয় ৷ যদি সঁচাকৈয়ে স্বৰ্গ আছে আৰু সি যদি ইয়াতকৈও বহুগুণ শ্ৰেয়, সুখ, আনন্দ, ঐশ্বৰ্যৰে ভৰাও হয়, তথাপি তাৰ প্ৰতি মোৰ কোনো হাবিয়াস নাই, লোভ নাই ৷ তোমাকে লৈ, পখিলীক লৈ মোক এই সৰু সংসাৰখন, তাত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ অতি সাধাৰণ সম্পদবোৰ, গোটেই ঘৰখনতে বৈ থকা শান্ত, কোমল বতাহখিনিৰ সৈতে এয়ে মোৰ স্বৰ্গ ৷ আন স্বৰ্গ মোক নালাগে, নিবিচাৰো, কামনাও নকৰো ৷”
-----“অসীমত যাৰ হেৰাল সীমা”
-----কাঞ্চন বৰুৱা-
প্ৰতিদিনেই ম’বাইলৰ স্ক্ৰীণত ভাহি উঠা ফোন ক’লটো ক্ৰমে নোহোৱা হৈ পৰে🥀
ক’ল লিষ্টখনৰ প্ৰথমত থকা নাম্বাৰটো লাহে লাহে শেষৰফালে কোনোবাখিনিত ৰৈ যায়গৈ🥀
ৱাটছআপ কনভাৰশ্যেচনৰ প্ৰথমতেই পিন কৰি ৰাখি থোৱা নাম্বাৰটোৰ মেছেজবোৰ লাহে লাহে নহা হৈ পৰে ৷ এসময়ৰ হাজাৰ হাজাৰ মেছেজেৰে সৈতে স্মৃতি হৈ নাম্বাৰটো লিষ্টখনৰ শেষৰফালে পৰি ৰয়🥀
ৰাতি ৰাতি বেক টু বেক চ্যাটবোৰো নোহোৱা হৈ পৰে ৷🥀
এজন হয়তো আন কাৰোবাৰ সৈতে ব্যস্ত হৈ পৰে আনজন হৈ পৰে নিসংগতাৰ লগৰী🥀
কাণত হেডফোন আৰু ম’বাইলৰ মিউজিকত বাজি উঠে জুবিন দাৰ গীত-- “জ্বলি জ্বলি শেষ হোৱা মোৰ বুকুখনি”💔
এবাৰ হয়তো ভাবি উঠা যায় ব্ল’ক কৰি দিওঁ তেওঁৰ নাম্বাৰটো ৷ কিন্তু নোৱাৰি💔 অৱশ্যে কেতিয়াবা ব্ল’ক কৰিলেও আকৌ আনব্ল’ক…🥀
সময়বোৰ এনেকুৱাই দুদিন আগলৈকে বুকুৰ আপোন হৈ থকাজন আজি চকুৰো অচিনাকি💔🥀-
সম্পৰ্কবোৰ বৈ যাওঁক হৃদয়ৰ পৰা হৃদয়লৈ…
প্ৰতিশ্ৰুতিবোৰ উলমি ৰওঁক উশাহৰ পৰা উশাহলৈ…
প্ৰেমৰ নৈখনৰ ওপৰত এখন কটকটীয়া সাঁকো হওঁক বিশ্বাসৰ পৰা বিশ্বাসলৈ…
এই বিশ্বাসবোৰৰ সাক্ষী হওঁক সময়…
সময়ৰ আহ্বানত প্ৰতিদিনেই উদযাপন হওঁক “প্ৰেমৰ দিৱস”...❤️
-
আহ্বান
**********
আহিলা তুমি ৷
তোমাক স্বাগতম ৷
হে নৱীন প্ৰাণৰ অতিথি
তোমাক আগমনত
শীতৰ কুৱলী ফালি শৰত হৈ ফুলি উঠক
শাৰদী ৰাণী শেৱালি ৷
বুকুৰ বিনয়াবনত পাহ পাহকৈ ফুলি উঠক
হাস্নাহানা, মাধৈমালতী ৷
দুচকুৰ পদূলিত বিয়পি পৰক
ৰজনীগন্ধা, পাৰিজাতৰ সুগন্ধি ৷
হে নৱীন প্ৰাণৰ অতিথি
তোমাৰ আগমনত
মোৰ হৃদয়ৰ বৃন্দাবনত
নাচি উঠক কৃষ্ণচূড়াৰ প্ৰাণ চঞ্চল জাকৈয়া হাঁহি।
ফাগুনতো কৃষকৰ খৰাং পথাৰত
সৰি পৰক অনুভৱৰ এজাক শিলা বৃষ্টি ৷
মনৰ আকাশত জিলিকি উঠক
নৱ প্ৰভাতৰ নৱউদিত বেলি ৷
হে নৱীণ প্ৰাণৰ পথিক
জ্ঞানৰ শলিতা জ্বলাই তুমি
ভেদ কৰা অজ্ঞানতাৰ তিমিৰ ৷
অন্ধকাৰৰ সীমা নেউচি তুমি
হৈ উঠা আউসী নিশাৰ চন্দ্ৰ ৷
তুমি হোৱা সৃষ্টি
তুমি হোৱা বৃষ্টি
তুমি হোৱা কৃষ্টি
হাউলি পৰিব ধৰা বৃক্ষৰ
তুমি হোৱা শিপাৰ সাৰথি ৷-
এবাৰ মাথোঁ ৰৈ যা সময়
******************
এয়া কি সময় !
