👳 -
পুৱতি পুৱাতেই খিৰিকী খোলোতেই
তলসৰা শেৱালিৰ সুবাস,
তৰুণ সেউজীৰ শীতল আবিৰে
নূপুৰ বজাইছে হিয়াত ।
🌼 -
পথৰ লগৰী তুমি প্ৰথম পুৱাত
নিয়ৰ সানি লোৱা মুকুতা নিশাৰ,
বাটৰুৱা বাৰে বাৰে নকবা কঙালী
কোলাত তুলি চোৱা ময়ো ৰঙালী ...-
আদৰৰ শেৱালিৰ পৰা চিত্তাকৰ্ষক নাহৰলৈ,
প্ৰিয় শৰতৰ পৰা উতনুৱা বসন্তলৈ...
কিমানটি দূৰৰ বাট?
ওঁহো মই নাজানো...
পিঠিত লাগি অহা নীলিম আকাশকখনক
সমুখত পালে এইটোও সুধিব পাৰিলো হয়,
নিজৰ সন্তুষ্টিৰ হাঁহিটো তোমাক গতাবলৈ
কেনেকৈ তুমি কাৰোবাৰ ইমান আপোন??-
↖আজি দেখা আকাশখনত
চকুত লগাকৈ জোন জ্বলিছে↗
↖এইখন শৰৎৰ আকাশ...!!
জোনটোয়ে শৰীৰ পাইছে↗
↖তৰাবোৰে জীৱন।।
আন্ধাৰে জোনাক পিন্ধিছে↗
↖শেৱালি জোপাত শুভ্রতাৰ
আচল মেলিছে↗
↖ডাঁহেচিয়া শুভ্রতাবোৰৰ
শুভ্ৰ হোৱাৰো আত্মভিমান↗
↖হয়তো এই শুভ্রতাৰ আত্মভিমানত
মোৰ মনৰ শৰৎ ফুলা বাগিছাখনেও↗
↖মুখ ওফোন্দাইছে।।-
সময়ৰ পূৰ্বাহ্ন বেলাত....
অস্থিৰ হৃদয়ৰ বোকোচাত,,
ঝংকাৰিত কৰি আপোন নগৰী,,
শৰতৰ কোলাত প্ৰিয় শেৱালি!!
-
✿হুতাহ✿
শাৰদীয় এপাহ শুভ্ৰ শেৱালি
তই আলফুলে যাঁচি দিয়া,,
আমোল মোলোৱা সেইটো আলি
তই আহি মোলৈ ৰৈ থকা।।
এতিয়া তই হঠাতে আকৌ
উভতি যোৱাৰ কথা মনলৈ নানিবি!
তোৰ হুতাহক মাথোঁ স্মৃতিৰ পৃষ্ঠাত
কেনেকৈ মই সামৰিম??-
জেতুকাৰ নিচা লগা হাতত
শেৱালিয়ে নতুনৰ সুবাস ছটিয়াই...♥♥
তোলৈ যে মোৰ কিমান হেঁপাহ,
তোক দেখিলেই
কলিজাৰ ধপঢপনি বাঢ়ি যায়~~♡♡
🌼🌿🌼🌿🌼🌿-
গাভৰু আকাশে উচ্চস্বৰে আবৃত্তি কৰে
সি ক্ষণদা লিখা প্ৰণয়ৰ কবিতা;
পূৰ্ণ যৌৱনপ্ৰাপ্ত নাহৰৰ সৈতে
সি প্ৰত্যহ কৰে প্ৰেমৰ গল্প।।
মাত্ৰ আকাশখনহে তাৰ আছিল!
নাহৰতো মোৰ ভাললগা আছিল!!
কাৰ লগত পাতো মই মনৰ কথা?
এই নাহৰৰ বতৰত প্ৰিয় শৰতক
হাত মেলিলেই পোৱা হ'লে...!
শেৱালিৰ পাহেৰে দূৰ্বাৰ আস্তৰণত
আঁকিলো হয় অনুৰাগেৰে ভৰা হিয়াৰ ছবি!
কোনেওতো নেজানে নতুবা নেভাবে,,
তাৰ বাবে কিমান হেঁপাহৰ অগা-ডেৱা
মোৰ হৃদয় অথবা দুঅক্ষিত...!!-
শৰতৰে গধুলি
জোনাকৰে ধেমালি
তোমাৰে ভাৱনাই
কৰে মোক আমনি।
শেৱালিৰ সুবাসত
মন মোৰ মতলীয়া।
তোমাৰে মৰমত
হলো মই বলিয়া।-
শৰৎ ফুলিছে আজি মোৰ চোতালত
এটি চিনাকি সুৱাসে দিছে মোক সেই বতৰা!
আহিছে শৰৎ গোপনে মোৰ চোতাল শুৱনি কৰিবলৈ; আনিছে শেৱালিক!!-