সময়ে শিকাই, সময়ে বুজাই মানুহৰ আকুলতাৰ কথা।
মুখৰ কথাই যদি সঁচা হ'ল হয়,
আজি জানো দুখ নামৰ শব্দটিয়ে মানুহৰ জীৱনত ঠাই পালে হয়।-
জীৱন থাকে ম... read more
"সময় দুখময়, তাৰ মাজেৰে চলি যাব মানৱ জীৱন"
দেহাৰ জানো আছে ভৰষা,
মিনিটত হেৰাই জীৱন।
কিন্তু অকাল মৃত্যু সদায় অবিশ্বাস্য।।-
"বিবাহ"
বিবাহ এটি পৱিত্ৰ বান্ধোন।মানুষ্যৰ জীৱন চক্ৰৰ এটি অবিচ্ছেদ্য অংগ বিবাহ। জন্ম,মৃত্যু,বিবাহ এই কেইটাৰ অবিহনে মানুহে জীৱনত পূৰ্ণতা লাভ কৰিছে বুলি ক'ব নোৱাৰি।
এটি প্ৰজন্মৰ সৃষ্টিৰ বাহক এই বিবাহ,সহযোগিতাৰ অন্যনাম বিবাহ।বিবাহ আজিৰ যুগত বহুপ্ৰকাৰী হৈ পৰিছে যেনে- Arrainge marriage, love marriage, court marriage আৰু কত যে কি?
কিছুমান বিবাহত সংসাৰ খন সুখেৰে চলি থকা দেখা যায়। কিন্তু কিছু ক্ষেত্ৰত দুখ অশান্তি অত্যাচাৰে দেখা যায়। সেয়ে বিবাহ সম্পন্ন কৰিবলৈ যাওতে জীৱন সংগীজন নিৰ্বাচন কৰো চাই ল'ৱ লাগে যে তেওঁ কিমান ভদ্ৰ অমায়িক সকলোৰে প্ৰতি সতভাৱ প্ৰকাশ কৰিব পাৰে নে নোৱাৰে?
কাৰণ এবাৰ সংসাৰৰ মায়াত বন্দী হৈ কোনো কাৰণত যদি এই সম্পৰ্ক ত্যাগ কৰা যায় তাত বহুলোকেই দুখী হয়।
হিন্দু শাস্ত্ৰত টো এখন বিবাহ ৭টা জনমলৈ গঢ়ি উঠে বুলিয়ে কয়।বহুত প্ৰাধান্যৰ মাজেৰেই টো এখন বিবাহ আগবাঢ়ে ই লাগিলে হিন্দু সমাজৰে বিবাহ হওক বা মুছলমান বা আন সমাজৰে হওক।মুছলমান সকলৰ এটা শব্দ "কুবুল হৈছে" ৰাইজ সাক্ষী কৰি এখন বিবাহ সম্পন্ন হয় বুলি ধৰা হয়।
বিবাহৰ মূল্য দুটা জীৱন, সমাজত অতি বেছি ।কিন্তু সময়ত ই একোটা খেল হৈ পৰিছে।এজনক এৰি আনজনক আপোন কৰাটো তেনেই সহজ যেন হৈ পৰিছে।
" বিবাহৰ মান ৰাখক খেল বুলি ভাবি নলব"
-
" ভাৰতৰ ধৰ্ম নিৰপেক্ষতা"
ভাৰতবৰ্ষ হৈছে এখন ধৰ্ম নিৰপেক্ষতাৰে ভৰা দেশ।য'ত নাই কোনো জাতি-ধৰ্মৰ বিভেদ,আছে একতা মৰম চেনেহৰ এনাজৰী।আছে হিন্দু, আছে মুছলমান,আছে খ্ৰীষ্টান আৰু যে কত কি? কিন্তু ধৰ্মৰ নামহে বেলেগ মানুহৰ মনত কিন্তু কোনো বিভেদতা নাই সকলো একে গৰাকী জননীৰ সন্তান।
