QUOTES ON #আবেলি

#আবেলি quotes

Trending | Latest
23 FEB 2020 AT 21:32

হেঁপাহৰ বাৰিষাৰ বৰষুণজাক,
গা মন জুৰাই যোৱা বতাহজাক,
দূৰণিৰ পৰা ভাঁহি অহা বাঁহীৰ মাত ৰিণিকি-ৰিণিকি ,
কোনোবাই আওৰাইছিল প্ৰেমৰ গীত এফাঁকি,
সেই ভাললগা আবেলিটি ,
হাতত হাত থৈ পাৰ কৰিছিলোঁ যে আমি ॥

-


12 JUL 2021 AT 19:28

▪অ' আকাশ▪

বহেমিয়ান বিহংগজাকৰ দৰেই মন যায়,
সাগৰ আৰু ৰোদসীৰ স্পৰ্শতলৰ
নীলাবোৰ এবাৰ চুই চাবলৈ।
অনুভৱ ৰিক্ত হৃদয়খনে আজি
হাবাথুৰি খাই ফুৰিছে,
"অ' আকাশ নীলা অনুভৱ অলপ আঁকি দিয়া না। "

সাগৰখনচোন বহু দূৰত!
মনত পৰে সাগৰ পাৰৰ সেই বিশেষ পুৱাটি।
সাগৰৰ গৰ্ভৰ পৰা ফুলি উঠা
বেলিটোৰ সুমথিৰাই,
মোৰ চুটিকৈ বৈ পৰা চুলিখিনি
তিয়াই পেলাইছিল।
কলিজাটোৰ কোনো কোণত
সুমথিৰাখিনি সাঁচি থ'বলৈ লওঁতেই,
কিবা অভিমান কৰি আঁতৰি গৈছিল।

অ' আকাশ!
এয়াচোন আবেলিৰ ৰ'দজাকে,
দুবৰিৰ দলিচাখনত মিঠা পৰশ সানিছে।
বহেমিয়ান বিহংগজাকো ঘৰমুৱা হৈছে।
তুমিও বাৰু অলপ পৰশ সানিবানে?
নীলা আৱেগৰ,
নীলা অনুভৱৰ....?
আজি যে অনুভৱ ৰিক্ত
মোৰ জীউটো......!

-


12 OCT 2020 AT 22:49

নাহৰৰ ছায়াৰ সপোন সজোৱা পঁজালৈ
আকাশৰ আঙুলিৰ চেপাত বৈ আহে
তাৰ হেঁপাহৰ ৰাগি লগা একোটি আবেলি।।
হেৰা আবেলি, তুমি নাযাবা উৰি!
বিভাবৈৰীৰ তমসাত মোৰ হাঁহিটো খহি
চক্ষুযুগলত মাথোন উলমি থাকে
বিষাদৰ টিকটিকীয়া ৰঙা তেজ দুটুপি...!!

-


13 MAY 2019 AT 18:42

এটা আবেলিৰ সুবাসে মোক সাৱটি ধৰিছে
আৱৰি ধৰিছে স্মৃতিবোৰে।

তোমাৰ পদূলিত সৰে নে এতিয়াও শেৱালি?

-



#আবেলি.....
আকৌ এটা আবেলি তোমাৰ অপেক্ষাত...!
তুমি অহাৰ যে কোনো নিশ্চয়তা নাই,
সেয়া মই জ্ঞাত।
কিন্তু কি জানা....?
ৰৈ ভাল লাগে তোমাৰ অপেক্ষাত,
যদিওবা কেতিয়াবা বিষাদৰ জুয়ে পুৰে.....
সেই অপেক্ষাত.....!

-


30 APR 2021 AT 1:05

হেঙুল হ'ব পৰাকৈ হয়টো নিবিয়পিব পাৰে সুৰুয !

বাৰে বাৰে হেঙাৰৰ গাঁঠিত লাগি ৰ'ল আবেলি
ফিকা চাহত ডুব যোৱা কাটা বিস্কুট আৰু ল'ৰালি

গল্প তাতেই শেষ !

-


20 JAN 2020 AT 13:41

এৰি অহা আবেলিবোৰৰ
স্মৃতিয়ে আজিও আমনি কৰেহি,,
সূৰ্যাস্তৰ সাক্ষীত আপোনাৰ
আৰু মোৰ সময়বোৰে আজিও
দি যায় এটি মিঠা হাহি...

-


9 JUN 2019 AT 23:18

হেঙুলসনা আবেলিটোৱে থপিয়াই কাঢ়ে তাইৰ চকুৰ কজলাখিনি আৰু বতাহজাকৰ হতুৱাই ফুচফুচাই যায়গে তাইৰ কাণত,তেওঁৰ হেনো নৈৰ বুকুৰ শুকান পাহাৰখনলেহে চকু!

-


10 AUG 2020 AT 19:00

I am in love with,
এই আবেলিৰ ৰঙচুৱা বেলিটিয়ে
আৱৰা অকাশখনৰ,
আৰু;অচিন দেশৰ আবেগিক
বৰষুণৰ শীতল পৰশৰ..

-



তুমি এটা তেজ ৰঙা আবেলি হৈ চোৱা না,
মই এপাহ সূৰুযমুখী হৈ প্ৰণিপাত জনাম.......❤️

তুমি শৰতৰ সেই শেৱালি হৈ সৰা না,
মই দুবৰি হৈ তোমাক আকোঁৱালি যাম.........❤

-