প্ৰতিটো সন্ধিয়াই মোলৈ কঢ়িয়াই আনে
এজাক স্বচ্ছ,হিমচেঁচা বৰষুণৰ সৈতে
এমুঠিমান সপোনৰ সমাহাৰ!-
~শব্দহীন জিলমিল জোনাক~
মোৰো লিখিব মন আছে
এটি শব্দহীন দৰদী কবিতা৷
তোমাৰ অভিমানী,ওন্দোলা
মুখখনক শিৰোনামা লৈ
এটি দৰদী কবিতা৷৷
-
মোৰ আঁউসী জীৱনৰ
তুমি অভিশপ্ত চানেকি৷
আৱেগবোৰ তোমাৰ বাবে
একো একোটি খেলনা,
আৰু অনুভৱবোৰ...
তোমাৰ কঠোৰতম হৃদয়েৰে
উপভোগ কৰাৰ পিছত
নিপাত কৰি দিব বিচৰা
এটি সুলভ মূল্যৰ সামগ্ৰী
আৰু তাৰ গৰাকী বোৰ...
তোমাৰ চাৰ্কাচখনত ব্যৱহাৰ হোৱা
একোটা জ’কাৰ......
-
উহঃ
মইযে ভাগৰি পৰিছো৷
প্ৰেম নামৰ সাগৰখনত
উটি ভাহি গৈ
এতিয়া যেন পাৰ নেদেখা হৈছো৷
সপোনবোৰ সঁচাই মায়াবী নেকি ?
আচলতে মায়াবী তুমি..
মায়াসনা তোমাৰ দুচকুৱে
সান্নিধ্যৰ স্বপ্ন দেখুৱাই
তুমি অন্য এক স্বপ্ন ৰচিছা৷
আৰু মই...
তোমাৰ প্ৰেমৰ পৰিণামদৰ্শী হৈ
ৰৈ আছো অধীৰ আগ্ৰহেৰে
আৰু হৈ পৰিছো
বেইমানী প্ৰেমিকা৷৷-
জহকালিৰ এক নিদাঘ ৰাতি
সপোন হৈ আহিছিলা তুমি
মোৰ কল্পনাৰ তামীঘৰাত৷
জোনৰ জিলমিল পোহৰত
জিলিকি থকা আকাশৰ
নক্ষত্ৰবোৰৰ দৰে উজ্জ্বলি আছিলা৷
তোমাৰ দীপ্তিমান মুখখনক দেখি
সতেজ হৈ পৰিছিল মোৰ নিস্তেজ শৰীৰ৷
নতুন প্ৰভাতৰ জ্যোতিৰ কিৰণত
জিকমিকাই উঠিছিল সপোনৰ ৰহণ৷
মোৰ মৰিচিকাময় জীৱনত এনেকৈয়ে
সদায় হৈ থাকে তোমাৰ আগমন...-
অবাৰিত সীমনালৈ বৈ যোৱা
নদীৰ সুঁতিটোৰ দৰেই ,
মৰহি যোৱা মোৰ মৰমবোৰ
বুকুৰ একোণত বৈ আছে নীৰৱে৷
তুমি নাই কি হ’ল?
তোমাৰ প্ৰতিটো স্মৃতিয়েই
সজীৱ হৈ আছে মোৰ কোমল অন্তৰত৷
মাজে মাজে দুখ নকৰাও নহয়!তোমাৰ বেজাৰত৷
দুগালেদি ধৰাশায়ী হয় দুধাৰি চকুলো
আৰু এই চকুপানীতেই নিৰ্মূল হয়
সকলো দুখ - যন্ত্ৰণা৷৷-