Kushal Narzary   (Kushal Narzary)
184 Followers · 117 Following

read more
Joined 16 January 2020


read more
Joined 16 January 2020
21 MAY 2020 AT 9:06

✍️ কুশল নাৰ্জাৰী

-


21 AUG 2021 AT 10:23

শূন্য আৰু আৰম্ভণিৰ বেছি প্ৰভেদ নাই...
শূন্য বুলি ভাৱিলেই দুভৰি থমকিব ,
আৰম্ভণি কৰিলেই জঠৰ হোৱা খোজবোৰেও বাট দেখুৱাব...💐

-


3 AUG 2021 AT 20:11

লাহে লাহে, ধীৰে ধীৰে
সময়ৰ সুঁতত মাৰ গৈছে
নিসংগতাবোৰ , মুক্ত সময়বোৰ
ব্যস্ত হৈ পৰিছোঁ❣️জীৱনৰ আহ্বানত
চিনাকি আৰু অচিনাকি মানুহৰ সংখ্যাও বাঢ়িছে,
পিছে থমকি ৰোৱা নাই🙂💚
উভতি চোৱা নাই...✌️

-


27 JUL 2021 AT 6:59

সাগৰ নহ'বা
তাত বৰ কোলাহল
তুমি নিজৰা হোৱা...❣️
হাবি-বন কাইট ভাঙি দুৰ্গম পৰ্বতীয়া বাট নেউচি
তোমাৰ বুকুত বুকুপাতি জিৰাম মই
অবিৰাম গতিত শিলৰ ঠেকাত ওলোৱা শব্দ মোৰ বৰ প্ৰিয়
বুকু শাত নপৰালৈ তোমাক চাম
চকু জুৰ নপৰালৈ অনুভৱ কৰিম...❣️

-


6 JUL 2021 AT 5:34


হৃদয়ৰো হৃদয়ৰ নিভৃত কোনত চিৰস্থায়ী শেষ নিশাৰ শেষ তৰাটিক সি কোনোকালে পাহৰিব নোৱাৰে..❣️🖐️

-


26 JUN 2021 AT 20:14

বিধস্ত অতীতে সুঁৱৰাই যায়
আধালিখা কবিতাইও পূৰ্ণতা পায়
দুখোজ আগুৱাই যোৱাৰে কথা আছিল
কান্ধত উঠি নৈখন পাৰ হোৱাৰে কথা আছিল ,
নিষ্ঠুৰ নিয়তিৰ নিয়মত তুমি আজি সীমাবদ্ধ
কিনো আছে সিটো পাৰে জুমি চোৱাৰোঁ আহৰি নাপালোঁ ;
পৰিবৰ্তনশীলতাৰ সংজ্ঞা তুমাৰ পৰাই শিকিলোঁ
তুমিয়েই কৈছিলা পশ্চিমীয়া আকাশত চলা চুক্তিৰ কথা...
পুৱতি তৰাৰ সেই গুপন ব্যথা...

-


19 JUN 2021 AT 6:16

এটি মাত্ৰ পুৱতি তৰাৰ বাবেই
প্ৰয়োজনত শত-সহস্ৰ কালৰাত্ৰিক নেউচিবলৈ সদায় প্ৰস্তুত...❤️🖐️

-


13 JUN 2021 AT 7:39

এই চিঞঁৰ কোনেনো শুনিব ,
কিয়নো শুনিব...
সিহঁত এতিয়া মাতাল...
কোনোবা ক্ষমতাৰ ৰাগিত
আন কোনোবা সুৰাৰ
নিগৰা অশ্ৰুক চেপি ৰখা মানুহ
তুমি
ওঁঠখনো চেপি ধৰা
আঘাতৰ তেজ শুকাই শিল হ‌ওঁক
উশাহবোৰ থকালৈকে
চকুহাল নুমুদিবা...

-


9 JUN 2021 AT 6:24



হৃদয়ৰো হৃদয়ৰ নিভৃত কোনত চিৰস্থায়ী শেষ নিশাৰ শেষ তৰাটিক সি কোনোকালে পাহৰিব নোৱাৰে...✨

-


5 JUN 2021 AT 6:28

চকুৰ পতাত ভাহি থকা সপোনটিক...
আনে নেদেখিলেও সি দেখা পায়
যি হালি চকুৱে সপোন দেখিবলৈ শিকাইছে
সেই চকুৰ সপোনক জানো সি আওকাণ কৰিব পাৰে
যি হালি চকুৱে
চকুত চকু থবলৈ শিকাইছে
সেই চকুত জানো সি মিছা মাতিব পাৰে
ক্ৰমান্বয়ে ঠন ধৰি উঠা জাগ্ৰত সপোনত কাৰ পৰশ
সি বুজে...
অলপতে ঘাট মাওৰা হোৱা কাৰ দুচকুৱে
তাৰ মাজৰাতি সপ্ন হৰে
ইচ্ছা কৰিও মুদিব নোৱাৰা দুচকুৱে
আদৰি লয় আন এটি নতুন প্ৰভাতক...

-


Fetching Kushal Narzary Quotes