Dristanta Das   (✍️দৃষ্টান্ত দাস)
350 Followers · 468 Following

read more
Joined 1 May 2020


read more
Joined 1 May 2020
21 JAN 2023 AT 17:19

অন্তিম আলাপ

প্ৰেমিকঃ-
মই মানি লৈছো সময় এনেকুৱাই ,
প্ৰেম এনেকুৱাই
কিন্তু পৰিতাপৰ বিষয় এইটো যে
মোৰ অবৰ্তমানত তুমিও যাতে
মানি লবলৈ বাধ্য নোহোৱা ''
''প্ৰেম এনেকুৱাই'' বুলি কবলৈ।

প্ৰেমিকঃ-
মই আজি মানি লবলৈ বাধ্য কৰাইছো
মোৰ হৃদয়ক
'' তুমি মোক ভাল নোপোৱা''
সমাধিস্থ কৰিলো আজি এটোপাল অশ্ৰুৰে
তোমাৰ মোৰ ভালপোৱাৰ নাটক খন।

প্ৰেমিকাঃ-
বাহ ভাল কবিতা লিখি আছা,
তুমি এদিন ভাল কবি হব পাৰিবা দেখোন।

প্ৰেমিকঃ-
এয়া কবিতা নহয়
প্ৰেমৰ কাৰাগাৰত বন্দী হোৱা কয়দীৰ অন্তিম আবেদন
হৃদয়ৰ আদালতত।

প্ৰেমিকাঃ-
কথা বিলাক কিয় এনেকৈ কোৱা?
কবিতা কবিতা লাগে তোমাৰ কথা বোৰ।

প্ৰেমিকঃ-
হয় নেকি?
কবিতা কবিতা লাগে কথা বিলাক
হা হা হয় আজিকালি সকলোৱে কয়
মই কথা কলে কবিতা কবিতা লাগে
তোমাৰ কবিতা কবিতা কিয় নালাগিব।

প্ৰেমিকঃ-
অ হয় তুমি ঠিকেই কৈছা
এয়াই প্ৰকৃত সত্য যেন অনুভৱ হয়
এয়াই প্ৰেমৰ অন্তিম পৰিনতি সকলোবোৰ মাথোঁ এদিন কবিতা, নাটক হৈ ৰয়।

💚💚💚

-


26 NOV 2022 AT 23:18

হাহিঁ হাঁহি পাৰ হয়
কত বেথাৰ কত ৰাতি
কান্দি কান্দি পাৰ হয়
কত ৰাতি উজাগৰী
এই জীৱন কিযে মায়া
এই জীৱন কি চলনা

-


7 MAY 2022 AT 12:31

মো দুচকুতে আজি
তোমাৰে সপোনে আহি
আমনি কৰেহি আজি

-


15 MAR 2022 AT 21:12

ফাগুন নাহিল এইবেলি
পলাশ শিমলুও যেন ৰাঙলী নহল ৰঙত
ফাগুনী পচোৱাইও যেন মন উৰুৱাই নিনিলে
এইবেলি যেন সকলো স্তব্ধ হৈ ৰল
ঠিক তোমাৰ দৰেই মৌন হৈ ৰল ফাগুন
ঠিক মোৰ দৰেই নিশব্দ হৈ ৰল ফাগুন
ফাগুন যেন এইবেলি শূন্য হৈ ৰল
মাথোঁ তোমাৰ অবিহনেই।

-


10 JAN 2022 AT 8:23

YQ ৰ টিকলিলৈ জন্মদিনৰ বহুত বহুত শুভেচ্ছা কৰিলো । অনাগত সময়বোৰ তোমাৰ সুন্দৰ হওঁক ।জীৱনত উচ্চতাৰ পৰা উচ্চতালৈ আগবাঢ়ি যোৱা💕🎉💐🎂

-


1 JAN 2022 AT 9:49

সকলোলৈকে মোৰ ফালৰ পৰা নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। অগান্তুক নৱবৰ্ষই যাতে সকলোৰে জীৱনলৈ সুখৰ বতৰা কঢ়িয়াই লৈ আহে তাৰেই কামনাৰে। সকলোৰে সময়বোৰ সুন্দৰ হওঁক সপোনবোৰ দিঠক হওঁক 💐

-


3 DEC 2021 AT 21:57

কিমাননো আৰু হৃদয় খনক বান্ধি ৰাখিব
এবাৰলৈ হৃদয় খনক মুক্ত কৰি দিয়কচোন
এবাৰলৈ হলেও হৃদয় খনৰ কথাকেই শুনকচোন
কিজানিবা আপুনিয়েই পৃথিৱীৰ আটাইতকৈ সুখী মানুহজন হয়
এবাৰলৈ আপুনিও নিজকে সম্পূৰ্ণৰূপে মুক্ত কৰি দিয়কচোন!

-


2 DEC 2021 AT 1:04

এয়াই জীৱন
হুমুনিয়াহ এটা বকুত লৈ
প্ৰেম অপ্ৰেমৰ দোমোজাত
পোৱা নোপোৱাৰ যাতনাত
জীৱনে গতি লয়
এক অজানা ষ্টেচনলৈ।

-


30 NOV 2021 AT 3:04

কোনে কয় সময়বোৰ দুঃসময় হৈ যায়
সময়েচোন তোমাৰ খোজতেই খোজ লয়
সময়চোন মিছাতে বদনামী
সময়ক তুমি সঠিক পথ দিয়া
তোমাকো সঠিক ঠিকনা দিব
সময়ক তুমি সময় দিয়া
এদিন সময় তোমাৰ হব

-


29 NOV 2021 AT 0:14

এদিন সকলোৱেই আতৰি যাব
থাকি যাব মাথোঁ আপোনাৰ কৰ্ম খিনি
সেয়েহে কৰ্ম কৰি যাওঁক
এদিন আপুনিও সুখী হব,
এদিন আপুনিও থাকি যাব।

-


Fetching Dristanta Das Quotes