এয়া বোলে ভালপোৱাৰ কাহিনী
দুটা আত্মা এক হোৱাৰ কাহিনী
এটা আত্মাই সৰ্বস্ৰ হেৰুৱালে
আনটোয়ে আত্মহত্যা কৰিলে ।।-
সুখী হ'বৰ বাবে জীয়াই নাথাকো।।
জীৱন জিন্দাবাদ ❤🕊
অনুগ্ৰহ কৰ... read more
শব্দৰে জানো তোমাক ৰাখিব পাৰি
স্থিৰ লাগিল মোৰ গতি নলগা শব্দত
অভিমানৰ আক্ষেপ নাছিল
অভিযোগৰ আছিল
ইজনে সিজনক জাপি দিয়া অভিযোগৰ
সাঁচি ৰখা সাজোনটোত যোৰ
নিদিয়াকৈ বতাহ জাকে ভাগিলে
ইয়াত এমুঠি মৰম আছিল
আধা মুঠি তোমাৰ আধা মুঠি মোৰ
তোমাৰ মোৰ বুলি একো নাছিল বাবেই
আমাৰ আছিল,
এমুঠি আছিল,
আধা মুঠিত অভিমানে উম ল'লে.....-
এই শেষ শব্দটোৰ আপুনি
সর্মাথক শব্দ ব্যৱহাৰ কৰিলেও,
অর্থৰ সলনি নহয়।
অনুভূতিক জানো ভাষাৰ
তোলা চালনীত জুখিব পাৰি?
নে ইয়াৰ বিশালতা বুজাবলৈ
আপুনি আপোনাৰ দুয়োখন হাত ব্যৱহাৰ কৰিব,
এই যে কথাই প্রতি আপুনি উচ্চাৰণ কৰে
" চোৱা ইইইইমামামাননন খিনি "
আপোনাৰ সেই ইমান খিনি
মাথোঁ দুটা মান শব্দ লগহৈ
অর্থ প্রকাশ কৰা বাক্য হ'ব পাৰে
সেয়া মোৰ বাবে অনুভূতি।।
আপুনি এতিয়া আপোনাৰ শব্দৰ যোৰত
শব্দ আৰু অনুভূতিৰ তর্কখন জিকি পেলাব।
জিকাৰ লোভততো এই কোমল
অনুভূতিবোৰৰ লগত হেতালি খেলিব নোৱাৰি !!-
১
এয়া ভটিয়নীৰ যাত্ৰা
উদ্দেশ্যত পার্থক্য,লক্ষ্য একেই।।
যাত্ৰাও স্বাদহীন
সপোন স্বাধীন ।।
এইবাৰ পার্থক্য নিবিচাৰি,
যোগ বিয়োগ কৰিলো।।
২
এয়া উজাই যোৱাৰ যাত্ৰা
এতিয়া নদীয়ে দিয়া ধ্যর্য আছে,
ৰ'দে দিয়া ৰং আছে,
আৰু যাত্ৰাৰ সংগী মোৰ কাষত আছে।।-
প্রশ্নৰ পিছত প্রশ্ন কৰিছে,
আপুনি উওৰ দিয়াত বিশ্বাস নকৰে ।।
মই প্রশ্ন কৰাত আপোনাৰ
অস্বস্তিক বিশ্বাস নকৰো ।।-
অ' ঠিকেই এইখনেই মোৰ ভাতঘৰ,
হৃদয়ৰ ভাতঘৰ
ইয়াত সেউজীয়াবোৰ ফুলে।
ৰ'দৰ ফুল ফুলে,
ইয়াৰ উজ্জ্বলতাতো পৰশৰ উম আছে।
ৰংৰ দিপাৱলী জ্বলে।
ইয়াত হৃদয় ফুলে
সুগন্ধিত হৃদয়জীনা পোহৰৰ ফুল বিয়পে।।◐
-
⑅হাতবাউলি মাতিছে
দূৰৈৰ কাঞ্চন জাকে⑅
⑅শব্দৰ পাঞ্চৈত
বিহগী সুৰ ৰচিছে।।⑅-
আজি কবিতাৰ সৈতে
বিৰাট আল্লাপ কৰিলো,
কবিতাই ক'লে,
"তই মোৰ প্রেমত পৰিছ নে
তোৰ ভগ্ন হৃদয়ক সান্তনা দিছ? "
উওৰত একো নকলো__।।
কবিতাই শুধিলে,
"শব্দবোৰ লৈ কিহৰ প্ৰতিবাদ কৰিছ?
প্রাপ্যৰ প্ৰশান্তিৰ বাবে নে?
হেৰুৱাৰ অশান্তিৰ বাবে__।।
কাৰ নামত বাৰে বাৰে
পংকীলতাই বেৰিছ হৃদয়ৰ দুৱাৰ,,
জীৱন্তবোৰক ফাঁচিকাঠত উলমাইছ
নে অগস্তি হৃদয়ৰ শ্ৰাদ্ধ পাতিছ? "
দুয়ো মৌন হ'লো__!!
উওৰত আকৌ লিখিলোএটি
নষ্ট কবিতা,
পৰিচয় যাৰ ভ্রষ্টতা।।-
অভিমানী চহৰত,
---কেতিয়াবা শব্দই চিঞৰে---!
নষ্ট কবিতা হোৱাৰ বেদনাত।।-