সান্নিধ্য
সৌ আকাশৰ তৰাটি আনি দে মোক
মোৰ নিসংগতাৰ সংগী কৰি
তাৰ সতে ওমলিম,কথা পাতিম
কিয়নো জোনাকক পাবলৈ মই অপাৰগ!
এতিয়া আকৌ নুসুধিবি...কিয়??
উত্তৰ যে মই দিব নোৱাৰিম।
মাথোঁ সৌ তৰাটি আনি দে মোক
দেখিছনে এই বিশাল আকাশখন,
এই বিশালতাৰ মাজত জোনাকক বিচাৰি
কেতিয়াবা এই তৰাটিয়ে হাবাথুৰি খাই ফুৰে
তথাপিও তাৰ উজ্জ্বলতা কেতিয়াও কম নহয়
আকৌ প্ৰতিনিশা তিৰবিৰাই আকাশখনৰ শোভা বঢ়াই,
জোনাকবিহীন আকাশত ই অকলে জিলিকি ৰয়
হয়তোবা মোৰ দৰে আন বহুতো নিসংগৰ
নীৰৱ সাক্ষী হৈ প্ৰতিটো মুহূৰ্তৰ।।-
Ye Hawayein Kuch Keh Rahi Hai
Ye Pahare Kahin khoyi hai
Ek Adhuri Kahani
Ye Bahare Suna rahi hai
Is Khubsurat najaro mein Kahin Gum Hai
Tere hone ka Ehsaas
Jo bin kahe In Saanson mein Mil Jata Ha.-
Kuch Khoya sa hai
Kuch Anjana Sa
kuch andekha
Zindagi Wahi hai
Yah Rat wahi hai
Kuch Adhura Sa
...-
কেতিয়াবা একো নিবিচৰাকৈয়ে বহুত কিবা কিবি পোৱা যায়
আৰু
কেতিয়াবা বিচাৰিব গৈ বহুত কিবা কিবি হেৰুৱা যায়!!-
एक अजनबी सा ख्वाहिश, कुछ बात कुछ जज़्बात और हम।
कहीं सवेरा तो कहीं अँधेरा बस एक राह मुकम्मल हो जाए।
हम उनकी ख्वाहिश बने वह हमारे सुकून।-
हम तुझमें खोये हैं और ये हकीकत बन जाये
तू दूर ही सही दिल के पास हो
जिंदगी में फिर से एक बार मुलाक़ात हो जाए
काश ये दुआ क़बूल हो जाए।-
সন্ধিয়াৰ এটি সপোনে খেদিছে মোক
এই যে তেওঁ আহিব বুলি ৰৈ থকা সময়কণ
এটি সপোন হৈ ধৰা দিছে আজি
তেওঁৰ কথাবোৰে আমনি কৰিছে !
তেওঁক বিচাৰি ফুৰিছো
তেওঁক হেৰুৱাৰ ভয়ে ব্যাকুল কৰিছে মন
ভাগৰুৱা মোৰ প্ৰাণ
যেন ইয়াতেই বিলীন মোৰ শেষ উশাহৰ ঠিকনা !-
জোনাক ভালপোৱা মানুহে আন্ধাৰলৈ ভয় কৰে। কিন্তু সময়ৰ পাকচক্ৰত মানুহে অনিচ্ছা সত্ত্বেও আন্ধাৰক আকোঁৱালী ল'ব লগা হয়।
জোনাক হেৰুৱা মানুহে এদিন আন্ধাৰৰ মাজত বিলীন হৈ হেৰাই যায়।-