সেউজ প্ৰিয়া 💚   (✍Hiya হেঁপাহৰ সপোন🌼)
471 Followers · 102 Following

read more
Joined 14 November 2019


read more
Joined 14 November 2019

#জীৱন
জীৱনৰ এনেকুৱা কিছুমান ঠাইত
অৱতীৰ্ণ হৈছিলা নে য'ত ,
ক'বলৈ আৰু ৰʼবলৈ একো নাথাকে...
স্মৃতি বোৰক ৰোমন্থন কৰাৰ বাহিৰে.......
সেয়া লাগিলে ল'ৰালিৰে হওঁক বা যৌৱনৰে .......

🍁

-



পৰিবৰ্তন
✿✿✿✿✿✿
সময়ৰ..!!
সপোনৰ..!!
অনুভৱৰ...!!
অভিমানৰ....!!

কিন্তু কিয়???
ফাগুনক আদৰিবলৈ !
নে সৰাপাতৰ সুগন্ধত সপোন ৰচিবলৈ!
নে হাঁহিবলৈ ৰৈ থকা শিমলুত প্ৰেমৰ ৰং বিচাৰিবলৈ !

-



কিছুমান সময়ক ৰখাই থব পৰা হ'লে;
ভাল সময়লৈ কৰা অপেক্ষা বোৰ মন‌ পৰশা নহ'লেহেতেন।
বিচৰা ধৰণে সকলো খিনি পোৱা হ'লে,
মনৰ মাজত থকা হেঁপাহবোৰৰ অনুভৱ বোৰে জীৱন‌টো জীয়াবলৈ সাহস প্ৰদান নকৰিলেহেতেন ।

-



যেতিয়া আঘাট বোৰ গভীৰ হব ধৰে,
সময় বোৰ দীঘলীয়া হৈ উঠে,
আত্মবিশ্বাস বোৰ ঠুনুকা হৈ পৰে,
ভবিষ্যতৰ সপোনবোৰত বাউল লগা যেন লাগে।
আৰু
যন্ত্রণা বোৰে ?
যন্ত্ৰণা বোৰে প্ৰকাশিত হবলৈ,
সংগ বিচাৰি ফুৰে,
কেতিয়াবা চকুলো ৰূপে সৰে;
কেতিয়াবা মৌনতাৰ ৰূপ লৈ নীৰৱ হৈ পৰে।

-



#ভালপোৱা
নাজানো মৰমবোৰ কিমান গভীৰ হ'লে,
ভালপোৱা বোৰে পূর্ণতা পায়,
সচাঁকৈ নাজানো,প্ৰকৃততে ভালপোৱা মানে নো কি?
কিন্তু এটাই জানো ভালপোৱা বোৰে কেৱল ভাল পাব জানে,
মৰম দিব জানে, বুজিও নুবুজা অভিমানবোৰো ভালপোৱাৰ বাবেই বুজি উঠে, আঁতৰি থাকিবলৈ বহু কাৰণ থাকিব পাৰে, কিন্তু ভালপোৱা বোৰে যে কেৱল ভাল পাব জানে সেয়েহে, ভালপোৱা বোৰে আঁতৰি থাকিবই নিদিয়ে।
নাজানো সচাঁকৈ ভালপোৱা নো কি?
এটায় জানো ভালপোৱা বোৰে কেৱল মৰম বিলাব জানে, দূৰত থকা বা ওচৰত থকাৰ পাৰ্থক্য নুুবুজে, নুবুজে কোন কিমান ঠগ, নাজানে কোন কিমান চতুৰ, জানে কেৱল হিয়া উজাৰি ভাল পাবলে।
এয়ায় ভালপোৱা যি নিস্বাৰ্থ আৰু নীৰৱভাবে বৈ যায়।
এই ভালপোৱাবোৰ কোনো অবহেলাৰ বাবে কমি নাযায়। ব্যস্ততাৰ বাবেও হেৰাই নাযায়।
হয় এয়ায় ভালপোৱা মৰম আৰু বিশ্বাসৰ সংযোগ ৰ। এনেদৰেই ভালপোৱা বোৰে ভালপোৱা বিলাই যায়, গভীৰৰ পৰা সুগভীৰ অনুভৱলৈ চৰ্ত হীন আৰু স্বার্থহীন ভাৱে।
এয়া ভালপোৱা পৰিয়ালৰ বাবেও হব পাৰে, সুগভীৰ বন্ধুত্বৰ বাবেও হব পাৰে, প্ৰিয় ব্যক্তিৰ বাবেও হব পাৰে।

-



ভগবান আছে মনত,
সঁচানে বুলি নকব,
বিশ্বাসক জানো চকুৰে দেখিব পাৰি..!!
অনুভৱ আছে অন্তৰত,
কিমান গভীৰ বুলি নুসুধিব,
সীমাহীন অনুভৱৰ সাগৰখনৰ গভীৰতা জানো কোনোৱাই জুখিব পাৰি.!!
চকু মুদি উশাহৰ গভীৰতা খিনি অনুমান কৰিবচোন,
বিশ্বাস আৰু অনুভূতি নিজে নিজেই আহি,
দুই ওঁঁঠত ৰঙীন হৈ জিলিকিব..

-



#দস্তাবেজ
কিছুমান বস্তুক বুজিব চেষ্টা কৰাটো অনৰ্থক,
লাগিলে সেয়া,
মন ভাল লগোৱা সপোন বোৰেই হওঁক,
বা,
চিনাকি আপোন বোৰেই হওঁক.....

-



Gujor goyi boh bokt,
Joha hum bhi kisi ki intejaar mei,
Nomi bhori akho se,
Milne ki khowaish se,
Hor din gujarti thi,
Dofna diya boh batte dil mei,
Jo bate har bokt yado mei ati thi,
Ab na khas hei koi,
Na hi kisiko khas bonanne ki,
Kosis hei,...!
Kus nehi ,
Bus ase hi somoy ki llohre se,
Khud ko somvalke,
Apne rahe ko apna banane ki,
Toiyari hei......

-



Oy suno,
Bas uhi atche nehi lagte,
kisi are gere ko,
Dil hei,
Ak khas insan ki hi adt bon Jay to,
Us adt hi special ho jate hei,
College ki auditorium ya hall nehi hei,
Ki sobko simot liya....

-



#আবেলি.....
আকৌ এটা আবেলি তোমাৰ অপেক্ষাত...!
তুমি অহাৰ যে কোনো নিশ্চয়তা নাই,
সেয়া মই জ্ঞাত।
কিন্তু কি জানা....?
ৰৈ ভাল লাগে তোমাৰ অপেক্ষাত,
যদিওবা কেতিয়াবা বিষাদৰ জুয়ে পুৰে.....
সেই অপেক্ষাত.....!

-


Fetching সেউজ প্ৰিয়া 💚 Quotes