আছলতে ভাৰতবৰ্ষৰ প্ৰাকৃতিক পৰিবেশে সুকীয়া, য'ত চৌপাশে আছে পাহাৰ, নদ-নদী, মৰুভূমি ইত্যাদি। সকলোকে এক কৰি লয় এই উৰ্বৰতাৰে ভৰা দেশ বাতাবৰণে।
পৃথিৱী বহু ঠাই আছে যি ধৰ্ম সপক্ষে যেন পাকিস্থান ইছলাম প্ৰধান, বেংগল বাংলা ভাষী প্ৰধান ইত্যাদি। কিন্তু একমাত্ৰ ভাৰতেই সকলো ধৰ্মৰ সমাহাৰ ঘটাইছে।
য'ত মৰমেই প্ৰধান আঁহিলা। নানা কৃষ্টিৰ বাৰেৰহনীয়া ৰংগমঞ্চ থলী এই ভাৰতভূমি।
মিলা প্ৰীতি মৰমৰ এনাজৰীয়েই হওক আমাৰ চিৰলগৰী,এই উদ্দেশ্যৰেই আমি আগবাঢ়িম জীৱন একাত্মীক যুঁজত।
ভাৰতবৰ্ষৰ সম্প্ৰতি এনেদৰে বৰ্তী থাকক।জয় হিন্দ, জয় আই অসম।
-
(মনলে উভতি আহে ল'ৰালি)
:জীৱন পথৰ আৰম্ভণি তুমি ল'ৰালি:
ল'ৰালি এটি মিঠা শব্দ।যাক মনলৈ আনিলেই আহে এটি শান্তি অনুভূতি। বুকুৰ মাজত গুঞ্জৰিত হৈ উঠে সেই সোণালী দিনৰ স্মৃতি ।কি যে ভাল আছিল সেই দিনবোৰ নাছিল কিবা পোৱাৰ অনুভূতি না হেৰুৱাৰ ।দুখ লাগিলে প্ৰাণ খুলি কান্দিছিলো সুখটো প্ৰাণ খুলি হাঁহিছিলো।নাছিল মানুহে কি ক'ব আনৰ চকুত বেয়া হৈ যাম মই তেনে ধৰণৰ হীন মনোভাৱবোৰ। আছিল কেৱল নিজৰ মাজতে সৃষ্টি কৰা এখন ৰঙীন পৃথিৱী য'ত মইয়ে সৰ্বেসৰ্বা।
সঁচায়ে কি সুন্দৰ জীৱনৰ এই সময়খিনি ।আজি মই দিশহাৰা এনে সময়খিনিক হেৰুৱাই ।প্ৰতিটো পল অনুভৱ কৰো কিয় যে ডাঙৰ হৈছো? নাম নজনা দুখবোৰচোন আজি চিৰলগৰী হৈছে ল'ৰালি সেয়ে বন্ধু বান্ধৱ আজিচোন ক'ৰবাতে হেৰাই গৈছে। মুঠতে সেই মুকলি আকাশ কলিয়া ডাৱৰে চানি ধৰিছে।আৰু বাৰে বাৰে এটা গান কলি হৈ কাণৰ কাষত গুঞ্জৰিত হৈ আছে- "মনলে উভতি আহে ল'ৰালি তোৰে মোৰে এটি এটি ধেমালি"
ল'ৰালিৰ দিন ঘূৰাই নোপোৱাটোকে একুৰা বেদনা হিচাপে বুকুলৈ আগটো বাঢ়িবই লাগিব নহয় জানো জীৱন যুঁজত???
