আজি সুৰুযৰ বেগেৰে আগুৱাই দিনবোৰ!
পোহৰত চিকমিক এন্ধাৰত গোমোঠা
এয়া দিন সেয়া ৰাতি
এন্ধাৰ প্ৰিয় হ'লেইতো সুৰে ধৰা দিয়ে নদীৰ খলকনিত।
এন্ধাৰৰ কবিতাবোৰৰ পোহৰত সুৰ সুকীয়া।
-
------------------------------
জীৱনৰ কাগজত মনৰ কলমেৰে আঁক -বাঁক কৰা উপলব... read more
কথাবোৰ শেষ নহ'ল
ভৰুণ ৰাতিয়ে কৈ গ'ল !
হালি-জালি শুনিছা?
কোনোবাই গোৱা আদিম গাণ!
জুৰাইনে তোমাৰ প্ৰাণ?
কথাবোৰ দেখোন শেষ নহ'ল।-
দুখিলা পাততেই সাঁচি কাহিনী অজস্ৰ
এখিলাত তোমাৰ আনখিলাত মোৰ,
বিচাৰি চালেই মৰমৰ বাটবোৰ সহস্ৰ ।-
'নীল নদীৰ বাটটো দেখিছা?'
'নাই দেখা।'
'সীমনা ভেদি চোৱা...
এই বাটেৰেই মেঘমগন হৈ আগুৱাই মন্দাকিনী আভা।'-
কেউফালে বাৰিধি
সাঁতোৰ যে কাম-চৰাই !
ঘূৰ্ণী বতাহৰ পাকত
সাৰ পাই থাকে
ভোকৰ আমনিত যামিনী।
যুযুধান মন উৰ্মিময়।-
বেজাৰৰ ঠিকনা বিচাৰি চালোঁ,
বাগৰ সলোৱা নিমাতী ৰাতিত।
মনৰ একোণত কেনেদৰে ৰোহ-ঘৰ সাজিলোঁ নিজেই নাজানিলো।-
আজিৰ সপোনটো আনৰ বাবে নাসাচো
অৱশ্যে নিজৰ বুলিলেও সঁচা নহয়।
উপচি পৰা ৰঙৰ মূল্যায়ন কোনে কৰে?
সময়ে নে অসময়ে?
এন্ধাৰত বাৰুদবোৰ বুকুত ঠাহ খাই পৰে
হেৰাই যায় ভাল সপোনৰ ভাল কথা।
পোৰণি উঠিলে ঘুমটি ভাঙি যায়
নিজৰ বিচনাতে তথাপিও চকুযোৰ মুদি দিওঁ।
এৰি অহা দিনবোৰ পুনৰাই পোৱাৰ স্বাৰ্থ যে লুকুৱাই ৰাখিছোঁ।
-
উৰিব খুজিলেই উৰি যাওঁ
আকাশৰ চিনাকি বাটচ'ৰাৰে!
কালি গোজঁ মাৰি থোৱা ডালবোৰত অভিমানবোৰ ফুলি উঠোতে,
মৌ-পিয়াৰ জাকটোৱ জোকাই গ'ল মনটোক।
শব্দবোৰ নিচুকাই উৰিব ধৰিলো,
বহুপৰ আগতেই উৰুঙা আকাশত অভিমানবোৰে মেঘ হৈ ঠেহ পাতিছিল।-
কঠিয়াতলিৰ আপোন গোন্ধটো তোৰ কলাফুলত লাগি অহাৰে পৰাই
তোৰ খোজবোৰেৰে উকিয়াই গছিল শাওণ।
নাঙলত ভৰ দি আওজি ৰৈছিল নিমাতে ৰোৱা দুপৰীয়া।
তই আনৰ হোৱাৰ আগতে,
এনেকৈয়ে পাৰ হৈছিল কেইবাটাও শাওণৰ স্তৱক।-
মই শাওণৰ দৰেই থাকিম
তুমি আহিনৰ দৰেই আহিবা।
মই পথাৰৰ দৰেই থাকিম
তুমি সমীৰৰ দৰেই উৰিবা।
আজি মাঁথো
আমাৰ ৰঙৰ গুজববোৰ শুনি ৰও আহা।-