দৰ্পন
তোমাৰ চকুলৈ চাই অবাক হৈ ৰওঁ ,
ইমান ধুনীয়ানে মই ,
সগৌৰৱে এটা হাঁহি পিন্ধি লওঁ ।
নিজক চাবলৈ আইনা খনেই যথেষ্ট আছিল ,
কিন্তু তোমাৰ চকুত যিদৰে নিজক দেখো ,
তেনেকৈ নিজক চোৱাৰ আমেজ আইনাত ক'ত ?-
ঘৰ : বৰপেটা ৰোড
জিলা : বাক্সা
ভাল বেয়া , কৰণীয় অকৰণীয়ৰ মাজেৰে নিজকে সক্ষম কৰাৰ চ... read more
সি :ৰাতিৰ নীৰৱ স্তব্ধতাত নিসংগতাৰ চিঞৰ শুনিছা ?
তাই:নাই শুনা ।
সি :অকলে খোজকাঢ়িবা, মই ঘুৰি ফুৰাৰ দৰেই ,শুনা পাবা ।
তাই:ৰাতিবোৰে কি বুলি চিঞৰে ?
সি :তোমাৰ নামেৰে ।
তাই:ৰাতিৰ নিঃশব্দ কোলাহলবোৰক শুৱাই থবা মোৰ নামৰ নিচুকনি গীত গাই , মোৰো টোপনি তোমাৰ নামতেই আতৰে ।
সি: সন্ধিয়া নদীৰ ঘাটলৈ যাবা?
তাই: যাম , ৰাতিবোৰ আৰু অভিশপ্ত নহওঁক নিসংগতাৰ চিঞৰৰ মাজেৰে ।
সি : আছাতো?
তাই : আছোঁ , আছিলোঁ আৰু থাকিম ।-
দুখ-সুখ
দুখ কোনো অনুভূতি নহয় ,
দুখ এক বতৰ ।
দুখৰ বতৰত ভাল টোপনি আহে ,
কিয় জানে ?
দুখৰ বতৰত বাস্তৱতকৈ সপোনহে বেছি ভাল লাগে ।
আৰু সুখৰ বতৰত ওলোটাটো , টোপনি নাহে ।
-
মই আৰু মই
কিবা এটা নাই
আটাইতকৈ জৰুৰী যিটো
সেইটোৱেই নাই
সেইটো নহলে হেনো নচলে
মোৰ দেখোন উপচি থাকে,
সেয়া নোহোৱাকৈয়ে ।
অনবৰত মুখত হাঁহি ,
কপালত অসন্তুষ্টিৰ আঁচোৰ নাই ,
জপিয়াই জপিয়াই ঘুৰি ফুৰো ,
দীঘল বাটতো অকলে খোজকাঢ়ো ।
ভৰি থাকে মন ,
আনৰ মনবোৰো অজানিতে ভাঙি ফুৰো ।
মানুহে ভুল ভাবি লয়
ভাবি লয় যেন কাৰোবাৰ প্ৰেমত পৰিছো ।
মুখখন ধুই ললো ,
ভুল ভাবে নেকি সঁচাকৈয়ে মানুহবোৰে
নাই ,
প্ৰেম কিজানি হৈছে
পানীৰ মাজত দেখাজনৰ সৈতে ।
বাবু সোনা যাদু টোনা ,শুনা ...
বাচি আছো...
জীয়াই আছো পূৰ্ণতাৰে নিজৰ মাজতে ।
-
আধিয়াৰৰ ভাগ
পথাৰৰ মাজে মাজে,আলিয়ে আলিয়ে দৌৰি থাকোতে
ধানৰ পাতবোৰে কোমল ছালডোখৰৰ ঠায়ে ঠায়ে কাটিছে ।
সেয়ে পথাৰখন জ্বলাই দিলে।
আধি খোৱা খেতিয়ক দুজনমানে কোৱা শুনিলো-
তাইৰ হেনো হাত ভৰিৰ কটা ঠাইবোৰ বৰকৈ জ্বলিছে ।
চহৰমুখী বতাহত উৰা ধোৱাবোৰে সিহঁতৰ চৌপাশ আৱৰি ধৰিলে ।-
সামৰণি
ঘামে ধোৱা দিনত ,
বিনিদ্ৰ ৰজনীৰ শেষত ,
কঠোৰ পৰিশ্ৰমৰ অন্তত,
ভাগৰুৱা মনক সাহ দিবলৈ ,
উদযাপিত হঁওক সামৰণিৰ উৎসৱ l
............👇
-
স্বাধীনতা
মুকলি লাগিছে ।
মন আজি পথাৰত এৰাল পৰা দমৰাটো যেন ।
এখন বিশাল আকাশ আছে মোৰ মুৰৰ ওপৰত ।
সেয়া নীলিম আকাশ ,
অভিমানে ওফন্দা ডাৱৰ নাই তাত ।
বতৰ নিশ্চয় খৰাং
পিছে,
আবতৰীয়া মৰমে বৰষা ,বান্ধোন নাই তাত ।
আছো কেৱল মই ,
আৰু আছে এখন অনান্বেষিত সীমাহীন পথাৰ ।
-
প্ৰথম খোজ
সেই যে বাটটো যিয়ে নতুন দিগন্তৰ সন্ধান দিয়ে
বাটটো ক'ত আৰম্ভ হয় ,
ক'ত শেষ হয় ?
বাটটো ঠিক কুঁৱলিয়ে ঢকা ধুসৰ আচ্ছাদনৰ দৰেই ।
দূৰৈৰ পৰা মণিব নোৱাৰি ,
ওচৰ পালেহে স্পষ্ট হৈ পৰে।
ধোদৰ চৰ্দাৰ আমিবোৰে পঁজাত শুই শুই তাৰ উমান লওঁতে ,
প্ৰতিদ্বন্দীয়ে প্ৰাচুৰ্য্যৰ ৰাজপ্ৰাসাদ সাজে ।
আজি নহয় কালি ,
এতিয়া নহয় পিছত কেতিয়াবা ,
শিকিলে বুজিলে কৰিম বুলি ভাৱোতেই বয়সে লৰ মাৰে ।
আৰম্ভণিতো সাঁথৰৰ দৰে ।
পেলাই থলে সেই সাঁথৰ জটিল হৈ গৈ থাকে ।
প্ৰথম খোজটো পেলাব পাৰিলেই
জীৱনৰ বাট বহুগুণে উজু হৈ পৰে ।
সেয়ে সময়ে ভাজ লোৱালৈ নৰৈ সহজতে ৰাখো , সহজকৈ ভাৱো ,
আহা আৰম্ভ কৰো...
এটা নতুন কাম।
এটা নতুন দিন ।
এটা নতুন জীৱন ।।
-
ধনাত্মিক বিৱৰ্তন
কোনো চাপ নাই ,চেলাউৰি উজাই কপালত টনা ৰেখাখণ্ডৰ চাপ নাই ।
আগুৱাই গৈ আছে, পিছলৈ ঘুৰি চোৱা নাই ।
ব্যস্ততাত ব্যস্ত হৈছে ,
নিৰাশাৰ হুমুনিয়া নাই ।
জাকৰ মধ্যমণি ,
এতিয়া খোজৰ গতি মিলাবলৈ গৈ নিজৰ ভৰিত উজুতি নাখায় ।
সময় সলনি হ'ল ।
যি বাটত সি অকলশৰীয়া হৈছিল,
সেই বাটে এতিয়া তাৰ আগমনলৈ বাট চায় ।
-