-
*অন্ধবিশ্বাস*
অন্ধবিশ্বাস সমাজৰ এক ব্যাধি।সমাজ ধ্বংসৰ মূল লগতে এখন ঘৰ।ই যিমানেই এখন ঘৰৰ মানুহৰ মনত দ কৈ শিপাই ধৰিব তেতিয়াই আহি যাব অশান্তি ।এখন সমাজত অন্ধবিশ্বাস ভিন্ন প্ৰকাৰৰ থাকিব পাৰে তাৰ ভিতৰত ডাইনি হত্যা প্ৰধান।কোনো এগৰাকী মানসিক ৰোগীয়ে যেতিয়া সমাজ নিয়ম নামানি বিপৰীত ধৰণৰ কৰ্ম কৰিবলৈ লয় তেতিয়াই সমাজৰ এছাম লোকে ডাইনি সজাই মাৰ ধৰ কৰিব লাগি যায়।
লগতে সমাজত ভূত প্ৰেত আদিৰ কথাকৈও ভয় দেখুওবা হয় যি অন্ধবিশ্বাসৰে একোটা ফল।মুঠৰ ওপত কৈ ওৰ নপৰা অন্ধবিশ্বাসেৰে সমাজখন জুৰোলা হৈ আছে।এই সমূহও সমাজ অনুন্নত হোৱাৰ একোটি লক্ষণহে মাথো।যিয়ে তিল তিলকৈ সমাজখন শেষ কৰি গৈ আছে।গতিকে আজিৰ এই বিজ্ঞানৰ আধুনিকতাই যেন অন্ধবিশ্বাস মানুহৰ মাজৰ পৰা নাইকিয়া কৰে তাৰেই আশা ৰাখিছো।বৰ্তমান অলপ কম হৈছে অন্ধবিশ্বাসৰ পৰিমান আগৰ তুলনাত।
-
"জীৱন"
*জন্মৰ পৰা মৃত্যুলৈ এক দীঘলীয়া যাত্ৰা*
'জীৱন' যিটো পৃথিৱীৰ মানুহ প্ৰাণী জগত সকলোৰে থাকে।সকলোৱে নিজৰ জীৱনটো লৈ এ জন্মৰ পৰা মৃত্যুলৈকে বহুমূলীয়া সময়খিনি অতিবাহিত কৰে। পাৰ্থক্য মাথো এটা কৰো বাবে এই জীৱন হৈ পৰে দুখময় কৰো বাবে সুখময় ।কিন্তু জীৱনত এই বস্তুটো কেতিয়াও জন্মৰ পৰাই লিখা নাথাকে ।ইয়াক সৃষ্টি কৰা হয় আনৰ সৈতে তুলনা কৰি মোৰ জীৱন তেঁওতকৈ ইমান দুখৰ বুলি ভাবি ।মানুহে নিজ ইচ্ছা অনুযায়ী জীৱনৰ গতিপথ সলনি কৰি লব পাৰে ইয়াত মানুহৰ জীৱনত সংগ দিয়া লগৰীখিনিৰো বহু হাত থকা দেখা যায়। যদি লগ সংগ ভালও হয় তেতিয়া মানুহ জনৰ জীৱন পথও সঠিক হ'ব আৰু বেয়া সংগে বেয়ালৈ ঠেলি লৈ যাব।
সঁচা কথা ক'ব গ'লে মানুহৰ জীৱনত দুখ কষ্ট দিয়া মানুহৰ অভাৱ নাই যেনিয়েই যাবা তেনিয়েই কেৱল কষ্ট।কিন্তু তাৰ মাজতো কিছু লোকৰ সান্নিধ্যই জীৱনটো নতুনকৈ জীয়াই তুলিবলৈ আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাই।তেনে লোক বহু আপোন হয়।কিন্তু বৰ্তমান একমাত্ৰ পিতৃ মাতৃ এই সুন্দৰ জীৱন উপহাৰ দিৱ পাৰে আৰু সন্তানক দিবৰ বাবেও যৎপৰোনাস্থি চেষ্টা চলাই।
শেষত এটাই কথা কম যে মানুহে মানৱী জনম এবাৰে লাভ কৰে সেয়েহে জীৱনত এবাৰ ব্যৰ্থ হৈছো বুলি ভাবি জীৱনটোকে শেষ কৰি দিও বুলি ভাবিৱ নালাগে বৰং দুগুণ উৎসাহেৰে যুঁজ দিয়াৰ সাহস ৰাখিব লাগে।
জীৱনকৰ মূল্য দি নিৰ্মিত হোৱা এখন চিনেমা চিচ'ৰে অন্তৰ চুই যোৱাৰ লগতে জীৱন সম্পৰ্কে এটি সুন্দৰ বৰ্ণনা দি গৈছে।
-
"আশা আৰু নিৰাশা"
