ভৱিষ্যতৰ চিন্তাত বৰ্তমানক নষ্ট, শেষ কৰি আছে সেই সকলে যিয়ে হয়তো নাজানে এবাৰ উশাহ লোৱাৰ পিছত আকৌ উশাহ লবলৈ সময় পায় নে নাপায়।
-
কিছুমানৰ বাবে available হোৱাটো উচিত নহয় যিটো পৰিস্থিতি আৰু সময়ে ভালকৈ শিকাইছে।
Never break the rules you set for yourself.-
হয়,ভাল লাগে। সেইবুলিটো কাঢ়ি আনিব নোৱাৰো, না পাহৰিব পাৰো। সকলো ভাললগা বস্তু পাবই যে লাগিব তেনেতো নহয় আৰু কিছুমান ভালপোৱা সদায় জীয়াই থাকে অনুভৱৰ মাজত সেয়া একমাত্ৰ হৃদয়খনে বুজি পায়।
-
কিছুমানে পেটৰ ভোকত উলংগ হৈছে আৰু কিছুমানে আকাশ চুমিবলে।
কিছুমানে পেটৰ ভোক পালি কষ্ট কৰিছে,
নিতৌ চেষ্টা কৰিছে নিজৰ লগতে সপোনক উশাহ দিবলে নতুবা ভিক্ষা মাগিছে,
ভোক সকলোৰে লাগে বা আছে সেইবুলি জানো সকলো নিৰ্লজ্জ..! নহয়।
মগনীয়াই মাগি ফুৰিছে ঠিকেই কিন্তু নিজক ঢাকিবলৈ শিকিছে আৱৰণেৰে আৰু এনে কিছুয়ে আৱৰণ খুলিছে যিয়ে সংজ্ঞা দিবলৈ আহে জীৱন সংগ্ৰামৰ.... 🙂✌-
সময় আৰু পৰিস্থিতিক মিছা অপবাদ দি খেল খেলিবলৈ সোনকালে এৰাই ভাল,
নহলে যিদিনা সময়ে খেলিবলৈ আৰম্ভ কৰিব সেইদিনা উশাহেও সংগ দিবলৈ সক্ষম নহব।-
প্ৰেম, ভালপোৱা, ভাল লগা কোনো প্ৰতিযোগিতাৰ নাম নহয়, মনে নিঃস্বাৰ্থ, নিঃসন্দেহে বুজি পোৱা এক সঁচা অনুভূতি যত জন্ম হৈ সৃষ্টিৰ,অনুভৱক জীয়াই ৰাখিবলৈ প্ৰাপ্তিৰ প্ৰয়োজন নাই,
হয় এয়াইতো প্ৰেম।-