মোৰ হৃদয়ৰ সমস্ত ভালপোৱা তোমাক দিছিলোঁ
তুমি বিস্মৃতিৰ ধোঁৱাত সকলো উৰুৱাই দিলা,
মোৰ সমস্ত সত্তাত তোমাক ৰোপন কৰিছিলোঁ
তুমি এডাল প্ৰকাণ্ড গছ হৈ শিপা পাহৰিলা-
তোমাৰ বাবে...❤️
তোমাৰ শব্দবোৰ হয়তো
আন কাৰোবাৰ বাবে!!!
কিন্তু
মোৰ শব্দবোৰ চোন
তোমাৰ বাবে
তোমাৰ বাবেই জানানে মোৰ
অৰ্থহীন শব্দবোৰৰ সৃষ্টি..
তোমাৰ বাবেইটো মোৰ
বিষাদৰ কবিতাবোৰৰ সৃষ্টি..
✍️ৰিয়া দত্ত-
১৪/০১/২০২২
এন্ধাৰ পোহৰৰ দোমোজাত আপুনি
ভ্ৰমত ডুবি মৰিছে,
জ্বলি থকা চিতাখনত আকৌ
কিয় জীৱন বিচাৰিছে!-
বিসম্বাদী ভাবধাৰা লৈ আপুনি
প্ৰেম কৰিবলৈ নাহিব,
নহ'লে প্ৰেমৰ চহৰত আপুনি
সন্ত্ৰাসবাদী বুলি বদনামী হ'ব।-
(ক)
সাংঘাটিক এক ব্যক্তিসত্তা আপুনি,
আপোনাৰ সান্নিধ্যত ফাগুন নামে মোৰ মনৰ পদুলিত।
(খ)
শুভকামনাৰে ভৰা নৈ এখন বৈ যায়,
প্ৰতিদিনে মোৰ পৰা আপোনালৈ..
কথাবোৰ সামৰি সুতৰি সেই নৈ খনতেই উতুৱাই দিওঁ মই..
(গ)
আপুনি আবেলিৰ কিনকিনিয়া বৰষুণ,
মই দুপৰীয়াৰ প্ৰচণ্ড ৰ'দ।
আপুনি নুশুধিব মোক,
আপোনালৈ মোৰ অনুৰাগ ক'ত!!!-
১.
কিহৰ উংসৱ আপোনাৰ চহৰত?
মোৰ অনুপস্থিতিৰ....!
কিহৰ উদ্ভৱ এই প্ৰহৰত?
মোৰ উচুপনিৰ.....!
আচৰিত নহয় জানো কথাবোৰ??
২.
বিষাদবোৰে মোৰ বুকুত ঘনচিৰিকাৰ দৰে বাঁহ সাজে।
কুটি কুটি খাই মোক,
মই সিহঁতৰ খাদ্য।
৩.
অনুগ্ৰহ কৰি আপুনি মোক বুজিবলৈ চেষ্টা নকৰিব।
মোক বুজিব ধৰিলে আপুনি নিজক পাহৰি যাব।-
শূণ্য যেন লাগে নিজকে,
আজিকালি।
হেৰুৱাই হেৰুৱাই বাকী ৰোৱা নাই একো..
তথাপিও যেন কিবা এটা আছে,
যিয়ে জীয়াই ৰাখিছে।
ভাললগা সময়বোৰ পাৰ হৈ যায়,
বেয়ালগাবোৰ ৰৈ যায।
জীৱন যে এনেকুৱাই...-
তেওঁ এবাৰ ৰৈ যোৱা বুলি কৈ দিওতেই
মোৰ সমস্ত অভিমান নোহোৱা হৈছিল।
তেওঁ এবাৰ আঁতৰি যাব খোজোতেই
মনে হাজাৰবাৰ হাহাকাৰ কৰিছিল।
এইয়াই জানো প্ৰেম নাছিল??-
নিশাহত হুমুনিয়াহ সৰে,
আজিকালি।
উশাহতো বুকুৰ বিষ এটি উজাই আহে।।
ক'ব লগা আছিল বহু কথা,
এতিয়া আৰু প্ৰয়োজনবিহীন।
মোৰ সজল দুচকুৰে বিষাদৰ বন্যা নমাৰ পৰত,
তেওঁৰ ওঠৰ ফাঁকত হাঁহি এটি জিলিকিছিল।
কথাবোৰ ঠিক এনেকুৱা আছিল...
আজিকালি
নিশাহত হুমুনিয়াহ সৰে,
উশাহতো মোৰ বুকুৰ বিষ এটি উজাই আহে...-