আশা আৰু নিৰাশা মানুহৰ জীৱন থকা একো একোটা সহজাত প্ৰবৃত্তি।যি জন্মৰ পৰাই মানুহৰ মাজত বিৰাজমান কিন্তু প্ৰকত হয় জনা বুজা হোৱাৰ পৰা।
আশা বস্তুটো মানুহৰ জীৱনত থকাটো খুুবেই প্ৰয়োজন। ইয়াৰ অবিহনে জীয়াই থকাটো সম্ভৱ নহয়।কি ন্তু আশা বস্তুটো মানুহ জীৱনত যিমান প্ৰয়োজন তাতকৈ যদি অধিক কৰিবলৈ যোৱা যায় তেন্তে অপূৰণ হৈ ৰয় সেই আশা।অৰ্থাৎ আশাত চেঁচা পানী ঢলাৰ হয়।সেয়ে ইতিবাচক ক্ষেত্ৰসমূহ যেনে যি পূৰণ কৰিব পাৰি তেনে ঠাইত কৰিব লাগে।
সেইদৰে নিৰাশা জীৱনৰ সহচৰ।নিৰাশাই মানুহৰ জীৱনটোক হতাশগ্ৰস্ত কৰি তোলে।কোনো কৰ্মতে অমনোযোগি জীৱনটোত যে একো নাই অযথা জীয়াই আছে এনে ধৰণৰ মনোভাৱ গঢ় দিয়ে।
সেয়ে এক কথাত ক'ব পাৰি যে মানুুহ সুখ দুখেৰে ভৰা এই দুদিনীয়া জীৱনত অত্যাধিক আশা আৰু অধিক নিৰাশাই জীৱনৰ গতিত আওল লগাব পাৰে।আৰু ক'ব পাৰি অত্যাধিক আশাৰ ফলতেই নিৰাশা উদ্ভৱ হয়।নিৰাশা পৰাভূত কৰি জীৱনটো চলাই নিব পৰাটো হে আছল জীৱন।
-
😊***হাঁহিৰ মালাধাৰি***😊
দুদিনীয়া জীৱনৰ তুমিয়েই প্ৰধান অলংকাৰ।
দুটি ওঁঠৰ মাজত জিলিকি ৰোৱা আজীৱন।
কত দোষৰ মাজত তোমাৰেই আলিংগন।
তোমাৰ পৰিচয়েৰে কোনেও চিনিব নোৱােৰে।
দুখৰ নে সুখৰ , এই দুদিনীয়া জীৱন।
তুমি বিহীন এটি এটি পল অৰ্থহীন।
থাকিবা মনুস্যৰ মাজত অন্তৰংগ হৈ আজীবন।
পুৱাৰ দুৱৰিৰ নিয়ৰ কণাটিৰ দৰে,
জিলিকি ৰ'বা দুটি ওঁঠৰ মিঠা হাঁহি চাটি হৈ।
সবাৰে মাজত সুগন্ধি ফুলৰ সুবাস হৈ
জিলিকি ৰ'বা তুমি,
হাঁহিৰ মালাধাৰি হৈ। ।-
ভাগ্য বনাম কৰ্ম
সকলো মানুহ এই নিজ নিজ ধৰণেৰে একোখন ভাগ্য লৈয়ে পৃথিৱীত জন্ম গ্ৰহণ কৰে । কিন্তু ইয়াক ভাল বা উপযুক্ত হিচাপে গঢ় দিয়াটো নিজৰ লগত কথা।আছলতে মানুহৰ মনটো যদি পবিত্ৰ হয়,লগতে আনৰ বেয়া কৰাৰ কথা চিন্তা নকৰি কেৱল নিজৰ কৰ্মত একাগ্ৰচিত্তে নমগ্ন হয় তেন্তে এদিন নহয় এদিন ভাগ্যৰ চকৰী ঘুৰিবই আৰু কৰ্মৰ ফল হাতে হাতে পাবই। অৰ্থাৎ মানুহৰ ভাগ্য বুলি বেলেগ কৈ একো এ নাথাকে এই দুদিনীয়া জীৱনত কষ্ট আৰু সততাৰে যি আৰ্জিব যি ব্যৱহাৰ দেখুৱাব সেয়ে হ'ব সৌভাগ্যই দিয়া উপযুক্ত আৰু আটাইতকৈ মিঠা কৰ্ম ফল।যাৰ সোৱাদৰ আমেজে বেলেগ হয়। দুদিনীয়া জীৱনত আছেই বা কি এদিন যদি চকু মোদি দিয়া যায় তেনেহ'লে চোন সকলোৱে শেষ।ইমান কষ্ট আৰু ধন সম্পত্তি মূল্যই জানো থাকিব। মৃত্যু সময়ত সকলো কেৱল এটাই কথা ক'ব মানুহজন বা গৰাকী ভাল আছিল বা বেয়া আছিল। ৰৈ যাৱ স্মৃতি হৈ এই দুই কথাই।
জীৱনত এবাৰ ভাগ্য বা কৰ্মৰ কথা বাদ দি সকলোৰে লগত হাঁহি মাতি জীয়াই থাকিব শিকক চোন।চাব কিমান সুখ আছে আপোনতাৰ মাজত।
-