যেতিয়া মাজৰাতি হয় , তোমাৰ ফটোখনেও কথা কয় ।
তোমাৰ চকুযুৰি বিৰিঙি উঠে , ওঠদুটি কপিবলৈ ধৰে আৰু তোমাৰ হাঁহি উফ্!! বেছি ধুনীয়া হৈ পৰে, ফটোখন যেন জীৱন্ত হৈ উঠে ।
তোমাৰ মোৰ যে কি আজৱ সম্পৰ্ক
কোনো অভিযোগ নাই, কোনো দাবী নাই , কেবল তোমাৰ ভাললগাখিনিৰে সুখী মই ।
সঁচাই আজব এই সম্পৰ্ক , য'ত তোমাৰ অজ্ঞানতাত তোমাৰ ফটোখনে মোৰ লগত কথা পাতে...।-
কিছুমান বস্তু দূৰৰ পৰা চাইয়ে ভাল লাগে,
না হেৰুৱাৰ ভয় থাকে না পোৱাৰ হাবিয়াস !!!-
মই জানিছিলোঁ মোৰ যোগ্যতাখখিনি ,,তথাপিও কেতিয়াকৈ নো মোৰ অনুভুতি বোৰ শব্দৰে বান্ধ খায় কলমেৰে নিগৰি আহিল,,
-
থমকি ৰ'লো তোমাক দেখাৰে পৰা,
থমকি ৰ'ল মোৰ চৌপাশ।
তোমাৰ চকুলো, তোমাৰ চুলিতাৰী
উফ! কি যে মনোমোহা...
তোমাক ভাবিয়ে মোৰ পোৱাৰ আৰম্ভণি,
তোমাক ভাবিয়ে শেষ মোৰ ৰাতি।
উন্মাদ বাসনাবোৰ লুকুৱাই ৰাখিছোঁ বুকুত
খোদিত কৰিছোঁ তোমাৰ নাম হৃদয়ত।
কিন্তু কিয় একোকে ক'ব নোৱাৰো মই?
কাষ চাপিলে যেন বাঢ়ি যায় হৃদয়ৰ স্পন্দন...
এয়াই নেকি বাৰু ভালপোৱা?
শাৰদীয় কোমল ৰাতিৰ যেন তুমি দুৱৰী
আৰু মই নিয়ৰ...
এনেকৈ খেলিব মন যায় ওৰে জীৱন।
তোমাৰ হাত ধৰি আগুৱাই যাবৰ মন।
দিবানে সঁহাৰি?
থমকি ৰ'লো তোমাক দেখাৰে পৰা,
থমকি ৰোল মোৰ চৌপাশ।
আশাৰ এটি চাকি জ্বলাই
যে তুমি আকৌ আহিবা ঘূৰি।
-
ইয়াক প্ৰকাশৰ যে কোনো ভাষা নাই...
এই ভাষাৰ যে কোনো শব্দও নাই ;...
আছে মাথোঁ এআকাশ অপ্ৰকাশ্য অনুভৱ
একপক্ষীয়তাই শীতলাব নোৱাৰা এবুকু উষ্ম আৱেগ..-
কণ্টকময় জীৱনৰ বাটত তোমাক সাৰথি কৰি আগবাঢ়িম বুলি ভাৱিছিলোঁ...
তুমি নজনাকৈয়ে তোমাক লৈ কল্পনাৰ কাৰেংঘৰ সাজিছিলোঁ...
এখোজ-দুখোজকৈ কল্পনাৰ মৰুভূমিত প্ৰাপ্তিৰ জলাধাৰ বিচাৰি আগুৱাই গৈছিলোঁ...
কিন্তু সেইবোৰ যে আছিল মৰীচিকা !
.
.
হয়তো ভুল ধাৰণা আছিল,,,তোমাৰ সান্নিধ্যত নাহিলেও তোমাক পঢ়ি পেলালোঁ বুলি...
বুজিতো মই তোমাক আজিলৈকে নাপালোঁ...
অন্তৰে আজিও কান্দে তোমাক নেদেখি !!!
ডেৰবছৰীয়া প্ৰেম আজিও সজীৱ হৈ আছে জানা,,,
তিৰবিৰাই আছে সেই চকুযুৰিত...যিয়ে তোমাক নেদেখাকৈয়ে ভাল পাই পেলাইছিল...!!!
.
.
প্ৰাপ্তি নাই বুলি জানো
কিন্তু...
একপক্ষীয় হ'লেও এইয়াতো প্ৰেমেই ন !?-
চোলাৰ জেপত সাঁচিচো কথাবোৰ
ৰ'দ বৰষুণত বুকুখন ঢাকিছো
ঢাকিছো বহু হুমুনিয়াহ,মৌনতা,যন্ত্ৰণা
কথাবোৰ ৰৈ গ'ল নিসিচাকৈয়ে
সিয়নীৰ গাঠিত !
-
তাই প্ৰায়েই সুধিছিল, 'তই ৰ'দে-বৰষুণে এই Black Glass যোৰ কিয় পিন্ধি থাক হা ?'
মই প্ৰাণ খোলা হাঁহি এটা মাৰি কৈছিলো, 'তোৰ দৰে ধুনীয়া ছোৱালী এজনীৰ লগত থাকিবলৈ হলে অলপ stylish হব নালাগিব জানো !'
আৰু তাই লাজুকীয়া হাঁহি এটা মাৰি আঁতৰি গৈছিল প্ৰতিদিনে.....
আচলতে তাই আনৰ হোৱাৰে পৰাই সুখবোৰৰ সৈতে মোৰ হেৰাই গৈছিল আত্মীয়তা । মাথো বুকুৰ পৰা উজাই অহা বিষাদ জাকেৰে সেমেকাই তোলা চকুযুৰিক ঢাকি লোৱাৰ স্বাৰ্থত পিন্ধিব লৈছিলো Black Glass যোৰ । কাৰণ তাইৰ এটা মিঠা হাঁহিৰ বাবেই মোৰ সমস্ত দুখক মই আলম্বন কৰো প্ৰতিপল ........-
~শব্দহীন জিলমিল জোনাক~
মোৰো লিখিব মন আছে
এটি শব্দহীন দৰদী কবিতা৷
তোমাৰ অভিমানী,ওন্দোলা
মুখখনক শিৰোনামা লৈ
এটি দৰদী কবিতা৷৷
-
প্ৰাপ্তিয়েই সৰ্বস্ব নহয়...
অপ্ৰাপ্তিয়েও দি যায় এক সুকীয়া মাদকতা...
প্ৰাপ্তিত থাকিব পাৰে হেৰুওৱাৰ ভয়,
কিন্তু
অপ্ৰাপ্তিত
হেৰাল বুলি জানিও নিস্বাৰ্থতা...
-