দুদিনীয়া
জীৱনৰ ৰংবোৰৰ বিভিন্ন আকৰ
হেৰাব জানিও থমকেনে আদৰৰ?
নিত্য-নতুন যেন অজান সাঁথৰ
হেঁপাহবোৰে কঢ়িয়ায় ঠিকনা অচিন-বাটৰ ||
আৱেগৰ দাম বজাৰত নিটিকে
হেঁপাহৰ মূল্য কোনেনো বুজে?
দুদিনীয়া জীৱনৰ সাৰথি দুদিনীয়া
ছাঁটোৰেই অস্তিত্ব অস্তমিতত নৰজে !!
সুখ-দুখবোৰ লগৰী অস্থায়ী জীৱনত
পেণ্ডুলামটিৰ দৰেই মানৱসত্বাক ওলমাই
কাঁইটীয়া বাটত ওখ-চাপৰ ৰাস্তা
মৃত্যুপশ্চাৎ মনত থাকিবনে সঁচাই?-
কল্পনাপ্ৰৱণ~✨
ভাৱৰ অনুভূতিৰে জীপাল জীৱন~☘️
কণ্টকময় জীৱনৰ বাটত তোমাক সাৰথি কৰি আগবাঢ়িম বুলি ভাৱিছিলোঁ...
তুমি নজনাকৈয়ে তোমাক লৈ কল্পনাৰ কাৰেংঘৰ সাজিছিলোঁ...
এখোজ-দুখোজকৈ কল্পনাৰ মৰুভূমিত প্ৰাপ্তিৰ জলাধাৰ বিচাৰি আগুৱাই গৈছিলোঁ...
কিন্তু সেইবোৰ যে আছিল মৰীচিকা !
.
.
হয়তো ভুল ধাৰণা আছিল,,,তোমাৰ সান্নিধ্যত নাহিলেও তোমাক পঢ়ি পেলালোঁ বুলি...
বুজিতো মই তোমাক আজিলৈকে নাপালোঁ...
অন্তৰে আজিও কান্দে তোমাক নেদেখি !!!
ডেৰবছৰীয়া প্ৰেম আজিও সজীৱ হৈ আছে জানা,,,
তিৰবিৰাই আছে সেই চকুযুৰিত...যিয়ে তোমাক নেদেখাকৈয়ে ভাল পাই পেলাইছিল...!!!
.
.
প্ৰাপ্তি নাই বুলি জানো
কিন্তু...
একপক্ষীয় হ'লেও এইয়াতো প্ৰেমেই ন !?-
এটোপাল চকুপানীৰ মূল্য
সকলোৱে বুজি নাপায়,
যিয়ে বুজি পায়,
তেওঁ হয়তো
তাৰ প্ৰতিটো সৰু সৰু
টোপালেই চিনি পায়
....
আৰু যিয়ে বুজি নাপায়,
তেওঁ সেই চকুপানীখিনিৰ
আঁৰত থকা বিশাল সমুদ্ৰকো
দেখা নাপায়...-
শব্দহীনতাত ভোগা নাই
কিন্ত অভাৱ শুনা মানুহৰ...
চকুপানীৰ নাটনি হোৱা নাই
কিন্ত নাটনি তাৰ মূল্য দিয়া মানুহৰ...
বিষাদৰ শেষ হোৱা নাই
শেষ সেই বিষাদ বুজা মানুহৰ...
-
দেউতা...
কিয় বাৰু মোক ইমান মৰম কৰা?
একো কথাৰ বাবেইচোন
আপত্তি নকৰা...
দুখবোৰ নিজৰ মাজতেই
সামৰি ৰাখি মোক দেখুৱাবলৈ
হাঁহি থকা নহ দেউতা?
ইমান কষ্ট বুকুৰ মাজত ধৰি ৰাখিব
কেনেকৈ পাৰানো দেউতা??
বুকুখন নিবিষাইনে??
মোৰচোন বিষাই দেউতা!!!
মায়ে আমাক এৰি যোৱাৰ দিন ধৰি
তুমিয়েই দেউতা
তুমিয়েই মা...
মোক এনেকৈয়ে তোমাৰ মৰমৰ বান্ধোনেৰে
বান্ধি ৰাখিব দেউতা
সপোনৰ ৰাজকোঁৱৰ নিবিচাৰোঁ মই
কিয়নো...
মোৰ ওচৰত ৰজাই আছে
আৰু সেইজন হৈছে
মোৰ দেউতা...-
জীৱনৰ ডায়েৰীখনৰ প্ৰথম পৃষ্ঠাত
আছে জন্ম
একে শেষৰ পৃষ্ঠাত
আছে মৃত্যু...
মাজৰ পৃষ্ঠাবোৰ উকা
সেই পৃষ্ঠাবোৰ সম্পূৰ্ণ কৰি তোলে
মৰম,ভালপোৱা আৰু
শ্ৰদ্ধাই...-
সেইয়া ইয়াত এটি জলাধাৰ আছে
অলপ আগ বাঢ়িছোঁ
ধীৰ গতিৰে
কেতিয়াবা ক্ষিপ্ৰ গতিৰে...
আহঃ....
নাপাওঁহে নাপাওঁচোন....
বৰ পিয়াহ লাগিছে....
....
এজনে ক'লেহি
এয়া মৰীচিকা হে
ভাগৰি পৰিলোঁ দুখত
....
ভাৱিলোঁ,হাঁহিলো
এই মৰীচিকাবোৰ নো
জীৱনৰ মৰীচিকাতকৈও ডাঙৰ নে????
নহয়...
কেতিয়াও নহয় !!!-
কেতিয়াবা অজানিতে শব্দৰ
মায়াজালে নিঃশব্দ কৰি তোলে...
আৱেগৰ নৈখনে আমঠুৰ
পাৰ ভাঙিব খোজে...
নিঃস্তব্ধতাতো শুনো
অজানা কোলাহল...
শুকান মৰুভূতিতো ফুলিব খোজে
ৰংবিৰঙি কুসুম...
.......
বাস্তুৱিক জগতৰ পৰা
ইমান পৃথক নে
মোৰ কল্পনাৰ জগতখন???-
আপোনালোকৰ প্ৰিয় লেখক/লেখিকা কোন জনাবচোন🤗
মোৰ---
ৰীতা চৌধুৰী
ৰুবুল মাউত-