উন্মুক্ত চহৰখনৰ ব্যস্ততাবোৰ এতিয়া নাই ৷
কোলাহলবোৰ এতিয়া নিস্তব্ধতাৰ কোলাত নিদ্ৰাৰত ৷
স্মৃতিবোৰে আহি কাণে কাণে কৈ যায়
“বিচৰা সময় ঘূৰি নাহে মন মাথো উৰা মাৰে ৷”
কৃষ্ণচূড়াৰ তলৰ হাঁহিৰ খিলিকনিবোৰৰো আজি উচুপনি ৷
সুসজ্জিত কোঠাটোৰ কিৰিলিবোৰৰো কৰুণ বিননি ৷
মধুৰময় অতীতবোৰে বাৰে বাৰে ক’ব খোজে
“অ’ সময় ৰৈ যা…”
স্মৃতিবোৰৰো হয়তো সময়ৰ ওচৰত অভিযোগ
ৰৈ যাব নোৱাৰিনে এবাৰলৈও… !
ওভতাই আনিব নোৱাৰিনে অতীতবোৰক এবাৰলৈও…!
কিন্তু… সময়টো সময়েই ৷
স্বাৰ্থপৰ, বিধ্বংসী ৷
সময়ে দিয়া উপহাৰবোৰটো
সময়েই কাঢ়ি নিয়ে ৷
সময়ে উৰুৱাই আনি একলগ কৰা
সৰাপাতকেইখিলা সময়েই বিচ্ছেদ কৰে ৷
ৰৈ যায় সোৱঁৰণী
হৈ পৰে স্মৃতি
দি যায় অভিজ্ঞতা ৷
ৰৈ যাব নোৱাৰাৰ বেজাৰত
সময়েও উচুপি উচুপি কয়
“যাবলৈ খোজোতেই থমকিব দুভৰি ৷”
-
লিখো বুলি ভাবি থকা বহুতো শব্দ
লিখো বুলি ভাৱিও নিথৰ হৈ পৰি ৰয়,
ফাগুনত ধূসৰ হৈ পৰা সৰাপাতৰ দৰেই !
কওঁ বুলি ভাবি থকা বহুতো কথা
কওঁ বুলি ভাৱিও শেষলৈকে থাকি যায়,
স্মৃতিৰ এক নিবিচৰা অভ্যাসৰ দৰেই !
প্ৰিয় তেওঁ তাহানিৰ দৰে আজিও…
তেজৰ সোঁতত নৈৰ অবিৰাম সোঁতৰ দৰে
আজিও চিৰপ্ৰবাহমান তেওঁৰ নাম ৷
উশাহৰ ভাঁজত অগ্নিৰ জলন্ত শিখাৰ দৰে
আজিও বহ্নিমান তেওঁ অস্তিত্ব ৷
অথচ,
তেওঁৰ উশাহবোৰত
মোৰ নিশাহবোৰ সামৰি
আজিও ক’বলৈ মই অপাৰগ যে
মই আপোনাক ভাল পাওঁ ৷
তেওঁৰ হৃদয়ৰ প্ৰেম যাচ্ঞাত
মোৰ হৃদস্পন্দনৰ ব্যগ্ৰতা আঁকি দি
আজিও ভাৱিবলৈ মই অপাৰগ যে
তেওঁৰ শিৰোনামৰ ৰঙা কিংশুকেৰে মোৰ কপাল সজাম ৷
তথাপিও,
নীলাক্ষী নয়নীৰ ভগ্ন স্বপ্নবোৰেও
বাৰে বাৰে তেওঁৰ আশ্ৰয়াসত
পুনৰ জী উঠি দিঠক হ’ব খোজে ৷
নাস্তিকতাৰ সীমনাত উলমি থকা
প্ৰথম আৰু অন্তিম প্ৰাৰ্থনাটোৱেও
তেওঁৰেই অস্তিত্ব বিচাৰিব খোজে ৷
তেওঁৰ মাজত মই অদৃশ্য নহয়,
তেওঁ মোক আৱৰি থাকে
সেউজীয়াবোৰে পাতবোৰ আৱৰাৰ দৰে
তেওঁ আকাশ হৈ থাকে
মই তেওঁৰ বুকুৰ নীলা হওঁ
তেওঁ সূৰ্য্য হৈ থাকে
মই তেওঁৰ পোহৰত উজ্জ্বলি জোন হওঁ ৷-
আপোনাক আৰু আপোনাৰ পৰিয়াললৈ আগন্তুক বাপতিসাহোন ভোগালী বিহুটিৰ হিয়াভৰা ওলগ যাঁচিলো ৷
🙏🙏🙏🙏🙏🙏🙏🙏
মেজিৰ পৱিত্ৰ জুইয়ে পুৰি ছাঁই কৰক সকলোৰে মাজৰ পৰা হিংসা, লুণ্ঠন, ঘৃণা…
সৃষ্টি হওঁক মানৱীয়তা, নতুনত্ব, ভাতৃত্ববোধ, অহিংসা, সমতা…
অগ্নিক সাক্ষীৰে প্ৰতিষ্ঠিত হওঁক মানৱ ধৰ্মৰ… তাৰে কামনাৰে…-
তুমিবিহীনতাত নতুন বছৰ উদযাপন কৰাৰ সাহস নাই…
তুমিবিহীনতাত নতুন দিন আৰম্ভ কৰাৰো হাবিয়াস নাই…
মনত ৰাখিম ২০২০বৰ্ষটোত… কাৰণ তুমি আহিছিলা এই বছৰটোত…
শুভকামনা নহয় আজিৰ… সেই তাহানিৰে…
সুখী হোৱা তুমি… ভালে থাকা…
নতুন বছৰৰ নৱ প্ৰভাতৰ নৱ সূৰুযে তোমালৈ কঢ়িয়াই আনক সুখৰ বতৰা…
“শুভ নৱবৰ্ষ ২০২১”
-